ETV Bharat / entertainment

অসমীয়া ভাষাৰ প্ৰাধান্যৰে বলিউডৰ ছবিৰ দৃশ্যগ্ৰহণ ডিব্ৰুগড়ত - SHOOTING OF BOLLYWOOD FILM

OMG-2ৰ পৰিচালক অমিত ৰায়ৰ নিৰ্দেশনাত আৰম্ভ হ'ল 'সেনাপতি'ৰ শ্বুটিং ।

Shooting of Bollywood film in Assam
ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত বলিউডৰ ছবিৰ দৃশ্যগ্ৰহণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2025, 7:23 PM IST

মৰাণ : প্ৰথমবাৰৰ বাবে অসমীয়া ভাষা ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰি নিৰ্মাণ হ'ব এখন বলিউডৰ ছবি । ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে ডিব্ৰুগড়ত বলিউডৰ ছুপাৰহিট ছবিৰ পৰিচালক অমিত ৰায়ৰ নেতৃত্বত এটা দলে বিগত কেইবাদিন ধৰি বাহৰ পাতি আছে । ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণৰ স্থান পৰিদৰ্শন কৰা পাছত ছবিখনৰ শ্বুটিং শনিবাৰৰ পৰা আৰম্ভ হৈছে ।

ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত বলিউডৰ ছবিৰ জড়িয়তে উজলি উঠিব বিশ্ববাসীৰ সন্মুখত । বলিউদৰ OMG-2ৰ পৰিচালক অমিত ৰায়ৰ নিৰ্দেশনাত নিৰ্মাণ হ'বলগীয়া 'সেনাপতি' নামৰ ছবিখনৰ শ্বুটিঙৰ মহুৰত শনিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় । ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত ই এণ্ড ডি ক'লনীত মাংগলিক কাৰ্যসূচীৰে দৃশ্যগ্ৰহণৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পাছতে মোহনাঘাটত আৰম্ভ কৰে ছবিখনৰ প্ৰথমটো দৃশ্যগ্ৰহণ ।

ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত বলিউডৰ ছবিৰ দৃশ্যগ্ৰহণ (ETV Bharat Assam)

দৃশ্যগ্ৰহণ চাবলৈ ডিব্ৰুগড়ৰ ৰাইজৰ ভিৰ

জাৰ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া বলিউডৰ ছবিখনৰ শ্বুটিং ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰত ২৫ দিন ধৰি চলিব । আনহাতে, ছবিখনৰ বাবে ডিব্ৰুগড়ৰ পৰা ৯৮ শতাংশ কলা-কুশলীক নিৰ্বাচন কৰা হৈছে । তদুপৰি গুৱাহাটীৰ সুলক্ষণা বৰুৱাই অভিনয় কৰিব এই ছবিখনত । অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম আৰু আছাম চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সহযোগত ডিব্ৰুগড়ত শ্বুটিং চলিছে 'সেনাপতি' নামৰ এই ছবিখনৰ ।

পৰিচালক অমিত ৰায়ে প্ৰকাশ কৰা মতে, এটি শিশু আৰু কুকুৰক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰা হৈছে । ডিব্ৰুগড়ত শ্বুটিঙৰ সময়ত ছবিখনৰ প্ৰতিটো দৃশ্যতে ব্যৱহাৰ হ'ব অসমীয়া ভাষা । ইফালে, ছবিখনৰ মহুৰতৰ কাৰ্যসূচীত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে অংশগ্ৰহণ কৰি ছবিখনে সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ।

উল্লেখ্য় যে ডিব্ৰুগড়ৰ 'আখৰা ঘৰ'ত ছবিখনৰ বাবে নিৰ্বাচিত অসমীয়া কলা-কুশলীসকলক বিগত কেইবাদিনো প্ৰশিক্ষণ প্ৰদান কৰে পৰিচালকে । ডিব্ৰুগড়ৰ অতি পুৰণি নাট্য প্ৰশিক্ষণ কেন্দ্র 'আখৰা ঘৰ'ৰ ভালেমান নাট্যকৰ্মীয়েও ভুমুকি মাৰিব বলিউডৰ ছবিখনত ।

অসম চৰকাৰক ধন্যবাদ অমিত ৰায়ৰ :

'সেনাপতি' ছবিখনৰ দৃশ্যগ্ৰহণৰ মহুৰত আজি ডিব্ৰুগড়ত আৰম্ভ কৰাৰ পাছতেই পৰিচালক অমিত ৰায়ে কয়, "ডিব্ৰুগড়ত ছবিৰ দৃশ্যগ্ৰহণ কৰিবলৈ পোৱাটো আমাৰ বাবে সন্মান । অসম চৰকাৰৰ সহযোগত এই ছবি নিৰ্মাণ হ'বলৈ আগবাঢ়িছে তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছো । অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে অসম ঘূৰি দৃশ্যগ্ৰহণৰ বাবে স্থান নিৰ্বাচন কৰিবলৈ আহ্বান জনাইছিল যদিও ডিব্ৰুগড় চহৰখন ভাল লাগিল ৷ সেয়ে ইয়াতেই কাম আৰম্ভ কৰিছো । ছবি খনত ৯৮ % স্থানীয় অভিনেতা-অভিনেত্ৰীয়ে কাম কৰিব ।"

অসমৰ পৰ্যটন উদ্যোগটো অধিক লাভাম্বিত হ'ব:

ছবিখনৰ মহুৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰি সীমান্ত শেখৰে কয়, "অসমত আজিৰ তাৰিখত বিভিন্ন ভাষাৰ ছবিৰ দৃশ্যগ্ৰহণ হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত আমি যোগাযোগ সুচল কৰিবলৈ সক্ষম হোৱাত এনে পৰিবেশ সৃষ্টি হৈছে । ডিব্ৰুগড়ত বলিউডৰ ছবিৰ দৃশ্যগ্ৰহণ হোৱাটো ডাঙৰ কথা বুলি নাভাবিলেও এই ছবিখনৰ জৰিয়তে অসমৰ পৰ্যটন উদ্যোগটো অধিক লাভাম্বিত হ'ব । "

লগতে পঢ়ক:প্ৰকৃততে ৰাজীৱ শদিয়াৰ গান চুৰি কৰিছিল নেকি ! মুখ খুলিলে সীমান্ত শেখৰে ? - SONG COPY CONTROVERSY

প্ৰথম দেখাতে দাদুলৰ চকুত ৰৈ গৈছিল মিনাক্ষীৰ ছবি, আজি এজন আনজনৰ জীৱন বাটৰ সাহসী সাৰথি - ARTIST DADUL CHALIHA INTERVIEW

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.