গুৱাহাটী : ১০ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰে পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল মণিপুৰ বিধানসভাৰ অধিৱেশন ৷ কিন্তু মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই অধিৱেশন অনুষ্ঠিত হোৱাৰ এদিন পূৰ্বে মণিপুৰ বিধানসভাৰ অধিৱেশন বাতিলৰ নিৰ্দেশ জাৰি কৰিছে ৷
দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে নিজ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মণিপুৰৰ ৰাজ্যপালগৰাকীয়ে ৷ দেওবাৰে বিয়লি মণিপুৰ বিধানসভা সচিবালয়ে জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে এই কথা সদৰী কৰা হৈছে ৷
Manipur CM N Biren Singh hands over the letter of resignation from the post of Chief Minister to Governor Ajay Kumar Bhalla at the Raj Bhavan. pic.twitter.com/AOU6MFvScs
— ANI (@ANI) February 9, 2025
অধিসূচনাখনত ভাৰতীয় সংবিধানৰ ১৭৪ নং অনুচ্ছেদৰ দফা (১)ৰ অধীনত ৰাজ্যপালৰ আদেশৰ উল্লেখ কৰা হৈছে, য’ত বিধানসভাৰ অধিৱেশনৰ আহ্বান জনাই পূৰ্বৰ ২৪ জানুৱাৰী, ২০২৫ৰ আদেশ তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে ।
দেওবাৰে বিয়লি এন বীৰেণ সিঙে তেওঁৰ কেইবাগৰাকীও কেবিনেট সতীৰ্থ আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ সৈতে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সাক্ষাৎ কৰে ৷ লগতে এন বীৰেণ সিঙে তেওঁৰ পদত্যাগ পত্ৰ ৰাজ্যপালৰ হাতত প্ৰদান কৰে ।
এন বীৰেণ সিঙে তেওঁৰ পদত্যাগ পত্ৰখন এনেদৰে উল্লেখ কৰে -
‘‘মণিপুৰৰ প্ৰতিজন নাগৰিকক মই ধন্যবাদ জনালো, মোক তেওঁলোকৰ হৈ কাম কৰিবলৈএই সুবিধা প্ৰদান কৰাৰ বাবে । কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষাৰ বাবে কাম কৰি যাব তাত কোনো সন্দেহ নাই ।"
ইফালে ৰাজ্যপাল অজয় কুমাৰ ভাল্লায়ো দেওবাৰে বিয়লিয়েই সিঙৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে ৷ লগতে ৰাজ্যপাল ভাল্লাই এন বীৰেণ সিঙক পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্ধাৰণ নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই নিয়াৰ বাবে আহ্বান জনায় ৷
তদানীন্তন এন বীৰেণ সিঙৰ এই পদক্ষেপে বিগত দুবছৰ ধৰি জাতিগত অশান্তিৰ সাক্ষী হৈ থকা ৰাজ্যখনত ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি কৰিছে ।