ETV Bharat / sports

চৰকাৰে ওড়িশা ক্ৰিকেট সন্থাক কিয় দিলে কাৰণ দৰ্শোৱাৰ জাননী ? - ODISHA CRICKET ASSOCIATION

ভাৰত-ইংলেণ্ডৰ মাজৰ খেলত ৩০ মিনিটৰ বিলম্ব । ১০ দিনৰ ভিতৰত উত্তৰ দিব লাগিব ওড়িশা ক্ৰিকেট সন্থাই ।

Odisha Cricket Association
চৰকাৰে ওড়িশা ক্ৰিকেট সন্থাক কিয় দিলে কাৰণ দৰ্শোৱাৰ জাননী (IANS)
author img

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 7:41 PM IST

কটক(ওড়িশা): ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলা চলি আছে । দেওবাৰে দ্বিতীয়খন এদিনীয়া মেচ ওড়িশাৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল য'ত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰে । কিন্তু খেলখনৰ মাজতে এক প্ৰযুক্তিগত সমস্যাৰ সৃষ্টি হয় । যাৰ বাবে খেলখন কিছু সময়ৰ বাবে স্থগিত ৰাখিবলগীয়া হয় । ফ্লাড লাইডৰ সমস্যাৰ বাবে খেলখন স্থগিত ৰখা হৈছিল । এই ঘটনাটোৰ পিছতে কঠোৰ হৈছে ওড়িশা চৰকাৰ । চৰকাৰে খেলখনত হোৱা বিলম্বৰ বাবে ওড়িশা ক্ৰিকেট সন্থাক জবাবদিহি কৰিছে । লগতে চৰকাৰে সন্থাক কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰিছে ।

ওড়িশা চৰকাৰৰ কাৰণ দৰ্শোৱা জাননী

ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ আকৰ্ষণীয় ইনিংছ আৰু ভাৰতৰ প্ৰভাৱশালী বিজয় মেচখনৰ আটাইতকৈ চৰ্চিত বিষয় হিচাপে পৰিগণিত হৈছে । কিন্তু আন এক ঘটনাই শিৰোনামা দখল কৰিছে । সেয়া হৈছে বিকল হৈ পৰা ফ্লাড লাইট । যাৰ বাবে খেলখন বন্ধ হৈ আছিল । মেচখন প্ৰায় ৩০ মিনিট ধৰি বন্ধ হৈ আছিল । ইয়াৰ পিছতে সামাজিক মাধ্যমত বহুতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (BCCI) আৰু ষ্টেডিয়ামৰ গ্ৰাউণ্ড ষ্টাফক তীব্ৰ সমালোচনা কৰিছে ।

Odisha Cricket Association
ওড়িশা ক্ৰিকেট সন্থাক কাৰণ দৰ্শোৱাৰ জাননী (ETV Bharat)

বিপদত ওড়িশা ক্ৰিকেট সন্থা

ওড়িশা চৰকাৰৰ দ্বাৰা জাৰি কৰা জাননীত বিস্তৃত স্পষ্টীকৰণ বিচাৰিছে আৰু ওড়িশা ক্ৰিকেট সন্থাক ইয়াৰ বাবে দায়ী লোকসকলৰ চিনাক্তকৰণৰো নিৰ্দেশ দিয়া হৈছে । ওড়িশা ক্ৰিকেট সন্থাক স্পষ্টীকৰণ দিবলৈ চৰকাৰৰ তৰফৰ পৰা ১০ দিনৰ সময়সীমা দিয়া হৈছে ।

ৰোহিত শৰ্মাৰ আকৰ্ষণীয় শতক

ভাৰতে এদিনীয়া শৃংখলাৰ দ্বিতীয় খেলখনত ইংলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছে । য'ত ৰোহিত শৰ্মাৰ আকৰ্ষণীয় ইনিংছ অন্তৰ্ভুক্ত আছিল । ৰোহিত শৰ্মাই ৯০ টা বলত ১১৯ ৰাণৰ ইনিংছ খেলে । একেদৰে যুৱ বেটছমেন শুভমন গিলে ৬০ ৰাণৰ ইনিংছ খেলে । ৰোহিতৰ চমৎকাৰী বেটিঙৰ বাবে ভাৰতে ৪৪.৩ অভাৰতে ৩০৫ ৰাণৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয় ।

এদিনীয়া শৃংখলা জয় ভাৰতৰ

৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখনত ভাৰত জয়ী হৈছিল আৰু দ্বিতীয়খনতো এই জয়ৰ ধাৰা অব্যাহত ৰাখে । ওড়িশাত অনুষ্ঠিত খেলখনত ৰবীন্দ্ৰ জাদেজাই ৩ উইকেট দখল কৰে । বেন ডাকেট আৰু জ' ৰুটে অতিথি দলৰ হৈ অর্ধশতক কৰে আৰু দলটোক মুঠ ৩০৪ ৰাণ সংগ্ৰহত সহায় কৰে । এই বিজয়ৰ লগে লগে ভাৰতে শৃংখলাটোত ২-০ৰ অগ্ৰগতি লাভ কৰাৰ লগে লগে শৃংখলাটো দখল কৰে । অৱশ্যে ভাৰতে হোৱাইট ৱাশ্বৰ লক্ষ্য আগত ৰাখিছে । দুয়োটা দলে এই শৃংখলাৰ জৰিয়তে চেম্পিয়নছ ট্ৰফীৰ প্ৰস্তুতি মজবুত কৰিব বিচাৰিব । কাৰণ শৃংখলাটো শেষ হোৱাৰ পিছতে দুয়োটা দলে চেম্পিয়নছ ট্ৰফী খেলিব ।

লগতে পঢ়ক :দ্বিতীয়খন এদিনীয়াত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি শৃংখলা দখল ভাৰতৰ - INDIA BEAT ENGLAND BY 5 WICKETS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.