গুৱাহাটী : অৱশেষত বিজেপিৰ বিৰুদ্ধে আইনৰ কাষ চাপিব লোকসভাৰ বিৰোধী উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈ । শুক্ৰবাৰে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা গৌৰৱ গগৈৰ ।
সামাজিক মাধ্যমযোগে সাংসদ গৌৰৱ গগৈৰ ঘোষণা, “বিজেপিয়ে মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চৰম পদক্ষেপ লৈছে । তেওঁলোকৰ অভিযোগ কুঅভিসন্ধিমূলক আৰু ভিত্তিহীন । মই উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিম ।”
The BJP has gone to extreme steps to defame me and my family. Their allegations are malicious and baseless. I will be taking the appropriate legal action.
— Gaurav Gogoi (@GauravGogoiAsm) February 14, 2025
লোকসভাত বিৰোধী উপ-দলপতি তথা যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তানৰ আই এছ আইৰ সৈতে যোগসুত্ৰ থকাৰ অভিযোগ তুলিছে বিজেপিয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিজেপিৰ নেতা-কৰ্মী সকলো ব্যস্ত হৈ পৰিছে গৌৰৱ গগৈ আৰু তেওঁৰ বিদেশী পত্নীক ভাৰতৰ বৈৰী দেশ পাকিস্তানৰ সৈতে জড়িত থকাৰ অভিযোগেৰে সমালোচনা কৰাত ৷
মিঃ সিনহা নামৰ এজন গুজৰাটী লোকৰ সামাজিক মাধ্যমৰ এটা পোষ্টক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী আৰু বিজেপিৰ অভিযোগ যে লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈৰ পত্নী পাকিস্তানী চোৰাংচোৱা সংস্থা আৰু অন্যান্য ভাৰতবিৰোধী শক্তিসমূহৰ সৈতে সম্পর্ক থকাৰ লগতে এই প্ৰসংগত গৌৰৱ গগৈৰ ভূমিকাও ৰহস্যজনক । আনকি মুখ্যমন্ত্ৰীয়ে বিগত দুদিন ধৰি গৌৰৱ গগৈৰ প্ৰতি ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে ৷
বিজেপি নেতা-কৰ্মীৰ উপৰি ৰাজ্যিক সভাপতি দিলীপ শইকীয়ায়ো গৌৰৱ গগৈৰ পত্নীক আই এছ আইৰ এজেণ্ট বুলি অভিহিত কৰাৰ লগতে কেন্দ্ৰৰ হস্তক্ষেপ দাবী কৰে ৷
দিলীপ শইকীয়াই লগতে কয়, “গৌৰৱ গগৈৰ বিদেশী পত্নীয়ে ১২ বছৰলৈকে ভাৰতীয় নাগৰিকত্ব গ্রহণ নকৰাৰ আঁৰৰ যি গোপন অভিসন্ধি সেই কথা ৰাজহুৱা হোৱাৰ প্রয়োজন আছে । নিশ্চয় কেন্দ্রীয় চৰকাৰে এই বিষয়ত উপযুক্ত আৰু সঠিক তদন্ত কৰি সময়ত সমগ্র দেশবাসীক অৱগত কৰিব ৷”
ৰাজ্যিক বিজেপিৰ সভাপতিৰ মন্তব্য, "২০১৫ চনত সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান উচ্চ আয়ুক্তৰ দিল্লীস্থ কাৰ্যালয়লৈ গৈছিল, লগত নিছিল এজাক ল'ৰা-ছোৱালী । সেই ল'ৰা-ছোৱালীক লগত লৈ গৌৰৱ গগৈয়ে পাকিস্তান উচ্চ আয়ুক্তৰ সৈতে কি আলোচনা কৰিছিল সেয়া কোনেও নাজানে । ৰাষ্ট্রীয় নিৰাপত্তাৰ ক্ষেত্রত এনেবোৰ বিষয় যথেষ্ট গুৰুত্বপূর্ণ ৷”
তাতকৈয়ো এখোপ আগবাঢ়ি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে গৌৰৱ গগৈৰ বিৰুদ্ধে সামাজিক মাধ্যমত আক্ৰমণ অব্যাহত ৰাখে । দিল্লীস্থিত পাকিস্তানী উচ্চায়ুক্তৰ পাকিস্তানী ৰাষ্ট্ৰদূত মঃ আব্দুল বাছিতৰ সৈতে সাক্ষাতৰ এখন ফটোৰে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে ধাৰাসাৰ আক্ৰমণ অব্যাহত ৰাখিছে ।
সামাজিক মাধ্যমযোগে তাৰ প্ৰত্যুত্তৰো দিয়ে গৌৰৱ গগৈয়ে ৷ কিন্তু অৱশেষত বিজেপিৰ বিৰুদ্ধে তেওঁ আইনৰ কাষ চপাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে । অৱশ্যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনৰ আশ্ৰয় ল’বনে নাই সেয়া কংগ্ৰেছী সাংসদজনে স্পষ্টকৈ প্ৰকাশ কৰি নাই । কিন্তু সামাজিক মাধ্যমৰ যুঁজখন যে আদালতৰ মজিয়া পাবগৈ সেয়া প্ৰায় নিশ্চিত ।