নতুন দিল্লী: অৱশেষত মণিপুৰত আজি অৰ্থাৎ বৃহস্পতিবাৰৰ নিশাৰে পৰা জাৰি কৰা হ'ল ৰাষ্ট্ৰপতি শাসন ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক অধিসূচনা জাৰি কৰি এই কথা ঘোষণা কৰে ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা এন বীৰেণ সিঙে দেওবাৰে সন্ধিয়া পদত্যাগ কৰিছিল ৷ ইয়াৰ পাছত শাসকীয় বিজেপি দলে ৩ দিনতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যখনত কাকো মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰিব নোৱাৰিলে ।
ইফালে ৬ মাহৰ ভিতৰত বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ সময়সীমাও আজি সমাপ্ত হয় । ফলত স্বাভাৱিকতে শাসক দল বিজেপি বিভিন্ন পক্ষৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয় ৷ আনহাতে মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰৰ আইন-শৃংখলাৰ অৱস্থা ভয়াৱহ হৈয়েই আছে ।
দেওবাৰে মুখ্যমন্ত্ৰী বীৰেণ সিঙে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত ৰাজ্যপালৰ আহ্বানমৰ্মে তেওঁ ৰাজ্যখনৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি আছিল ।
ইয়াৰ মাজতে আজি সন্ধিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক অধিসূচনা জাৰি কৰি মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰে ৷ উল্লেখ্য যে, মণিপুৰত এইবাৰ একাদশ বাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে ৷
লগতে পঢ়ক: মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বীৰেন সিঙৰ