ETV Bharat / state

বিপন্ন বনৰৌ সৰবৰাহৰ ঘাটিত পৰিণত অসম-অৰুণাচল - PANGOLIN

২০১৮ ৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতত বনৰৌ সৰবৰাহৰ ৩৪২টা ঘটনা পোহৰলৈ আহিছে ।

PANGOLIN SMUGGLING
বিপন্ন বনৰৌ সৰবৰাহ (AARANYAK)
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2025, 4:11 PM IST

গুৱাহাটী: আজি বিশ্ব বনৰৌ দিৱস । আজিৰ দিনটোতেই বনৰৌৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে । অসমত এশিঙীয়া গঁড় হত্যা কমি আহিছে যদিও বিশ্বজুৰি বৰ্তমান সৰ্বাধিক সৰবৰাহ হোৱা স্তন্যপায়ী প্ৰাণী হৈছে বনৰৌ । বিশেষকৈ চীনা বনৰৌ আৰু ভাৰতীয় বনৰৌ অসম আৰু উত্তৰ-পূবত এক অভাৱনীয় সংকটৰ সন্মুখীন হৈছে । বেচৰকাৰী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে ।

চোৰাং চিকাৰ আৰু অবৈধ ব্যৱসায়ৰ নেটৱৰ্কে এই লাজকুৰীয়া, নিশাচৰ প্ৰাণীবিধক বিলুপ্তিৰ পথলৈ ঠেলি দিছে । ২০২২ চনত সংশোধিত বন্যপ্ৰাণী (সুৰক্ষা) আইন-১৯৭২ৰ ১ নং অনুসূচীৰ অধীনত ভাৰতত লাভ কৰা সুৰক্ষা আৰু আই ইউ চি এনৰ 'ৰেড লিষ্ট'ত বনৰৌক 'অতি বিপন্ন' প্ৰাণী হিচাপে চিহ্নিত কৰাৰ পাছতো ইয়াৰ সৰবৰাহ চলি আছে ।

বনৰৌ জব্দৰ তথ্যই দাঙি ধৰিছে ভয়াবহ ছবি :

'আৰণ্যক' এ প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮ ৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতত বনৰৌ সৰবৰাহৰ ৩৪২টা ঘটনা ধৰা পেলোৱা হৈছিল আৰু এই ঘটনাত ১২০০ৰো অধিক লোক জড়িত হৈ আছিল । এই সন্দৰ্ভত 'আৰণ্যক'ৰ সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড৹ বিভৱ কুমাৰ তালুকদাৰে কয়, "এই সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলত কিমান বনৰৌ সৰবৰাহৰ ঘটনা ধৰা পৰিছে আৰু কিমান লোক গ্ৰেপ্তাৰ হৈছে ইয়াৰ সঠিক তথ্য নাই যদিও বন্যপ্ৰাণী সৰবৰাহৰ এটা প্ৰধান পথ উত্তৰ-পূব ভাৰতত উদ্বেগজনক হাৰত বনৰৌ জব্দ হৈছে । তাৰ সমান্তৰালকৈ অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ বনৰৌ সৰবৰাহৰ ঘাটিত পৰিণত হৈছে ।"

PANGOLIN SMUGGLING
বিপন্ন বনৰৌ সৰবৰাহ (AARANYAK)

ড৹ বিভৱ কুমাৰ তালুকদাৰে পুনৰ কয়, "শেহতীয়াকৈ চলা অভিযানত বহুকেইজন চোৰাং চিকাৰী আৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আন্তঃৰাষ্ট্ৰীয় ছিণ্ডিকেটৰে এই অবৈধ ব্যৱসায় অব্যাহত আছে । এই তথ্য উত্তৰ-পূব ভাৰতৰ বিভিন্ন ঠাইৰ স্থানীয় চিকাৰীসকল বনৰৌৰ চিকাৰ আৰু ব্যৱসায়ত জড়িত বুলি আৰ্থ-সামাজিক অধ্যয়নত, বিশেষকৈ অসমত চলোৱা অধ্যয়নত পোহৰলৈ আহিছে । এটা বনৰৌৰ বাকলিয়ে এই চিকাৰীসকলক কেতিয়াবা এবাৰতে প্ৰায় চাৰি মাহৰ সমান উপাৰ্জন দিয়াৰ ফলত ই লাভজনক কামত পৰিণত হৈছে ।"

অসমত ভাৰত-বাৰ্মিজ বনৰৌ :

তেওঁ কয়, "বিগত বৰ্ষৰ আৰম্ভণিতে অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত আন এক প্ৰজাতিৰ বনৰৌ আৱিষ্কাৰ হৈছে । অসম আৰু অৰুণাচলত বনৰৌৰ আন এক প্ৰজাতি ভাৰত-বাৰ্মিজ বনৰৌৰ আৱিষ্কাৰে এই জটিল সময়ত এক আশাৰ সঞ্চাৰ কৰিছে ।"

বনৰৌ কিয় চোৰাংভাৱে সৰবৰাহ হয় ?

বনৰৌ কিয় চোৰাংভাৱে সৰবৰাহ হয় সেই সম্পৰ্কে ব্য়াখ্য়া কৰি 'আৰণ্যক'ৰ সচিব প্ৰধানগৰাকীয়ে কয়, "বনৰৌৰ বাকলি আৰু মাংসৰ বাবে অবাধে বধ কৰাৰ ঘটনা অব্যাহত আছে । বনৰৌৰ বাকলিৰ ঔষধি গুণ আছে বুলি এছিয়াৰ কেতবোৰ দেশত অন্ধবিশ্বাস আছে, যাৰ বাবে বনৰৌ চোৰাংভাৱে সৰবৰাহ কৰা হয় ।’’

সৰবৰাহ প্ৰতিৰোধৰ ব্য়ৱস্থা :

বনৰৌৰ সৰবৰাহ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্য়ৱস্থা সন্দৰ্ভত তেওঁ লগতে কয়, "উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ চীনা বনৰৌ আৰু ভাৰতীয় বনৰৌ দুয়োটা প্ৰজাতি পোৱা যায় । কিন্তু চীনা বনৰৌ বেছিভাগ উত্তৰ-পূব অঞ্চলত পোৱা যায় । জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা 'আৰণ্যক'-এ ইয়াৰ আইনী আৰু ওকালতি বিভাগৰ জৰিয়তে এই সংকটৰ মোকাবিলা কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে । 'আৰণ্যক'-এ বনৰৌৰ সৰবৰাহ প্ৰতিৰোধ অভিযানৰ নেতৃত্ব দি আহিছে । সীমান্ত সুৰক্ষা সংস্থাসমূহৰ সৈতে সহযোগিতাৰে 'আৰণ্যক'-এ ভাৰতৰ উন্মুক্ত সীমান্তত সতৰ্কতা বৃদ্ধিৰ বাবে নিয়মীয়াকৈ প্ৰশিক্ষণ অনুষ্ঠিত কৰি আহিছে । তদুপৰি স্থানীয় লোকসকলক চোৰাং চিকাৰীৰ বিৰুদ্ধে প্ৰথম শাৰীৰ প্ৰতিৰক্ষা হিচাপে কাম কৰিবলৈ সমৰ্থবান কৰি লোকসকলক লৈ পৰিদৰ্শন আৰু নিৰীক্ষণ দল গঠন কৰিছে ।"

PANGOLIN SMUGGLING
বিপন্ন বনৰৌ সৰবৰাহ (AARANYAK)

তেওঁ কয়, "বন্যপ্ৰাণী অপৰাধৰ তদন্ত আৰু আইনী প্ৰক্ৰিয়াত সংস্থাসমূহক সহায় কৰি আইন বলবৎ ব্যৱস্থা শক্তিশালী কৰা হৈছে । আনহাতে 'আৰণ্যক'ৰ DETERS (বিপন্ন আৰু বিৰল প্ৰজাতিৰ ব্যৱসায় প্ৰতিহত আৰু নিৰ্মূল) অভিযানে বনৰৌৰ অবৈধ ব্যৱসায়ৰ নেটৱৰ্ক প্ৰতিহত কৰাত প্ৰধান ভূমিকা পালন কৰিছে।"

তেওঁ লগতে কয়, "উত্তৰ-পূব ভাৰতত বনৰৌ অতিশয় বিপদসংকুল পৰিস্থিতিত আছে । বনৰৌৰ হত্যা আৰু চোৰাং ব্যৱসায় ৰোধ কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন আইন বলবৎকাৰী সংস্থাৰ লোকসকলৰ মাজত সংবেদনশীলতা আৰু সজাগতা সৃষ্টিৰ অৰ্থে সক্ৰিয় প্ৰচেষ্টা গ্ৰহণৰ সময় আহি পৰিছে । টীম আৰণ্যক এই দিশত গ্ৰহণ কৰা যিকোনো পদক্ষেপৰ সহযোগী হ’বলৈ অগ্ৰহী । তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমি এই জীৱবিধক চিৰদিনৰ বাবে হেৰুৱাব লাগিব । পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়ৰ জৰিয়তে আমি এই সুন্দৰ আৰু অমূল্য প্ৰজাতিবোৰৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে এক বৃহৎ আৰু ইতিবাচক পৰিৱৰ্তন আনিব পাৰিম বুলি নিশ্চিত ।"

লগতে পঢ়ক:বাঘৰ ছাল আৰু হাড়সহ কেন্দ্ৰীয় শুল্ক বিভাগৰ অভিযানত আটক এটা অভিযুক্ত - TIGER SKIN AND BONES

প্ৰধানমন্ত্ৰীয়েও প্ৰশংসা কৰা দুলু বৰাৰ মনত কিদৰে জাগিছিল প্ৰকৃতিপ্ৰেম ! শুনিলে আচৰিত হ'ব ... - DULU BORA CHAMPION OF WILDLIFE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.