গুৱাহাটী: এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ নামত ৰাজ্যত চাকৰিৰ বজাৰ পতাৰ অভিযোগত গ্ৰেপ্তাৰ দুই অভিযুক্ত । ধৃত দুজন হৈছে দিব্যাংগ মঞ্চ অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিত বৰ্মন । অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত এই দুই নেতাই সংগ্ৰহ কৰিছিল লাখ লাখ টকা । টকা বিচাৰি ফোন কৰা কল ৰেকৰ্ডিং ভাইৰেল হৈছিল ।
ঘটনা সন্দৰ্ভত পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ড৹ শংকৰ জ্যোতি নাথে সংবাদ মাধ্যমৰ আগত কয়, "দিব্যাংগ মঞ্চ অসম নামৰ সংগঠনটোৰ মুৰব্বীয়ে চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি ৮ ফেব্ৰুৱাৰীত জনৈক কলিতা নামৰ এজন লোকে এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিত তদন্ত কৰি বহু তথ্য পোৱাত এটি গোচৰ ৰুজু কৰো । এই গোচৰৰ ভিত্তিত দেওবাৰে নিশা বৰাগাঁৱৰ পৰা ছেমিম আহমেদ আৰু নৱজিত বৰ্মনক গ্ৰেপ্তাৰ কৰা হয় । লগতে এখন নতুন স্ক'ৰপিঅ' বাহনো জব্দ কৰা হৈছে । ঘটনাটোৰ তদন্ত অব্যাহত আছে ।"
আনহাতে পাণবজাৰ থানাৰ পৰা স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত ছেমিম আহমেদ আৰু নৱজিত বৰ্মনে সংবাদ মাধ্যমৰ আগত কয়, "আমাক ফচোৱা হৈছে । ওপৰত ডাঙৰ ডাঙৰ মানুহ আছে । যিবোৰ অডিঅ' ভাইৰেল হৈছে সেইবোৰ সকলো মিছা । আমাৰ ওপৰত বহুত মানুহ আছে । ডাঙৰ ডাঙৰ নেতা আছে ।"
উল্লেখ্য যে দিব্যাংগ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদত নিযুক্তি দিয়াৰ নামত দিব্যাংগ মঞ্চ, অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে চাকৰি প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা বুলি দিব্যাংগ সমাজৰ হৈ কেইবাগৰাকীও দিব্যাংগ প্রার্থীয়ে অভিযোগ উত্থাপন কৰিছিল । সামাজিক মাধ্যমত এনে ফোন কলৰ অডিঅ' ভাইৰেল হোৱাৰ পিছত দিব্যাংগ মঞ্চ, অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল দিব্যাংগ সমাজে ।
পাণবজাৰ থানাত গোচৰ ৰুজু কৰি অভিযুক্ত নেতাদ্বয়ৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ দিব্যাংগ সমাজে দাবী জনাইছিল । ক্ষুব্ধ দিব্যাংগ প্রার্থীসকলে অভিযোগ কৰা অনুসৰি দিব্যাংগ মঞ্চ, অসমৰ তথাকথিত নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে দিব্যাংগৰ নামত সংগঠন কৰি চাকৰিৰ বজাৰ পাতিছে । নলবাৰী, ধুবুৰী, কোকৰাঝাৰ আদি স্থানৰ পৰা দিব্যাংগ প্রার্থীক চাকৰি দিয়াৰ আশা দি লাখ লাখ টকা সংগ্ৰহ কৰিছে এই দুই দিব্যাংগ সংগঠনৰ নেতাই । একোটা পদৰ বিপৰীতে দুয়ো চাৰে চাৰি লাখ টকালৈকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছিল ।