ETV Bharat / state

হাঁহিৰ জৰিমনা ! ফেচবুকৰ কমেণ্টত হাঁহিৰ ইম’জি দি ল’বলগীয়া হ’ল জামিন - ACCUSED FOR LOUGH EMOJI

'আজি মেকআপত নাই নেকি মেম'-ফেচবুকৰ কমেণ্টত হাঁহিৰ ইম’জি ৷ আই এ এছ বিষয়াই তঁৰিলে গোচৰ । দুবছৰৰ পিছত জামিন ল’লে হাঁহিৰ ইম’জি দিয়া ব্যক্তিয়ে ।

Court granted BAIL to accused for lough  emoji in IAS officer's FB post comment
হাঁহিৰ জৰিমনা ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2025, 10:50 PM IST

কোকৰাঝাৰ: হাঁহি জগতৰ অমূল্য সম্পদ বুলি কোৱা হয় যদিও হাঁহিৰ বাবেই জামিন ল’বলগীয়া হৈছে এজন লোকে । ফেচবুকত ইম’জি দিওতে এতিয়াৰে পৰা আপুনি সাৱধান হ’বৰ হ’ল । কিয়নো ফেচবুকত আনৰ কমেণ্টত হাঁহিৰ ইম’জি দি বিপদত পৰিল এজন ব্যক্তি । আনকি হাঁহিৰ ইম’জি দি দুবছৰৰ পিছত ন্যায়ালয়ত গৈ জামিন ল’ব লগা হৈছে এজন ব্যক্তিয়ে ।

ব্যক্তিজনে বৃহস্পতিবাৰে নিজৰ ঘৰৰ পৰা ২০০ কিঃমিঃ দূৰলৈ গৈ ন্যায়ালয়ত হাজিৰ হ’বলগীয়া হ’ল । অধিবক্তাৰ জড়িয়তে জামিন লৈহে কোনোমতে ৰক্ষা পৰিল জে’ল যাত্ৰাৰ পৰা ব্যক্তিজন । কথাষাৰ শুনিবলৈ আচৰিত যেন লাগিলেও এই ঘটনা ঘটিছে এইখন অসমতে । এই ঘটনা ঘটিছে ঢেকীয়াজুলিৰ অমিত চক্ৰৱৰ্তী নামৰ এগৰাকী সাধাৰণ ব্যক্তিৰ সৈতে ।

হাঁহিৰ জৰিমনা ! (ETV Bharat Assam)

এগৰাকী আই এ এছ বিষয়া তথা জিলা উপায়ুক্তৰ ফেচবুক পোষ্টত আনে দিয়া কমেণ্টত হাঁহিৰ ইম’জি দি এই অনাহূত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে অমিত চক্ৰৱৰ্তী । তদানীন্তন কোকৰাঝাৰৰ উপায়ুক্ত, বৰ্তমান নলবাৰীৰ উপায়ুক্ত আই এ এছ বৰ্ণালী ডেকাই তৰা এটা গোচৰৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে কোকৰাঝাৰ চি জে এম আদালতত জামিন ল’বলগীয়া হয় অমিত চক্ৰৱৰ্তী নামৰ লোকজনে ।

কি আছিল ঘটনাটি:

জামিন লাভ কৰা অমিত চক্ৰৱৰ্তীৰ অধিবক্তা বীৰু সাহাই জনোৱা ঘটনাৰ তথ্য আৰু গোচৰৰ বিৱৰণী মতে ২০২৩ চনত কোকৰাঝাৰত জিলা আয়ুক্ত হৈ থকা সময়ত আই এ এছ বৰ্ণালী ডেকাৰ ফেচবুক পোষ্টত নৰেশ বৰুৱা নামৰ লোকে এটা কমেণ্টত মাত্ৰ এশাৰী বাক্য লিখিছিল । বাক্যশাৰী আছিল "আজি মেকআপত নাই নেকি মেম !" এই বাক্যশাৰীৰ ওপৰত ঢেকীয়াজুলিৰ অমিত চক্ৰৱৰ্তীয়ে এটা হাঁহিৰ ইম’জি দিছিল ।

Court granted BAIL to accused for lough  emoji in IAS officer's FB post comment
হাঁহিৰ জৰিমনা ! (ETV Bharat Assam)

এই হাঁহিৰ ইম’জি দিয়াৰ বাবেই সেই সময়ৰ কোকৰাঝাৰ জিলা আয়ুক্ত তথা আই এ এছ বিষয়া বৰ্ণালী ডেকাই কোকৰাঝাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল । কোকৰাঝাৰ আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা গোচৰ নং হৈছে 120-B/354-D(1)/500/509/66 । ২০২৩ চনৰ ২৪ এপ্ৰিল তাৰিখত কোকৰাঝাৰ আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা গোচৰ বাবে বৃহস্পতিবাৰে কোকৰাঝাৰ জিলা আদালতত জামিনৰ আবেদন কৰিবলৈ আহিব লগা হ’ল ঢেকীয়াজুলীৰ অমিত চক্ৰৱৰ্তী ।

অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হয় অমিত চক্ৰৱৰ্তীয়ে । গোচৰটো ফেচবুকত কমেণ্ট দিয়া নৰেশ বৰুৱা, কমেণ্টটোত হাঁহিৰ ইম’জি দি চৰ্ত সাপেক্ষ জামিন লাভ কৰা অমিত চক্ৰৱৰ্তী আৰু আবদুল এছ চৌধুৰী এই তিনিজনৰ বিৰুদ্ধে তৰা হৈছিল ।

হাঁহিৰ ইম’জি দিয়া অমিত চক্ৰৱৰ্তীয়ে কি কয় ?

ফেচবুকত হাঁহিৰ ইম’জি দি বিপৰ্যয়ত পৰা অমিত চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয়, “সাধাৰণতে আমি ফেচবুকত দিনটোত বহু ৰিয়েকচন দিও । য’ত লাইক, কেয়াৰ, হাঁহি, দুখ লগা আদি ইম’জি থাকে । মই ইম’জিটো দিওতে গমেই পোৱা নাছিলো যে তেঁও এগৰাকী আই এ এছ বা ডি চি বুলি । এটা কমেণ্ট আহিল, মই ফানী পালোঁ । মই তাত হঁহাৰ ৰিয়েক্ট কৰি দিলো ।"

তেওঁ লগতে কয়, "এইটো ২০২৩ৰ কথা । মোলৈ কোকৰাঝাৰ থানাৰ অ’চিৰ পৰা ফোন আহিছে ২০২৫ৰ ২৩ জানুৱাৰীত যে আপোনাৰ নামত এটা কেছ আছে । মই মোলৈ চমন পঠিয়াবলৈ কও । অ’চিয়ে গোচৰৰ সবিশেষ ক’বলৈ ইচ্ছা নকৰাত মই অধিবক্তাৰ সহায় লও । তেতিয়া মই গম পাওঁ যে তেতিয়াৰ কোকৰাঝাৰৰ আয়ুক্ত বৰ্ণালী ডেকা মহাশয়াই মই মাত্ৰ হঁহাৰ ৰিয়েক্ট কৰাৰ কাৰণে মোৰ ওপৰত এটা গোচৰ তৰিছে । মই আচৰিত হৈছো যে মই এটা হাঁহিৰ ৰিয়েকচন দিয়াৰ বাবে মই ঢেকীয়াজুলিৰ পৰা কোকৰাঝাৰলৈ আহিবলগীয়া হ’ল । বেইল পিটিচন দাখিল কৰি বেইল ল’বলগীয়া হ’ল । মই বৰ দুখ পাইছো ।”

লগতে তেঁও কয়, “এগৰাকী ডি চিৰ ওচৰলৈ কিমানে কিমান কাম লৈ যায় ! ২০২৩ ত কি ৰিয়েক্ট কৰিছিলো মোৰ মনতেই নাই । এফ আই আৰ চাইহে গম পাইছিলো যে মই তাত হঁহাৰ ৰিয়েক্ট কৰিছিলো । মোৰ অধিবক্তাই কোৱা মতে মই নৰেশ বৰুৱা নামৰ এজন লোকে কৰা এটা কমেণ্টত মই হঁহাৰ ৰিয়েক্ট কৰিছিলো । হঁহাৰ কাৰণেই মই আজি ইমানখিনি হাৰাছমেণ্ট পালো । ক'ৰ্টলৈ দৌৰিবলগীয়া হ’ল ।"

চক্ৰৱৰ্তীয়ে লগতে কয়, "হঁহাৰ কাৰণেই মই ইমানখিনি কষ্ট পালো । তাকো এগৰাকী আই এ এছ অফিচাৰৰ পৰা । আজি মোৰ অসুখীয়া, মা ঘৰত অকলশৰীয়াকৈ থাকিবলগীয়া হৈছে । হাঁহিৰ বাবেই আমি মই অপৰাধী !" মনত দুখ থাকিলেও অৱশেষত সুদূৰ ঢেকীয়াজুলি পৰা কোকৰাঝাৰলৈ আহি জামিন লাভ কৰিবলৈ সক্ষম হৈ স্বস্তিৰ নিশ্বাস পেলাইছে হাঁহিৰ বাবে বিপৰ্যয়ত পৰা অমিত চক্ৰৱৰ্তীয়ে ।

লগতে পঢ়ক: অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়াই ল'লে চৰম পথ - MYSTERIOUS DEATH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.