অমৃতসৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰব্ৰজন নীতিক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । ভাৰততো ৰাজনৈতিক মহলত বিষয়টোক লৈ চৰ্চা অব্যাহত আছে । তাৰ মাজতে আমেৰিকাৰ পৰা আন এখন বিমানে অৱতৰণ কৰিলে অমৃতসৰ বিমানবন্দৰত । শনিবাৰে অৱতৰণ কৰা বিমানখনত আছিল ১১৬ গৰাকী ভাৰতীয় অনুপ্ৰৱেশকাৰী ।
বিমানখন অৱতৰণ কৰাৰ পিছতে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে । পঞ্জাবৰ পবিত্ৰ চহৰখনক ‘‘নিৰ্বাসন কেন্দ্ৰ’’ নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ਅਮਰੀਕਾ ਵਰਗੇ ਦੇਸ਼ ਦਾ ਫੌਜੀ ਜਹਾਜ਼ ਪੰਜਾਬ ਦੇ ਸਰਹੱਦੀ ਸ਼ਹਿਰ 'ਚ ਉਤਾਰਨਾ ਦੇਸ਼ ਦੀ ਸੁਰੱਖਿਆ ਨੂੰ ਖ਼ਤਰੇ 'ਚ ਪਾਉਣਾ ਹੈ। ਕੇਂਦਰ ਸਰਕਾਰ ਜਵਾਬ ਦੇਵੇ ਕਿ ਜਹਾਜ਼ ਉਤਾਰਨ ਲਈ ਹਰ ਵਾਰ ਅੰਮ੍ਰਿਤਸਰ ਨੂੰ ਹੀ ਕਿਉਂ ਚੁਣਿਆ ਜਾ ਰਿਹਾ ਹੈ?
— Bhagwant Mann (@BhagwantMann) February 15, 2025
..........
अमेरिका जैसे देश का सैन्य विमान पंजाब के सीमावर्ती शहर में उतारना देश की सुरक्षा… pic.twitter.com/eFXXXEyKW4
- ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়ন
চৰকাৰী সূত্ৰৰ মতে ১১৬ গৰাকী ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ আমেৰিকাৰ এখন সামৰিক বিমান শনিবাৰে নিশা অমৃতসৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে । নিশা প্ৰায় ১১.৩৫ বজাত বিমানবন্দৰত চি-১৭ বিমানখনে অৱতৰণ কৰে । অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কৰা অভিযানৰ অংশ হিচাপে ড'নাল্ড ট্ৰাম্প প্ৰশাসনৰ দ্বাৰা বিতাড়িত হোৱা ভাৰতীয়সকলৰ এইটো দ্বিতীয় দল ।
অৱশ্যে আগৰ দলটোৰ দৰে লোকসকলক হাতত শিকলি লগাই অনা হৈছিল নে নাই সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই । ইমিগ্ৰেচন আৰু পৰিচয় পৰীক্ষাৰ পিছতে পঞ্জাবৰ বিতাড়িত লোকসকলক দেওবাৰে পুৱা প্ৰায় ৪.৩০ বজাত আৰক্ষীৰ বাহনত তেওঁলোকৰ নিজ নিজ ঘৰলৈ লৈ যোৱা হয় ।
ইয়াৰ পূৰ্বে ৫ ফেব্ৰুৱাৰীত অনুপ্ৰৱেশকাৰীৰ প্ৰথমটো দলে অমৃতসৰত অৱতৰণ কৰিছিল । সেইসকলৰ বেছিভাগেই পঞ্জাবৰ পৰা আছিল । লোকসকলে কৈছিল যে তেওঁলোকে উন্নত জীৱন যাপনৰ বাবে আমেৰিকালৈ প্ৰব্ৰজন কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকক এজেণ্টে প্ৰতাৰিত কৰিছিল । আমেৰিকাৰ সীমান্তত ধৰা পৰাৰ পিছত তেওঁলোকক আটক কৰা হৈছিল ।
- আমেৰিকাৰ পৰা অহা দ্বিতীয়টো দলৰ লোকসকল কোন কোন ৰাজ্যৰ ?
বিতাড়িতসকলৰ দ্বিতীয়টো দলৰ ভিতৰত ৬৫ গৰাকী পঞ্জাবৰ, ৩৩ গৰাকী হাৰিয়ানাৰ, ৮ গৰাকী গুজৰাটৰ, উত্তৰ প্ৰদেশৰ, গোৱা, মহাৰাষ্ট্ৰ, ৰাজস্থানৰ ২ জনকৈ, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ এজনকৈ লোক আছে বুলি জানিব পৰা গৈছে । তেওঁলোকৰ বেছিভাগৰে বয়স ১৮ ৰ পৰা ৩০ বছৰ । তেওঁলোকৰ একাংশৰ পৰিয়াল বিমানবন্দৰত উপস্থিত হৈছিল । ইফালে ১৫৭ গৰাকী অনুপ্ৰৱেশকাৰী ভাৰতীয়ক অনা তৃতীয়খন বিমানো ১৬ ফেব্ৰুৱাৰীত অৱতৰণ কৰাৰ সম্ভাৱনা আছে ।
- পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ ক্ষোভ
তাৰ মাজতে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে অমৃতসৰ বিমানবন্দৰত অনুপ্ৰৱেশকাৰীক লৈ অহা আমেৰিকাৰ বিমান অৱতৰণক লৈ কেন্দ্ৰক আক্ৰমণ কৰে । তেওঁ কয়, "আমাৰ পবিত্ৰ চহৰখনক নিৰ্বাসন কেন্দ্ৰ নকৰিব ।" মানে অমৃতসৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰো পৰিদৰ্শন কৰিছে আৰু কৈছে যে তেওঁৰ চৰকাৰে পঞ্জাবৰ বাসিন্দাসকলক তেওঁলোকৰ গৃহ চহৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে । মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ প্ৰশাসনে হাৰিয়ানাৰ লোকসকলক তেওঁলোকৰ ঘৰলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিছে । অৱশ্যে হাৰিয়ানা চৰকাৰেও কৈছে যে তেওঁলোকে ইতিমধ্যে একে ধৰণৰ ব্যৱস্থা কৰিছে ।
মুখ্যমন্ত্ৰীয়ে কয় যে আন ৰাজ্যৰ লোকসকলে দেওবাৰে পুৱা এখন বিমানেৰে অমৃতসৰৰ পৰা দিল্লীলৈ যাত্ৰা কৰিব আৰু তাৰ পিছত তেওঁলোকক নিজ নিজ ঘৰলৈ লৈ যোৱা হ'ব । মুখ্যমন্ত্ৰীৰ মতে তেওঁলোকৰ সকলোৰে বাবে খাদ্যৰ ব্যৱস্থা কৰা হৈছে । মানে এই কথাও কৈছে যে দেশত বহুতো বিমান ঘাটি আছে আৰু অনুপ্ৰৱেশকাৰী লৈ অহা বিমানবোৰে সেইবোৰৰ যিকোনো এটাত অৱতৰণ কৰিব পাৰে ।
তেওঁ প্ৰশ্ন কৰে- "যদি অনুপ্ৰৱেশকাৰীসকল ভেটিকান চিটিৰ হয় তেন্তে কৰ্তৃপক্ষই অনুপ্ৰৱেশকাৰী অনা এখন বিমান তাত অৱতৰণৰ অনুমতি দিব নেকি ?" আনকি মানে কয় যে কেন্দ্ৰই চহৰখনৰ পৰা আমেৰিকালৈ বিমান সেৱা কিয় আৰম্ভ কৰা নাই, যিটো ৰাজ্যখনৰ দীৰ্ঘদিনীয়া দাবী হৈ আহিছে ।