নতুন দিল্লী: মণিপুৰৰ ৰাজনৈতিক সংকট অব্যাহত আছে ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা এন বীৰেণ সিঙে পদত্যাগ কৰাৰ ৩ দিনতকৈও অধিক সময় হৈ গ’ল যদিও ৰাজ্যখনত এতিয়ালৈকে কাকো মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হোৱা নাই । ইফালে ৬ মাহৰ ভিতৰত বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ সময়সীমাও আজি সমাপ্ত হৈছে । ইয়াকে লৈ সমালোচনামুখৰ হৈ পৰিছে কংগ্ৰেছ দল ৷
বৃহস্পতিবাৰে কংগ্ৰেছে অভিযোগ কৰে যে দুখন বিধানসভাৰ অধিৱেশনৰ মাজত ছমাহতকৈ অধিক ব্যৱধান থাকিব নোৱাৰে বুলি উল্লেখ কৰা ১৭৪ নং অনুচ্ছেদক মণিপুৰত ‘উলংঘা’ কৰা হৈছে আৰু এইটো ‘ইচ্ছাকৃতভাৱে সংবিধানক অৱমাননা’ ৷ দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে X ত কয় যে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত মণিপুৰৰ জনসাধাৰণে এতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অপেক্ষা কৰি আছে ।
The #Congress on Thursday said Article 174, which stipulates that there cannot be more than a six month gap between two Assembly sessions, has been " violated" in #Manipur and alleged that this is a "deliberate contempt of the Constitution."https://t.co/b2NfvLoGyc
— The Hindu (@the_hindu) February 13, 2025
ৰমেশে X ত এই সন্দৰ্ভত কয়, “ভাৰতীয় সংবিধানৰ ১৭৪ নং অনুচ্ছেদত কোৱা হৈছে- ‘ৰাজ্যপালে বিধানসভাৰ প্ৰতিটো সদন বা সদনক সময়ে সময়ে তেওঁ উপযুক্ত বুলি ভবা সময়ত আৰু স্থানত বৈঠকত মিলিত হ’বলৈ আহ্বান জনাব লাগে, কিন্তু এখন অধিবেশনৰ অন্তিমখন বৈঠকৰ বাবে নিৰ্ধাৰণ কৰা তাৰিখৰ পৰা পৰৱৰ্তী অধিবেশনত প্ৰথমখন বৈঠকৰ বাবে নিৰ্ধাৰণ কৰা তাৰিখৰ মাজত ছমাহতকৈ অধিক সময় হ’ব নালাগিব ৷"
তেওঁ কয় যে মণিপুৰৰ ৰাজ্যপালগৰাকীয়ে ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীত বিধানসভাৰ অধিৱেশন আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল আৰু কংগ্ৰেছে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱটো বিবেচনা কৰিবলগীয়া আছিল ৷ কিন্তু ইয়াৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছিল আৰু পৰৱৰ্তী সময়ত অধিৱেশনখন বাতিল কৰা বুলি ঘোষণা কৰা হৈছিল ।
কংগ্ৰেছ নেতা জয়ৰামে X ত লগতে কয়, “এতিয়া ছমাহ পাৰ হৈ গ'ল । ১৭৪ অনুচ্ছেদ স্পষ্টভাৱে উলংঘা কৰা হৈছে । এয়া সংবিধানক ইচ্ছাকৃত অৱজ্ঞাৰ বাহিৰে আন একো নহয় ।"
ৰমেশে কয়, "এয়া অৱশ্যে আচৰিত কথা নহয়, কাৰণ ২০২৩ চনৰ ১ আগষ্টত উচ্চতম ন্যায়ালয়ে কৈছিল যে 'ৰাজ্যখনত সাংবিধানিক ব্যৱস্থাৰ নিৰপেক্ষ ভাঙোন হৈছে' । সেই ভাঙোন আৰু মণিপুৰৰ জনসাধাৰণৰ যন্ত্ৰণা অব্যাহত আছে কাৰণ তেওঁলোকে এতিয়াও মণিপুৰৰ বাহিৰে সকলো ঠাইলৈ যোৱা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে অপেক্ষা কৰি আছে ।"
মঙলবাৰে কংগ্ৰেছে প্ৰশ্ন কৰিছিল যে মণিপুৰৰ ৰাজ্যপালে সাংবিধানিকভাৱে নিৰ্ধাৰিত অধিৱেশনৰ বাবে মণিপুৰ বিধানসভাক আহ্বান নকৰি কিয় এই অনুচ্ছেদ ‘উলংঘা’ কৰিছে । মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা এন বীৰেণ সিঙে পদত্যাগ কৰাৰ কিছুদিন পিছতে তেওঁ এই মন্তব্য কৰে ।
কংগ্ৰেছে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা সিঙৰ পদত্যাগক ‘বিলম্বিত’ বুলি অভিহিত কৰি কয় যে ৰাজ্যখনৰ জনসাধাৰণ এতিয়া “সঘনাই বিমান উৰুওৱা আমাৰ প্ৰধানমন্ত্ৰী”ৰ ভ্ৰমণৰ বাবে অপেক্ষা কৰি আছে ।
২০২৩ চনৰ মে’ মাহত ৰাজ্যখনত জাতিগত হিংসা সংঘটিত হোৱাৰ পিছত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে ৷