ETV Bharat / state

ৰাজীৱ শদিয়াৰ পিছত অসুস্থ আন এগৰাকী জনতাৰ শিল্পী - ARTIST LOHIT GOGOI

ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত জনতাৰ শিল্পী লোহিত গগৈ চিকিৎসাধীন ।

Artist Lohit Gogoi
ৰাজীৱ শদিয়াৰ পিছত অসুস্থ আন এগৰাকী জনতাৰ শিল্পী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 10:59 PM IST

ডিব্ৰুগড় : গণশিল্পী ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুৱে ৰাজ্যবাসীক আজিও আৱেগিক কৰি ৰাখিছে । দেওবাৰে শদিয়াৰ টুপচিঙা গাঁৱত অনুষ্ঠিত আদ্যশ্ৰাদ্ধত লাখৰো অধিক লোকে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ লগতে পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।

শিল্পী লোহিত গগৈ অসুস্থ

তাৰ মাজতে আন এক খবৰেই অসমৰ সাংস্কৃতিক ক্ষেত্ৰত উদ্বেগ সৃষ্টি কৰিছে । জাতি আৰু মানুহৰ গীত গাই ভালপোৱা জনতাৰ শিল্পী লোহিত গগৈ শাৰীৰিকভাৱে অসুস্থ । ডিব্ৰুগড়ৰ আস্থা নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী । পৰিয়ালৰ পৰা জানিব পৰা মতে মধুমেহ, ৰক্তচাপজনিত সমস্যাৰ লগতে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰাত শিল্পীগৰাকীক ডিব্ৰুগড়ৰ ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয় । স্বাস্থ্য পৰীক্ষাৰ সম্পূৰ্ণ ফলাফল আহিলে শিল্পীগৰাকীৰ স্বাস্থ্য দুৰ্বল হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি পৰিয়ালে জানিবলৈ দিছে ।

ৰাজীৱ শদিয়াৰ পিছত অসুস্থ আন এগৰাকী জনতাৰ শিল্পী (ETV Bharat)

উল্লেখ্য যে, মাঘ বিহুৰ উৰুকাৰ দিনা গণশিল্পী ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুৰ পাছৰে পৰা লোহিত গগৈ ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত সাহস হৈ ঠিয় দি সকলো কাম কাজ আগুৱাই লৈ গৈছিল । ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ বাবে ব্যস্ত থকাৰ বাবে নিজৰ স্বাস্থ্যৰ যত্ন নোলোৱাত শিল্পীগৰাকী অসুস্থ হোৱা বুলি অনুমান কৰা হৈছে । আনহাতে শিল্পীগৰাকী অসুস্থতাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে ডিব্ৰুগড়ৰ নাৰ্চিংহোমখনত বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীৰ লগতে একাংশ শুভাকাংক্ষীয়ে ভিৰ কৰিছে । শিল্পীগৰাকীৰ আৰোগ্য কাম কৰিছে ৰাজ্যবাসীয়ে ।

স্বাস্থ্যৰ বুজ ল'লে লুৰীণজ্যোতি গগৈয়ে

সোমবাৰে সন্ধিয়া হাস্পতালখনত উপস্থিত হৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ লুৰীণজ্যোতি গগৈয়ে কয়,"জনতাৰ শিল্পী লোহিত গগৈ কালিৰে পৰা অসুস্থ হৈ আছে । দেওবাৰে ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধলৈ যাবলৈ সাজু হওঁতেই হঠাৎ অসুস্থ হৈ পৰে । অসুস্থ হৈ পৰাত স্থানীয় চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল যদিও আজি নাৰ্চিংহোমত ভৰ্তি কৰা হৈছে । চিন্তাৰ কাৰণ নাই, সকলো পৰীক্ষা কৰা হৈছে । আমি আশা কৰিছো খুব সোনকালে তেওঁ সুস্থ হৈ ৰাইজৰ বাবে পুনৰ গান গাব ।"

লগতে পঢ়ক :কৃষ্ণগুৰু সেৱাশ্ৰমত ভক্তিৰসত বুৰ গ'ল মুখ্যমন্ত্ৰী - CM AT KRISHNAGURU SEWASRAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.