ETV Bharat / state

এডভাণ্টেজ অসম ২.০ত জাপান-ছিংগাপুৰৰ সৈতে হ'ব বুজাবুজিৰ চুক্তি: মুখ্যমন্ত্ৰী শৰ্মা - ADVANTAGE ASSAM 2

এডভাণ্টেজ অসম ২.০ৰ বাবে এতিয়ালৈ ৭,০০০ উদ্যোগী, ব্যৱসায়ী, বিনিয়োগৰাকী আৰু ষ্টাৰ্টআপে পঞ্জীয়ন কৰিছে । সংবাদমেলত ক'লে মুখ্যমন্ত্ৰী শৰ্মাই ৷

ADVANTAGE ASSAM 2
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (X@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2025, 8:39 PM IST

গুৱাহাটী : এডভাণ্টেজ অসমৰ (২.০) দ্বিতীয় সংস্কৰণ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব । এই বিশাল সন্মিলনৰ বিভিন্ন দিশ সামৰি শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এডভাণ্টেজ অসমৰ প্ৰথম সংস্কৰণৰ সাফল্যৰ কথা উল্লেখ কৰাৰ লগতে তেওঁ বিদেশ ভ্ৰমণ আৰু দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে ৷

এডভাণ্টেজ অসমৰ প্ৰথম সংস্কৰণৰ সাফল্য :

ADVANTAGE ASSAM 2
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এডভাণ্টেজ অসমৰ প্ৰথম সংস্কৰণৰ সাফল্যৰ কথা সদৰী কৰি কয়, "ক'ভিডৰ আগতে এডভাণ্টেজ অসম ১.০ অনুষ্ঠিত কৰা হৈছিল । এডভাণ্টেজ অসম ১.০ত তিনিটা বিশেষ সাফল্য হৈছিল । প্ৰথম সাফল্যটো আছিল নুমলীগড় ৰিফাইনেৰীৰ ক্ষমতা বৃদ্ধি । নুমলীগড় শোধনাগাৰৰ সামৰ্থ ৩ মেট্ৰিক টনৰ পৰা ৯ মেট্ৰিক টনলৈ সম্প্ৰসাৰিত কৰা হৈছিল । পৰৱৰ্তী সময়ত অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশ হৈছিল । দ্বিতীয়তে পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ খাৰুৱা তেলৰ পাইপ লাইন স্থাপন হৈছিল । তৃতীয়তে গেছ পাইপ লাইন স্থাপন । এই তিনিটা ডাঙৰ আন্তঃগাঁথনি আমি এডভাণ্টেজ অসমৰ যোগেদি ভাৰত চৰকাৰৰ পৰা লাভ কৰিছিলো ।"

এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণ :

প্ৰতি তিনি বছৰৰ মূৰে মূৰে এনে বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰিব লাগে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, "বিগত তিনি বছৰত অসমত যথেষ্ট শান্তি ঘূৰি আহিছে । আন্দোলনৰ পৰিৱেশ নোহোৱা হৈছে । যাৰ বাবে কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব এডভাণ্টেজ অসম ২.০ । ইয়াৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত বিশাল পৰিসৰত ঝুমুইৰ নৃত্য পৰিৱেশন কৰা হ'ব । ঝুমুইৰ নৃত্যৰ যোগেদি অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ লগতে অসমৰ উদ্যোগিক ইতিহাস উদযাপন কৰা হ'ব । নিশা প্ৰধানমন্ত্রীয়ে গুৱাহাটীতে কটাই ২৫ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ।"

দেশ-বিদেশত এডভাণ্টেজ অসমৰ প্ৰচাৰ :

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, "আমেৰিকাত আমি ৰোড শ্ব’ কৰাৰ ইচ্ছা আছিল, কিন্তু কিছুমান কাৰণত নহ’ল । ৬ জানুৱাৰীত মুম্বাইত প্ৰথম ৰোড শ্ব' কৰা হয় আৰু ২০০ৰো অধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰে । সিদিনাই নতুন দিল্লীত ৰাজ্যৰ মুখ্য সচিবৰ ১১খন চেম্বাৰ অৱ কমাৰ্চৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল । ৭ জানুৱাৰীত ৩১খন দেশৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে তিনিটা পৰ্যায়ত ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল । আনহাতে ৭ জানুৱাৰীত দিল্লীত শীৰ্ষ ৪০টা উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বিনিয়োগ সন্মিলন অনুষ্ঠিত হৈছিল । ভাৰতৰ বিভিন্ন চহৰত আমাৰ মন্ত্রীসকলে ২০৯খন বৈঠক অনুষ্ঠিত কৰিছিল । য'ত ২১৯ টা উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল ।"

আনহাতে বিদেশ ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "মই নিজে ভূটান, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰলৈ গৈছো । ভূটানত যোৱাৰ উদ্দ্যেশ্য হৈছে যে ভূটানৰ গেলেফুত নতুন ছিংগাপুৰ চিটী হ'ব । ভূটানত বিনিয়োগৰ পৰিৱেশ নাই যদিও অসমত ছিংগাপুৰে বিনিয়োগ কৰিব পাৰে । তাৰ বাবে ভূটানৰ অসম সীমান্তত অৰ্থনৈতিক জ'ন কৰাৰ বাবে ভূটান চৰকাৰক আহ্বান জনোৱা হৈছে । জাপান, দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰত তিনিটা ৰোড শ্ব' কৰা হৈছিল আৰু য'ত শতাধিক উদ্যোগ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে । জাপানৰ সংসদৰ অধ্যক্ষই নিশাৰ আহাৰৰ বাবে মোক নিমন্ত্ৰণ কৰিছিল । এয়া মোৰ বাবে সৌভাগ্য আছিল । জাপানৰ তিনিগৰাকী মন্ত্রীক মই সাক্ষাৎ কৰিছিলো । দক্ষিণ কোৰিয়াৰ উদ্যোগ মন্ত্ৰীক সাক্ষাৎ লাভ কৰিছিলো । ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰো সাক্ষাৎ লাভ কৰিছিলো । সাধাৰণতে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে সাক্ষাৎ নিদিয়ে, কিন্তু মই সাক্ষাৎ লাভ কৰিছিলো । জাপানৰ বৈদেশিক মন্ত্রীক সাক্ষাৎ কৰাত এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপিত হয় । উত্তৰ-পূৰ্বাঞ্চলৰ আইন-শৃংখলাজনিত কাৰণত অসমক সাঙুৰি পৰ্যটক যাব নালাগে বুলি সতৰ্কবাণী দি থোৱা আছে । যদি পৰ্যটকেই নাহে তেনেহ'লে বিনিয়োগকাৰী কেনেকৈ আহিব । এই সতৰ্কবাণী উঠাই লোৱাৰ বাবে জাপানাৰ লগত ডাটা শ্বেয়াৰিং চলি আছে । বিগত চাৰি বছৰত অসমৰ পৰিৱেশ যথেষ্ট সলনি হৈছে । এক নতুন পৰিৱেশ নিৰ্মাণ হৈছে । আনহাতে এডভাণ্টেজ অসমৰ প্ৰচাৰৰ বাবে মন্ত্রী কেশৱ মহন্ত আৰু বিমল বড়াই কেইবাখনো দেশ ভ্ৰমণ কৰে ।"

এডভাণ্টেজ অসম ২.০ত ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া উদ্যোগ :

মুখ্যমন্ত্রীয়ে কয়, "এডভাণ্টেজ অসম সন্মিলনত অসমৰ ক্ষুদ্ৰ-মজলীয়া উদ্যোগীসকলৰ বাবে পৃথককৈ ব্যৱস্থা ৰখা হৈছে । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত হোৱা ৰোড শ্ব'ত ৩,৭০০ ক্ষুদ্ৰ উদ্যোগীয়ে অংশগ্ৰহণ কৰিছে । ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ পৃথককৈ ব্যৱস্থা কৰা হৈছে । বেংকৰ পৰা ঋণ লোৱাৰো ব্যৱস্থা কৰা হ'ব ।"

এডভাণ্টেজ অসম ২.০ৰ পঞ্জীয়ন :

মুখ্যমন্ত্রীয়ে জনোৱা মতে এডভাণ্টেজ অসম ২.০ৰ বাবে এতিয়ালৈ ৭,০০০ উদ্যোগী, ব্যৱসায়ী, বিনিয়োগৰাকী আৰু ষ্টাৰ্টআপে পঞ্জীয়ন কৰিছে । অসমৰ বাবে এয়া ভাল খবৰ, য’ত গুজৰাটত হোৱা পঞ্জীয়নতকৈ অধিক ।

এডভাণ্টেজ অসম ২.০ত কোনে কোনে অংশ গ্ৰহণ কৰিব :

মুখ্যমন্ত্ৰীয়ে কয়, "২৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সৰুসজাইত আয়োজন কৰা ঝুমুইৰ নৃত্যৰ বিশাল অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী । ২৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রীয়ে এডভাণ্টেজ অসম ২.০ সন্মিলন উদ্বোধন কৰি সন্মিলনত উপস্থিত থাকিব । এডভাণ্টেজ অসম ২.০ৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ । অনুষ্ঠানত বিত্ত মন্ত্ৰীগৰাকীয়ে ভাষণ আগবঢ়াব । সেই অনুষ্ঠানত অসমৰ ক্ষুদ্ৰ-মজলীয়া উদ্যোগ, লাখপতি বাইদেউসকল উপস্থিত থাকিব । লগতে সকলো বেংকৰ বিষয়াসকল উপস্থিত থাকিব । এডভাণ্টেজ অসম ২.০ উপস্থিত থাকিব মুকেশ আম্বানী, গৌতম আদানী, টাটা গ্ৰুপৰ অধ্যক্ষকে ধৰি দেশৰ দহগৰাকী শীৰ্ষ উদ্যোগপতি । অংশগ্ৰহণ কৰিব ৩১খন দেশৰ ৰাষ্ট্ৰদূত আৰু প্ৰতিনিধিয়ে । আনহাতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্রীয়ে সন্মিলনৰ একো একোটা সত্র পৰিচালনা কৰিব । সন্মিলনত ইউ এছ ইণ্ডিয়া বিজনেছ কাউঞ্চিল, নিউজীলেণ্ড বিজনেছ কাউঞ্চিলকে ধৰি কেইবাখনো বিজনেছ কাউঞ্চিলে অংশগ্ৰহণ কৰিব । প্ৰথমবাৰৰ বাবে ইউৰোপীয়ান ইউনিয়ন উপস্থিত থাকিব এডভাণ্টেজ অসমত ।"

এডভাণ্টেজ অসম ২.০ৰ কেতবোৰ দিশ :

এডভাণ্টেজ অসম ২.০ সন্মিলনত অসমখনক তুলি ধৰা হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, "সন্মিলনৰ প্ৰদৰ্শনীত ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট দেখুওৱা হ'ব । ৰাজ্যৰ পৰ্যটন উদ্যোগটোক প্ৰ'মট কৰা হ'ব । ৰাজ্যৰ ছেমি কণ্ডাক্টৰ, নামৰূপ গ্ৰীন ফিল্ড ইউৰিয়া ইউনিট, বাঁহৰ পৰা ইথানল উৎপাদন, ৰিনিউৱেল এনাৰ্জী, এৰোস্পেছ এণ্ড ডিফেন্স মেন্যুফেকচাৰিং আদি দিশসমূহ সন্মিলনৰ ফ'কাচ ছেক্টৰ । উদ্যোগীকৰণৰ বাবে দুটাকৈ নতুন পলিচী কৰা হৈছে । আনহাতে ব্ৰহ্মপুত্রৰ ওপৰেদি ইণ্টাৰনেট লিংক আনিব পাৰি নেকি তাৰ ওপৰতো নতুন চিন্তা কৰা হৈছে । সন্মিলনত ওৱান ৱে বিকশিত অসম, এক্ট ইষ্ট-এক্ট ফাৰ্ষ্ট এণ্ড এক্ট ফাৰ্ষ্ট, ছেমি কণ্ডাক্টৰ, হাইড্ৰকাৰ্বন, পথ পৰিবহণ, ৰে’লৱেজ এণ্ড শ্বিপিং, এক্সপৰ্ট প্ৰ'মচন আদি কেইবাটাও চেছন অনুষ্ঠিত হ'ব, য'ত উপস্থিত থাকিব ক্ৰমে কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া, ডঃ এছ জয়শংকৰ, অশ্বিনী বৈষ্ণৱ, হৰদীপ সিং পুৰী, সৰ্বানন্দ সোণোৱাল আৰু পীয়ুষ গোৱেল । তদুপৰি সন্মিলনত বি টু বি, বি টু জি বৈঠক অনুষ্ঠিত হ'ব । আনহাতে সন্মিলনত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ দুশ ছাত্ৰ-ছাত্ৰী উপস্থিত থকাৰো ব্যৱস্থা কৰা হৈছে ।"

জাপান আৰু ছিংগাপুৰৰ লগত হ'ব বুজাবুজিৰ চুক্তি :

জাপানে অসমৰ পৰা মেনপাৱাৰ ল'ব বিচাৰিছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, "জাপানে অসমৰ পৰা বহুত মেনপাৱাৰ ল’ব বিচাৰে । আনহাতে ছিংগাপুৰে অসমৰ পৰা নাৰ্ছ ল’ব বিচাৰিছে । ইতিমধ্যে ১৭গৰাকী নাৰ্চে ছিংগাপুৰত কাম কৰি আছে । জাপানে অসমৰ সৈতে দুখন চুক্তি কৰিব বিচাৰিছে । ইয়াৰে এখন চুক্তি হ’ব তেওঁলোকৰ প্ৰৱক্তাই অসমৰ যুৱক-যুৱতীক ভাষাৰ প্ৰশিক্ষণ দিব । ৯ মাহৰ এটা বিশেষ প্ৰশিক্ষণ দিব । জাপানে অতি কমেও ৫০ হাজাৰ যুৱক-যুৱতী বিচাৰিছে । প্ৰশিক্ষণ লোৱাসকলে জাপানত গৈ কাম কৰিব পাৰিব । অৱশ্যে প্ৰশিক্ষণ লৈ যদি কোনোৱাই জাপানত যাব নিবিচাৰে তেন্তে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানত কাম লাভ কৰিব পাৰিব । ইয়াৰ বাবে জাপানৰ দুটাকৈ কোম্পানীৰ সৈতে চুক্তি হ'ব । সেইদৰে ছিংগাপুৰত অসমৰ বি এছ চি নাৰ্চিং নিয়াৰ বাবে চুক্তি হ'ব । তেওঁলোকে ইয়াৰ বাবে ভাষাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব ।"

সকলোৰে সহযোগ কামনা মুখ্যমন্ত্রীৰ :

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে লগতে কয়, "অসমখন অকলে মুখ্যমন্ত্ৰীয়ে সলনি কৰিব নোৱাৰে । ৰাজ্যৰ প্ৰতিজন মানুহে সলনি কৰিব লাগিব । ট্ৰেভেল এডভাইজাৰী বাতিল কৰিব লাগিব, ইয়াৰ বাবে কাম-কাজ চলি আছে । এডভাণ্টেজ অসমৰ প্ৰথম সংস্কৰণত চৰকাৰী বিনিয়োগত গুৰুত্ব দিয়া হৈছিল । কিন্তু এইবাৰ চৰকাৰী বিনিয়োগৰ উপৰি ব্যক্তিগত বিনিয়োগত বিশেষ গুৰুত্ব দিয়া হৈছে । এইবাৰ আশা কৰা ধৰণে বিনিয়োগ হ'ব বুলি আমি আশাবাদী ।" সংবাদমেলত মন্ত্রী বিমল বড়া আৰু মুখ্য সচিব ৰবি কোটাও উপস্থিত থাকে ।

লগতে পঢ়ক: এডভাণ্টেজ আছাম ২.০ : থলুৱা উদ্যোগীৰ বাবে কি পদক্ষেপ ৰাজ্য চৰকাৰৰ ?

এডভান্টেজ আছাম ২.০ৰ লগতে ৮ হাজাৰ ঝুমুৰ নৃত্যশিল্পীয়ে গঢ়িব বিশ্ব অভিলেখ : বিমল বড়া

এডভাণ্টেজ অসম ২.০ : বিনিয়োগকাৰীৰ সন্ধানত ছিংগাপুৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.