ETV Bharat / state

প্ৰধানমন্ত্ৰীয়েও প্ৰশংসা কৰা দুলু বৰাৰ মনত কিদৰে জাগিছিল প্ৰকৃতিপ্ৰেম ! শুনিলে আচৰিত হ'ব ... - DULU BORA CHAMPION OF WILDLIFE

টোপনিত দেখা সপোনেই প্ৰকৃতিপ্ৰেম জগাইছিল দুলুৰ মনত। এক বিশেষ সাক্ষাৎকাৰত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ আগত সকলো বিৱৰি ক’লে বিনোদ দুলু বৰাই...

Nagaon Man Dulu Bora True Champion of Assam's Wildlife
কিদৰে প্ৰকৃতিপ্ৰেম জাগিছিল দুলুৰ মনত ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 6:15 PM IST

নগাঁও : টোপনিত দেখা সপোনেও কেতিয়াবা লয় বাস্তৱ ৰূপ । টোপনিত দেখা সপোনেও নিৰ্ণয় কৰিব পাৰে কাৰোবাৰ জীৱনৰ গতিপথ । এনেদৰে টোপনিত দেখা এক সপোনেই প্ৰকৃতিৰ প্ৰতি অনন্য প্ৰেম জগাই তুলিলে বিনোদ দুলু বৰাৰ ক্ষেত্ৰতো । আজিৰ দিনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা লাভ কৰাই নহয় চাৰি সহস্ৰাধিক বন্যপ্ৰাণী উদ্ধাৰ কৰি প্ৰকৃতিপ্ৰেমৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে নগাঁও জিলাৰ যুৱক বিনোদ দুলু বৰাই ।

বিনোদ দুলু বৰা মানে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে খেতি কৰি প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰকৃতিপ্ৰেমী সংগঠন হাতীবন্ধুৰ ক্ষেত্ৰ সঞ্চালক তথা নগাঁও জিলাৰ চাপানলাৰ যুৱক বিনোদ দুলু বৰাৰ কথাই কৈছো । কেৱল হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে যে তেওঁ পদক্ষেপ গ্ৰহণ কৰিছে এনে নহয়, এই পৰ্যন্ত চাৰি হাজাৰৰো অধিক বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ উপৰিও আন দহজনক বন্যপ্ৰাণী উদ্ধাৰৰ সজাগতাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰি প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দেখুৱাইছে বিনোদ দুলু বৰাই ।

প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰা (ETV Bharat)
  • কিদৰে প্ৰকৃতিপ্ৰেম জাগিছিল দুলুৰ মনত ?

শুনিলে কাল্পনিক কাল্পনিক যেন লগা এক বাস্তৱ । সেই সময়ত তৃতীয় শ্ৰেণীত অধ্যায়নৰত ছাত্ৰ আছিল বিনোদ দুলু বৰা । এদিন হঠাৎ গভীৰ নিদ্ৰাৰত অৱস্থাতে এটা হাতী পোৱালিৰ সৈতে খেলি আছিল বিনোদ দুলু বৰাই । হাতী পোৱালিটোৱে কৈছিল- মই আজি গাঁৱৰে নৰেন তাঁতীৰ বাৰীৰ এটা খালত পৰিলে তুমি আহি উদ্ধাৰ কৰিবা ।

পুৱাই এই সপোনৰ বিষয়ে পিতৃ-মাতৃক অৱগত কৰিছিল দুলু বৰাই । কিন্তু কোনেও দিয়া নাছিল তিলমানো গুৰুত্ব । দুলুৰ কথা শুনি সকলোৱে কেৱল হাঁহিছিল । কিন্তু কিছু সময়ৰ পাছতেই ওচৰৰে দোকানী এজনে দুলুৰ পিতৃক আহি কৈছিল, "নৰেন তাঁতীৰ বাৰীৰ পাছফালে এটা নলাত আৱদ্ধ হৈ আছে এটা হাতী পোৱালি, পাৰিলে উদ্ধাৰৰ ব্যৱস্থা কৰক ।"

লগতে পঢ়ক : ১২বছৰৰ অন্তত নামদফা ৰাষ্ট্ৰীয় উদ্যানত দৃশ্যমান হাতীৰ অৱস্থিতি

এই খবৰ শুনিয়েই দুলুৰ পিতৃয়ে কণমানি দুলু বৰাকো লগত লৈ গৈ গাঁত খান্দি হাতী পোৱালিটো উদ্ধাৰৰ ব্যৱস্থা কৰিছিল দুলু বৰাৰ পিতৃ তুলেন বৰাই । পোৱালিটো উদ্ধাৰৰ দৃশ্য চাই আছিল দুলু বৰাই । তেতিয়াই দুলু বৰাৰ সপোনক লৈ আচৰিত হৈ পৰিছিল পৰিয়ালৰ সকলো লোক । সেই সময়ৰ পৰাই প্ৰকৃতি তথা বন্যপ্ৰাণীৰ প্ৰতি প্ৰেম জন্মিছিল বিনোদ দুলু বৰাৰ ।

এনেদৰেই এদিন পিতৃৰ সৈতে বজাৰলৈ গৈছিল দুলু বৰা । দেওবাৰে হোৱা চাপানলাৰ সাপ্তাহিক বজাৰত একাংশ অসাধু লোকে বজাৰত বনৰীয়া চৰাই, কাছ' আদি বিক্ৰী কৰি আছিল । সেয়া দেখি কি বুলি পিতৃক সোধাত পিতৃয়ে জনাইছিল যে এয়া বনৰীয়া চৰাই, মানুহে কিনি নি কাটি খাব । পিতৃৰ মুখৰ পৰা শুনা এই কথাই বৰকৈ আঘাত কৰিছিল দুলু বৰাৰ মনত ।

এনেকৈ দুলু বৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ হৈ থকা সময়ত ঘৰৰ পৰা স্কুলৰ টিফিনৰ বাবে দিয়া দুই-এটকাকৈ নিজে নোখোৱাকৈ জমা কৰিবলৈ আৰম্ভ কৰে । নিজৰ টিফিনৰ জমা টকাৰে দেওবাৰে সাপ্তাহিক বজাৰলৈ গৈ চৰাই ক্ৰয় কৰে দুলু বৰাই । বজাৰৰ পৰা কিনি নিয়া চৰাই ককায়েকৰ লগত ওচৰৰে সংৰক্ষিত বনাঞ্চললৈ গৈ এৰি দিয়ে ।

হাতৰ পৰা এৰি দিয়াৰ লগে লগে চৰায়ে উৰা মৰাৰ দৃশ্য উপভোগ কৰি মনত বুজাব নোৱৰা আনন্দ লভিছিল দুলু বৰাই । লাহে লাহে বন্যপ্ৰাণীৰ প্ৰতি প্ৰেম বাঢ়ি গৈছিল দুলু বৰাৰ । তেতিয়াৰ পৰাই কোনো স্থানত বনৰীয়া চৰাই আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পালেই আগবাঢ়ি গৈ উদ্ধাৰ কৰি চৰাইক ঘৰতে ঘৰুৱা চিকিৎসা প্ৰদান কৰি পুনৰ জংঘলত এৰি দিয়ে ।

  • হাতী উদ্ধাৰ :

এটা-দুটাকৈ বন্যপ্ৰাণী উদ্ধাৰ কৰি একাংশৰ প্ৰশংসা লাভ কৰি উৎসাহিত হৈ পৰা বিনোদ দুলু বৰাই এবাৰ কাৰ্বি আংলং সীমান্তত এটা হাতী পোৱালি ৰাইজে আবদ্ধ কৰি ৰখাৰ খবৰ পাই পোৱালিটো উদ্ধাৰৰ বাবে গৈ সন্মুখীন হোৱা এক অনাকাংক্ষিত পৰিস্থিতিৰ বিষয়েও ই টিভি ভাৰতৰ সন্মুখত দিলে শিহৰণকাৰী বৰ্ণনা ।

Nature lover Dulu Bora
হাতী উদ্ধাৰ (ETV Bharat)

বিনোদ দুলু বৰাই বৰ্ণনা কৰা অনুসৰি, কাৰ্বি আংলং সীমান্তৰ পাহাৰীয়া এটা এলেকাৰ কিছু লোক অন্ধবিশ্বাসৰ বলি হৈ পূজা পাতল কৰিবলৈ আৰম্ভ কৰিছিল বনৰীয়া হাতী পোৱালিক । এই খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হোৱা বিনোদ দুলু বৰাক চয়তান বুলি অভিহিত কৰি আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল একাংশ লোক ।

Nature lover Dulu Bora
হাতী উদ্ধাৰ (ETV Bharat)

এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা দুলু বৰাই অৱশেষত হাতযোৰ কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰি উক্ত স্থান ত্যাগ কৰি আহিবলৈ সক্ষম হৈছিল যদিও হাতী পোৱালিটোক এৰি আহিব বিচৰা নাছিল দুলু বৰাই । কিছুদুৰ আহি দুলু বৰাই সকলো লোক ঘৰৰ ফালে ৰাওনা হোৱা দেখি সন্ধিয়ালৈকে অপেক্ষা কৰি নিজে মুখেৰেই দিছিল হাতীৰ মাত । হাতীৰ দৰেই দিয়া দুলুৰ মাত শুনি হাতী পোৱালিটো দুলুৰ ফালে আগুৱাই আহিছিল । পাছত হাতী পোৱালিটো খেদি খেদি কোনোমতে এলেকাটোৰ পৰা উলিয়াই আনি স্থানীয় বন বিভাগক খবৰ দি পুৱতি নিশা ৩ বজাত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰক চমজাই দিবলৈ সক্ষম হৈছিল বিনোদ দুলু বৰা ।

লগতে পঢ়ক : দুষ্প্ৰাপ্য জীৱকূল ৰক্ষাৰ হেতু সৃজনাত্মক কলাৰ জৰিয়তে সজাগতা সৃষ্টিত ব্ৰতী এজন যুৱ শিল্পী

এনেদৰেই এই পৰ্যন্ত অসুস্থ অথবা মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা ৬ টাকৈ হাতী পোৱালিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুলু বৰাই । হাতী জংঘলৰ পিতৃ বুলি গণ্য কৰাৰ কথা উল্লেখ কৰি ব্ৰিটিছৰ সময়ক এক লাখৰো অধিক হাতী থকা এইখন অসমত এতিয়া পাঁচ হাজাৰ হাতী থকাৰ তথ্য সদৰী কৰি আক্ষেপ প্ৰকাশ কৰে বৰাই ।

Nature lover Dulu Bora
পক্ষী উদ্ধাৰ (ETV Bharat)
  • চৰাই উদ্ধাৰ :

স্কুলত পঢ়া দিনৰে পৰাই পৰিভ্ৰমী পক্ষী উদ্ধাৰত নিজকে নিয়োগ কৰিছিল বিনোদ দুলু বৰাই । শগুণ, হাড়গিলা, বৰটোকোলাকে ধৰি বিলুপ্তপ্ৰায় বহু চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুলু বৰা । এই পৰ্যন্ত হাজাৰৰো অধিক চৰাই উদ্ধাৰ কৰি বনাঞ্চলত এৰি দিয়া বুলি ই টিভি ভাৰতক জানিবলৈ দিয়ে বিনোদ দুলু বৰাই ।

Nature lover Dulu Bora
পক্ষী উদ্ধাৰ (ETV Bharat)
  • বিষাক্ত সাপ উদ্ধাৰ :

যিমান বিষাক্ত সাপ নহওক কিয় কোনো জনাঞ্চলত সাপ ওলোৱাৰ খবৰ পালেই উপস্থিত হয় দুলু বৰা । এটা দুটাকৈ সাপ ধৰি জংঘলত এৰি দিয়াৰ পাছত কৰবাত সাপ দেখা পালেই ৰাইজে খবৰ দিয়ে এইগৰাকী বিনোদ দুলু বৰাক । দুলু বৰাৰ সাপ ধৰাৰ কৌশল দেখি আমোদ পোৱা ৰাইজে সাপ দেখিলেই দুলু বৰাক মাতি আনি সাপ ধৰাৰ সুযোগ দি সাপ ধৰাৰ দৃশ্য প্ৰত্যক্ষ কৰে ৷

Nature lover Dulu Bora
সৰ্প উদ্ধাৰ (ETV Bharat)

১৬ ফুট দৈৰ্ঘৰ বিষাক্ত ৰজাফেঁটি ধৰিবলৈ একপ্ৰকাৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা বিনোদ দুলু বৰাই এই পৰ্যন্ত ছশৰো অধিক অজগৰ, ৰজাফেঁটি আদি বহু বিষাক্ত, অবিষাক্ত সাপ উদ্ধাৰ কৰি জংঘলত মুকলি কৰি দিবলৈ সক্ষম হৈছে । কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোহোৱাকৈয়ে কেৱল ডিচক'ভাৰী চেনেলত চায়েই সাপ ধৰাৰ কৌশল আয়ত্ব কৰা বিনোদ দুলু বৰাই শতাধিক যুৱকক সাপ ধৰাৰ প্ৰশিক্ষণ দিয়া বুলিও জানিবলৈ দিছে । ইয়াৰোপৰি ৰাজ্যৰ ১৮ শ বিদ্যালয়ত সাপ নিধন নকৰাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে ।

Nature lover Dulu Bora
সৰ্প উদ্ধাৰ (ETV Bharat)
  • বাঘ উদ্ধাৰ :

পাহাৰৰ গুহাত আশ্ৰয় লোৱা বাঘৰ পৰা বিভিন্ন কাৰণত বিচ্ছিন্ন হৈ পৰা বাঘৰ পোৱালিকো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিনোদ দুলু বৰাই । একাংশ লোকে পাহাৰৰ শিল ভঙাৰ ফলত বিচ্ছিন্ন হৈ পৰা নাহৰফুটুকীৰ পোৱালিক উদ্ধাৰ কৰি পুনৰুদ্ধাৰ কেন্দ্ৰত গতাই দিয়ে বৰাই । এনেদৰে এই পৰ্যন্ত তেওঁ ছটাকৈ নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে ।

Nature lover Dulu Bora
কাছ উদ্ধাৰ (ETV Bharat)
  • দুলু বৰাই লাভ কৰা সন্মান :

বিষাক্ত সাপৰ পৰা হাতী পোৱালি, বাঘৰ পোৱালিকে ধৰি এই পৰ্যন্ত চাৰি সহস্ৰাধিক বন্যপ্ৰাণী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই ২০১৪ চনতেই দেশৰ ভিতৰতেই সৰ্বাধিক বন্যপ্ৰাণী উদ্ধাৰ কৰা সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল । সেই সময়ত তিনি হাজাৰ বন্যপ্ৰাণী উদ্ধাৰ কৰা তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি আলোচনীৰ তৰফৰ পৰা এই সন্মান প্ৰদান কৰা হৈছিল । দিয়া মিৰ্জাসহ কেইবাগৰাকী বলিউড তাৰকাৰ উপস্থিতিত প্ৰদান কৰা সন্মান লাভ কৰি অভিভুত হৈ পৰিছিল তেওঁ ।

Nagaon nature lover dulu Bora

সাপকে ধৰি অন্যান্য বন্যপ্ৰাণী উদ্ধাৰ কৰি থাকোতেই বন্যপ্ৰাণী উদ্ধাৰ কৰা প্ৰকৃতিপ্ৰেমী যুৱতী মেঘনা ময়ুৰ হাজৰিকাক নিজৰ জীৱন সংগী হিচাপে বাচি লৈছে দুলু বৰাই ।

লগতে পঢ়ক : ভৰিত আঘাত লৈ ফুৰা লালিৰ আৰ্তনাদে কন্দুৱাইছে বীৰকুচিবাসীক
  • কি কয় বন বিভাগে ?

বিষাক্ত সাপকে ধৰি বিভিন্ন বন্যপ্ৰাণী উদ্ধাৰ কৰা দুলু বৰাৰ প্ৰকৃতিপ্ৰেমৰ শলাগ লৈ আহিছে বন বিভাগেও । দুলু বৰাই বন্যপ্ৰাণী উদ্ধাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপত স্থানীয় বন বিভাগেও সহযোগিতা কৰি অহা বুলি ই টিভি ভাৰতক জানিবলৈ দি স্থানীয় বন বিষয়া প্ৰণৱ কুমাৰ বৰাই কয়, "বন্যপ্ৰাণী উদ্ধাৰৰ জৰিয়তে দুলু বৰাই বন বিভাগক সহায় কৰি অহাৰ সমান্তৰালকৈ বন বিভাগেও উদ্ধাৰ অভিযানত দুলু বৰাক সহায় কৰে । বিশেষকৈ সাপ ধৰাৰ ক্ষেত্ৰত বনকৰ্মীৰ বিশেষ কোনো প্ৰশিক্ষণ নাথাকে, এনেক্ষেত্ৰত বৰাই বহুকেইটা সাপ উদ্ধাৰ কৰি নতুন জীৱন প্ৰদান কৰিছে । বৰাৰ বাবেই বহু বন্যপ্ৰাণীয়ে লাভ কৰিছে নতুন জীৱন ।"

চাৰি সহস্ৰাধিক বন্যপ্ৰাণী উদ্ধাৰ কৰি প্ৰশংসিত হোৱা বিনোদ দুলু বৰাক এইক্ষেত্ৰত মাতৃ, জ্যেষ্ঠ ভাতৃৰ লগতে পৰিয়ালৰ লোকে সহযোগিতা আগবঢ়াই অহাৰ কথা উল্লেখ কৰে বিনোদ দুলু বৰাই । শেহতীয়াকৈ তেওঁ প্ৰকৃতিপ্ৰেমী সহধৰ্মিনী মেঘনা ময়ুৰ হাজৰিকাৰ সৈতে একেলগেই বন্যপ্ৰাণী উদ্ধাৰ, হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷

লগতে পঢ়ক : এন এফ ৰেলৱেৰ বলিষ্ঠ পদক্ষেপ; ৰক্ষা পৰিল ১৬৮৭ টা হাতীৰ জীৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.