ETV Bharat / entertainment

প্ৰথম দেখাতে দাদুলৰ চকুত ৰৈ গৈছিল মিনাক্ষীৰ ছবি, আজি এজন আনজনৰ জীৱন বাটৰ সাহসী সাৰথি - ARTIST DADUL CHALIHA INTERVIEW

বিশিষ্ট চিত্ৰশিল্পী দাদুল চলিহা আৰু চিত্ৰশিল্পী মিনাক্ষী বৰগোঁহাইৰ কাহিনী এয়া ৷ প্ৰথমবাৰ দেখিয়েই প্ৰেমত পৰা দাদুল চলিহাক পিছতহে চিনি পাইছিল মিনাক্ষী বৰগোঁহাইয়ে ৷ আছুতীয়া সাক্ষাৎকাৰ-

etv-bharat-exclusive-first-indian-artist-to-get-leonardo-da-vinci-award-dadul-chaliha-and-minakshi-borgohain
বিশিষ্ট চিত্ৰশিল্পী দাদুল চলিহা আৰু চিত্ৰশিল্পী মিনাক্ষী বৰগোঁহাই (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Feb 14, 2025, 11:49 AM IST

গুৱাহাটী : শিল্প সাধনাত ব্ৰতী হৈ থকা এটি দম্পতী । নিৰন্তৰে কৰি গৈছে শিল্প সাধনা । সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে এই দুগৰাকী শিল্পীয়ে কলাকে জীৱন আৰু জীৱিকাৰূপে আগবঢ়াই নিছে । চিত্ৰকলাৰ প্ৰতি থকা অপাৰ ভালপোৱাৰ বাবে কোনো চৰকাৰী চাকৰিৰ কথা নাভাবি দুয়োগৰাকী শিল্পীয়ে চিত্ৰকলাকে উপাৰ্জনৰ পথ হিচাপে বাচি ল’লে । ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্রীয় ভালেমান গুৰুত্বপূৰ্ণ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি কলাৰসিক সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই দুগৰাকী শিল্পী হৈছে দাদুল চলিহা আৰু মিনাক্ষী বৰগোঁহাই ।

দাদুল চলিহাই যে কেৱল চিত্ৰ বা ভাস্কৰ্য কলাৰ লগত জড়িত তেনে নহয়, তেওঁ খুব সুন্দৰ গীতো গায় । দুয়োগৰাকী শিল্পীয়ে তেওঁলোকৰ শিল্পসৃষ্টি, ব্যক্তিগত জীৱন আৰু প্ৰাত্যহিক কৰ্মত এজনে আনজনক সহায় আৰু অনুপ্ৰেৰণা যোগাই আহিছে ৷

আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

নিৰন্তৰে চিত্ৰ সাধনাৰ সৈতে ব্ৰতী হৈ থকা এই বিশেষ দম্পতীটোৱে ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাৎক্ষাৎকাৰত জনালে চিত্ৰকলা সন্দৰ্ভত বহু কথা

কেনেদৰে আৰম্ভ হৈছিল শিল্পী দুগৰাকীৰ এই যাত্ৰা ?

অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী দাদুল চলিহা । মূলত পৰম্পৰাগত আৰু আধুনিক শিল্পশৈলীৰ সংমিশ্ৰণ কৰি নতুনত্ব সৃষ্টি কৰা এইগৰাকী শিল্পীৰ সৃষ্টি বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে পৰিচিত । আনহাতে ৰাজ্যৰ শিল্প-সংস্কৃতিৰ বিকাশত তেখেতৰ আছে গুৰুত্বপূৰ্ণ অৱদান । চলিহাই তেওঁৰ এই যাত্ৰাৰ সন্দৰ্ভত মন্তব্য কৰি কয়, "মোৰ জন্ম মঙলদৈত হৈছিল । আমাৰ যৌথ পৰিয়াল আছিল । সৰুৰে পৰা এটা সাংস্কৃতিক পৰিৱেশৰ মাজতে ডাঙৰ হৈছিলো । শৈশৱত আমাৰ ঘৰৰ চোতালৰ মাটিতে মই ছবি আঁকিছিলো । তেনেদৰে ছবিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হৈছিল । কিন্তু পৰৱৰ্তী সময়ত যেতিয়া মই এই কলাতেই উচ্চ শিক্ষা গ্ৰহণ কৰাৰ কথা পৰিয়ালৰ লোকক অৱগত কৰিছলো তেতিয়া মোক ঘৰৰ পৰা বাধা দিছিল । কিন্তু ঘৰৰ বাধা নেওচি বহুত প্ৰতিবাদ কৰি গুৱাহাটীলৈ আহি আৰ্ট কলেজত নামভৰ্তি কৰো । এনেদৰেই আৰম্ভ হৈছিল এই যাত্ৰাৰ।"

etv bharat exclusive first Indian artist to get Leonardo Da Vinci award Dadul Chaliha and Minakshi Borgohain
শিল্পীৰ মনোৰম সৃষ্টি (Photo : ETV Bharat Assam)

ইফালে মিনাক্ষী বৰগোহাঁইয়ে কয়, “সৰুৰে পৰা মই ছবি আঁকি ভাল পাইছিলো । মোৰ দেউতাইয়ো ছবি আঁকিছিল লগতে লিখা মেলাও কৰিছিল । দেউতাৰ পৰাই মই দেখি দেখি ছবি আঁকিবলৈ অনুপ্ৰেৰণা লাভ কৰিলো । ইয়াৰোপৰি প্ৰাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ ঠাই নামৰূপত মোৰ জন্ম হৈছিল । ছবিৰ দৰে এটা ধুনীয়া পৰিৱেশত মোৰ জন্ম হৈছিল সেয়ে মই ছবি আঁকিয়ে ভাল পাইছিলো । কিন্তু তেতিয়া মই জনা নাছিলো যে চিত্ৰকলা এটা পঢ়িব লগা বিষয় । পৰৱৰ্তী সময়ত আৰ্ট কলেজৰ বিষয়ে জানিব পাৰিলো । তাৰ পাছত আহি ইয়াতে নামভৰ্তি কৰিলো আৰু তেনেদৰে আৰম্ভ হৈছিল এই যাত্ৰাৰ ।”

কেনেদৰে চিনাকি হৈছিল দাদুল-মিনাক্ষীৰ ?

আৰ্ট কলেজত প্ৰথম দিনাই মিনাক্ষীক বৰগোঁহাইক দেখা পাইছিল দাদুল চলিহাই । এখন চিত্ৰৰ দৰে সেই দিনটোৰ সেই মুহূৰ্তখিনি আজিও সজীৱ হৈ আছে চলিহাৰ মনত । তেওঁৰ সেই দেখাৰ পাছত আৰ্ট কলেজতে মিনাক্ষী বৰগোঁহাই চিনাকী হৈছিল দাদুল চলিহাৰ লগত । দাদুল চলিহাৰ বহুমুখী প্ৰতিভাৰ প্ৰতি আকৃষ্ট হৈছিল মিনাক্ষী । দুয়োগৰাকীৰ মাজত প্ৰথমে গঢ় লৈ উঠিছিল বন্ধুত্ব আৰু সেই বন্ধুত্বই এইদিন ক’ব নোৱাৰাকৈয়ে জীৱন সংগীৰ ৰূপ লৈ ল’লে ।"

শিল্পকলাক পেচা হিচাপে লৈ জীৱন নিৰ্বাহ কৰাটো সম্ভৱ নে ?

দস্তুৰমত এই প্ৰশ্নৰ উত্তৰত দুয়ো শিল্পীয়ে একেমুখে স্বীকাৰ কৰে যে শিল্পকলাক পেচা হিচাপে লৈ জীৱন নিৰ্বাহ কৰাটো সম্ভৱ ৷ প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত দুয়োৰে মুখত দেখিবলৈ পোৱা শান্তিয়ে এয়ে প্ৰমাণ কৰে যে য’ত মানসিক শান্তি আছে মানুহে তাতহে বাস কৰিব লাগে ৷ চলিহাই কয়, "কেৱল অনুষ্ঠানিক শিক্ষাৰে মানুহে শিল্প কলা আয়ত্ত কৰিব নোৱাৰে । তাৰ বাবে একাগ্ৰতাও থাকিব লাগিব । মই ল’গ’ ডিজাইনৰ পৰা আৰম্ভ কৰি ভিন্ন ভাস্কৰ্য কলাৰ কাম কৰিছো । এইবোৰ সম্পূৰ্ণ ব্যৱহাৰিক কাম । সকলো কামতে শিল্প দক্ষতা আৰু একাগ্ৰতা থাকিব লাগিব । যদি দক্ষতা নাথাকে মানুহে সেইবোৰ কিয় গ্ৰহণ কৰিব । আমাৰ মনৰ ভিতৰত এক বিশ্বাস আছে বাবে আমি চাকৰি বিচাৰি হাবাথুৰি নাই খোৱা । আমাৰ মনৰ ভিতৰত এটা অটল বিশ্বাস আছে, যাৰ বাবে আমি এনেদৰেও চলি থাকিব পাৰিছো ।"

উল্লেখ্য যে, চিত্ৰশিল্পী দাদুল চলিহাই তেওঁৰ অপূৰ্ব সৃষ্টিৰাজীৰ বাবে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । বিশেষকৈ, ক’ব লাগিব যে ২০১৮ চনত তেওঁ ইটালীত অনুষ্ঠিত ‘দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় লিঅ’নাৰ্ডো দা ভিঞ্চি - দ্য ইউনিভাৰ্ছেল আৰ্টিষ্ট বঁটা লাভ কৰে, যি সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় শিল্পী হৈছে চলিহা । ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু কেইটা প্ৰকল্পৰ সৈতে জড়িত হৈ আছে চলিহা ।

সমান্তৰালভাৱে মিনাক্ষী বৰগোঁহাইয়েও বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । তেওঁ বৰ্তমানলৈ ৩ খন একক প্ৰদৰ্শনীও অনুষ্ঠিত কৰিছে । ভাৰত আৰু বিদেশত বিভিন্ন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে চিত্ৰশিল্পীগৰাকীয়ে ।

বিশিষ্ট চিত্ৰশিল্পী দাদুল চলিহা (Photo : ETV Bharat Assam)

লগতে পঢ়ক : আশাবাদ আৰু ইতিবাচক বার্তাৰে সৃষ্টিৰাজি প্ৰতিফলিত কৰা এগৰাকী চিত্ৰশিল্পী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.