হায়দৰাবাদ: নিজৰ দেশৰ হৈ ক্ৰিকেট খেলাটো সকলোৰে সপোন আৰু যেতিয়া এই সপোন এটা অনন্য অভিলেখেৰে পূৰণ হয় তেতিয়া ই এক স্মৰণীয় সপোন হৈ পৰে । যেতিয়া কোনো ক্ৰিকেটাৰে যিকোনো ফৰ্মেটত অভিষেক ঘটায় তেতিয়া সেই দিনটো সেই ক্ৰিকেটাৰৰ বাবে বিশেষ হয় । কাৰণ মেচৰ আগতে সেই খেলুৱৈজনৰ নাম প্লেইং এঘাৰত লিখা হয় আৰু তাৰ পিছত খেলপথাৰত এটা সৰু ইভেণ্টৰ আয়োজন কৰা হয় য’ত অভিষেক ঘটোৱা ক্ৰিকেটাৰজনক এজন জ্যেষ্ঠ ক্ৰিকেটাৰে ডেবিউ কেপ দিয়ে । যাৰ ওপৰত এতিয়ালৈকে দেশৰ হৈ অভিষেক ঘটোৱাসকলৰ সংখ্যা উল্লেখ কৰা হৈছে ।
আমোদজনক কথাটো হ’ল যেতিয়া কোনো খেলুৱৈয়ে এই ইভেণ্টত তথা প্লেইং ইলেভেনত নাম নথকা সত্ত্বেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায় তেতিয়া সেইজন খেলুৱৈৰ বাবে ই অলপ কম উত্তেজনাৰ দিন হৈ পৰে কিন্তু দেশৰ হৈ খেলিবলৈ তেওঁৰ আবেগ আৰু উৎসাহ কমি নাযায় ।
প্লেইং ইলেভেনত অন্তৰ্ভুক্ত নোহোৱা খেলুৱৈৰ সংখ্যা বেছি নহয়, সেইসকল খেলুৱৈয়ে আই চি চিৰ কনকাচন চাবষ্টিটিউট ৰুলৰ অধীনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাই দেশৰ হৈ খেলিছিল । ভাৰতৰ হৰ্ষিত ৰাণাৰ উপৰিও এই খেলুৱৈসকলৰ ভিতৰত আছে পাকিস্তান, ইংলেণ্ড, আফগানিস্তান, আয়াৰলেণ্ড আৰু জিম্বাবুৱেৰ খেলুৱৈ ।
আই চি চিৰ কনকাচন চাবষ্টিটিউট ৰুল কি?
মূৰ বা ডিঙিত আঘাতপ্ৰাপ্ত খেলুৱৈক সুৰক্ষা দিবলৈ কনকাচন চাবষ্টিটিউট ৰুল প্ৰৱৰ্তন কৰা হৈছিল, যাতে সমান বিকল্প খেলুৱৈৰ সৈতে খেল চলি থাকিব পাৰে । আই চি চিয়ে ২০১৯ চনৰ ১ আগষ্টত সকলো আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটতে কনকাচন চাবষ্টিটিউট ৰুল প্ৰৱৰ্তন কৰে ।
কিছুমান চৰ্তৰ সৈতে কনকাচন চাবষ্টিটিউট ৰুল প্ৰযোজ্য হয় । প্ৰথম চৰ্ত হ’ল খেলপথাৰত আঘাতপ্ৰাপ্ত হ’ব লাগিব আৰু দলৰ চিকিৎসা প্ৰতিনিধিৰ আনুষ্ঠানিক চিকিৎসাৰ ভিত্তিত প্ৰতিস্থাপন কৰিবলৈ অনুৰোধ কৰাৰ সিদ্ধান্ত লোৱা হয় ।
তাৰ পিছত দলটোৰ চিকিৎসা, কৰ্মচাৰী বা মেনেজাৰে আই চি চিৰ মেচ ৰেফাৰীক কনকাচন সলনি কৰাৰ অনুৰোধ দাখিল কৰিব লাগিব, য’ত কাণ্ডৰ বিশদ বিৱৰণ, চিকিৎসা মূল্যায়ন আৰু লাইক ফৰ লাইক ৰিপ্লেচমেণ্টৰ বিষয়ে উল্লেখ কৰিব লাগিব ।
মেচৰ ৰেফাৰীৰ হাতত প্ৰতিস্থাপনৰ চূড়ান্ত সিদ্ধান্ত থাকে; এবাৰ খেলুৱৈক বাদ দিলে মেচৰ সময়ত সুস্থ হৈ উঠিলেও তেওঁক ঘূৰি আহিবলৈ দিয়া নহয় ।
কনকাচন চাবষ্টিটিউট ৰুলৰ অধীনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা খেলুৱৈসকল
১) ব্রায়ান মুডিংগানিয়ামা (টেষ্ট, জিম্বাবুৱে, ২০২০)
জিম্বাবুৱেৰ ব্রায়ান মুডিংগানয়ামাই কেভিন কাছুজাৰ আঘাতৰ বাবে শ্রীলংকাৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে৷ অভিষেক মেচখনত ব্রায়ানে ২টা চাৰিৰ সহায়ত ৬২টা বলত ১৬ ৰাণ সংগ্ৰহ কৰে ।
২) নীল ৰক (এদিনীয়া, আয়াৰলেণ্ড, ২০২২)
আয়াৰলেণ্ডৰ নীল ৰকে ২০২২ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কনকাচন চাবষ্টিটিউট হিচাপে এদিনীয়াত অভিষেক ঘটায় । এণ্ডি মেকব্ৰাইনৰ আঘাতৰ বাবে তেওঁক দলত অন্তৰ্ভুক্ত কৰা হয় । সেই মেচখনত নীলে ৯টা বলত ৫ ৰাণ কৰিবলৈ সক্ষম হয় ।
৩) মেট পাৰ্কিনছন (টেষ্ট, ইংলেণ্ড, ২০২২)
ইংলেণ্ডৰ মেট পাৰ্কিনছনে নিউজীলেণ্ডৰ বিৰুদ্ধে কনকাচন চাবষ্টিটিউট হিচাপে টেষ্টত অভিষেক ঘটায় । জেক লিচৰ ঠাইত তেওঁক দলত স্থান দিয়া হৈছিল । প্ৰথম দিনৰ শেষত পাৰ্কিনছনে দলত যোগদান কৰি দ্বিতীয় ইনিংছত ১৫.৩ অভাৰত ১ উইকেট দখল কৰে ।
৪) কামৰান গুলাম (এদিনীয়া, পাকিস্তান, ২০২৩)
সতীৰ্থ খেলুৱৈ হৰিছ সোহেলৰ আঘাতৰ বাবে পাকিস্তানৰ কামৰান গুলামে এদিনীয়াত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে । নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া অভিষেক মেচত কেৱল ফিল্ডিং কৰিবলগীয়া হৈছিল ।
৫) বাহিৰ শ্বাহ (টেষ্ট, আফগানিস্তান, ২০২৩)
আফগানিস্তানৰ বাহিৰ শ্বাহে হাছমাতুল্লাহ শ্বাহিদীৰ আঘাতৰ বাবে টেষ্টত অভিষেক ঘটায় আৰু দ্বিতীয় ইনিংছত বাহিৰে ১৩টা বলত মাত্ৰ ৭ ৰাণ সংগ্ৰহ কৰে ।
৬) হৰ্ষিত ৰাণা (টি২০আই, ভাৰত, ২০২৫)
IND vs ENG T20 মেচত কনকাচন চাবষ্টিটিউট হিচাপে অভিষেক ঘটোৱা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৰ্ষিত ৰাণা । পুনেত অনুষ্ঠিত হোৱা চতুৰ্থ টি-২০ মেচত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত অভিষেক ঘটালে হৰ্ষিত ৰাণাই । এইগৰাকী খেলুৱৈক শিৱম ডুবেৰ কনকাচন চাবষ্টিটিউট হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছিল । অভিষেক মেচত ৰাণাই তিনিটা উইকেট দখল কৰাৰ লগতে ৩৩ ৰাণ সংগ্ৰহ কৰে ।
লগতে পঢ়ক: আহমেদাবাদতো অব্যাহত থাকিল গিলৰ পৰাক্ৰম; ইংলেণ্ডক আকৌ ধৰাশায়ী কৰিলে টীম ইণ্ডিয়াই