ETV Bharat / state

কোন হ’ব মুখ্যমন্ত্ৰী; গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত বৈঠক - NEW DELHI CM

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে ৷ দিল্লী বিজেপি সভাপতি বীৰেন্দ্ৰ সচদেৱে আজি বিয়লি বিজয়ী বিধায়কক সাক্ষাৎ কৰিব ৷

New Delhi CM
গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত বৈঠক (File photo-ANI)
author img

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 5:53 PM IST

নতুন দিল্লী: ২৭ বছৰৰ পাছত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ ওলাইছে । দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক গুণা-গাঁথা ৷ ইয়াৰ মাজতে বিজেপিয়ে দিল্লীত চৰকাৰ গঠনৰ প্ৰচেষ্টা আৰম্ভ কৰিছে ।

দিল্লীত চৰকাৰ গঠন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত এখন বৈঠক অনুষ্ঠিত হয় । এই সময়ছোৱাত জে পি নাড্ডাৰ উপৰিও বৈজয়ন্ত পাণ্ডা আৰু বি এল সন্তোষও উপস্থিত আছিল । কোৱা হয় যে এই বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰীৰ উপৰি মন্ত্ৰীসকলৰ নামো আলোচনা কৰা হৈছিল ৷

New Delhi CM
গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত বৈঠক (File photo-ANI)

দিল্লী বিজেপিৰ সভাপতি সচদেৱে সাক্ষাৎ কৰিব বিধায়কক

আই এন এছৰ তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে বিজয়ী সকলো বিধায়কক সাক্ষাৎ কৰিব । এই সময়ছোৱাত সকলোকে অভিনন্দন জনোৱাৰ সমান্তৰালকৈ চৰকাৰ গঠনৰ বিষয়েও আলোচনা হ’ব পাৰে । মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত শনিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদী, জে পি নাড্ডা, অমিত শ্বাহে বিজেপিৰ কাৰ্যালয়ত শপত গ্ৰহণ অনুষ্ঠান আৰু দিল্লীত গঠন হ’বলগীয়া চৰকাৰৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে ।

সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণ সামৰি ভাৰতলৈ উভতি অহাৰ পিছত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ ১৪ ফেব্ৰুৱাৰীৰ নিশা উভতিব প্ৰধানমন্ত্ৰী মোদী । ইয়াৰ পিছতহে দিল্লীত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে । শপতগ্ৰহণ অনুষ্ঠানত এন ডি এৰ নেতাসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও এন ডি এ শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীকো আমন্ত্ৰণ জনোৱা হ’ব ।

মুখ্যমন্ত্ৰী আতিশীয়ে পদত্যাগ পত্ৰ দাখিল কৰে:

ইফালে, বিধানসভা নিৰ্বাচনত আপৰ পৰাজয়ৰ এদিন পিছতে দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে । বিষয়াসকলৰ মতে, ৰাজ নিৱাসত লেফটেনেণ্ট গৱৰ্ণৰ ছাক্সেনাক পদত্যাগ পত্ৰ দাখিল কৰে আতিশীয়ে ।

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৭০ খনৰ ভিতৰত ৪৮ খন আসন লাভ কৰে । আনহাতে আপে মাত্ৰ ২২খন আসনহে লাভ কৰিবলৈ সক্ষম হয় । নিৰ্বাচনত আপৰ মৰ্মান্তিক পৰাজয় হৈছিল যদিও কলকাজী আসনৰ পৰা জয়ী হৈছিল অতিশী ।

লগতে পঢ়ক: দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ আতিশীৰ

দুই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কপাল: এজনৰ ফুলিল আনজনৰ ফুটিল

দিল্লী নিৰ্বাচনৰ ফলাফল LIVE : দিল্লী বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন বিজেপিৰ: পৰৱেশ বাৰ্মা বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰধান মুখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.