ওমান : ক্ৰিকেট বিশ্বকাপ লীগ ২ ৰ খেলত ওমানৰ বিৰুদ্ধে ঐতিহাসিক প্ৰদৰ্শন দেখুৱালে আমেৰিকা ক্ৰিকেট দলে । ওমানৰ বিৰুদ্ধে এদিনীয়া খেলত সৰ্বনিম্ন স্ক'ৰ ডিফেণ্ড কৰে আমেৰিকাই ।
সৰ্বনিম্ন স্ক'ৰ সফলতাৰে ডিফেণ্ড
ওমানৰ আল আমিৰাতত খেলা মেচখনত আমেৰিকাই ওমানৰ বিপক্ষে ১২২ ৰণ সংগ্ৰহ কৰিছিল । তাৰ পিছত আমেৰিকাই প্ৰতিপক্ষ দলক ৫৭ ৰাণত পৰাস্ত কৰি ১২২ ৰণৰ স্ক'ৰটো ডিফেণ্ড কৰে । যাৰ ফলত এদিনীয়া ক্ৰিকেটত সফলতাৰে ডিফেণ্ড কৰা আটাইতকৈ সৰ্বনিম্ন স্ক'ৰ হৈ পৰে । ইয়াৰ পূৰ্বে এই অভিলেখ ভাৰতৰ নামত আছিল । ভাৰতে ১৯৮৫ চনত শ্বাৰজাহত পাকিস্তানৰ বিৰুদ্ধে এই অভিলেখ ৰচিছিল । ভাৰতীয় দলে ৰথমেন্স ফৰ নেচনছ কাপত পাকিস্তানৰ বিৰুদ্ধে ১২৫ ৰাণ সংগ্ৰহ কৰি ৩৮ ৰাণৰ ব্যৱধানত খেলখনত জয়ী হৈছিল ।
🚨 NEW RECORD ALERT 🚨#TeamUSA have made history by successfully defending the lowest total in Men’s ODIs against Oman! 👏🔥
— USA Cricket (@usacricket) February 18, 2025
Way to go, boys! 🙌#USAvOMAN | #WeAreUSACricket 🇺🇸 pic.twitter.com/dwc4U1IgvU
এদিনীয়াত ফাষ্ট বলাৰে এটাও বল নিদিলে
ইয়াৰ বাহিৰেও এই খেলখনত ৪৬৭১ খন মেচৰ পিছত প্ৰথম এদিনীয়া আছিল, য'ত ফাষ্ট বলাৰে এটাও বল কৰা নাছিল । এই মেচখনত স্পিনাৰসকলে এদিনীয়াত লোৱা আটাইতকৈ বেছি উইকেটৰ (১৯) অভিলেখৰ সমান আছিল । ২০১১ চনত বাংলাদেশ-পাকিস্তান এদিনীয়াত এই অভিলেখ দেখা গৈছিল ।
History books rewritten in Al-Amerat!
— ICC (@ICC) February 18, 2025
USA claim an ODI record in a stunning League 2 defence 👇 #OMAvUSAhttps://t.co/BJNF6rWEKG
স্পিনাৰে ল'লে আটাইকেইটা উইকেট
স্পিনাৰৰ বাবে সহায়ক পৰিস্থিতিত আমেৰিকাৰ বাওঁ হাতৰ স্পিনাৰ নষ্টুচ কেনজিগ প্ৰভাৱশালী আছিল । কেনজিগে ৭.৩ অভাৰত ১১ ৰাণ দি ৫ টা উইকেট দখল কৰে । যিয়ে ওমানক ৬৫ ৰাণতে অলআউট কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । আমেৰিকাৰ হৈ মিলিন্দ কুমাৰ আৰু ইয়াছিৰ মহম্মদে দুটাকৈ উইকেট লয় । প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ লোৱাৰ পিছত ওমানৰ বলাৰসকল আমেৰিকাৰ বেটছমেনৰ ওপৰত আক্ৰমণাত্মক হৈ পৰে । সম্পূৰ্ণ দলটোক ৩৫.৩ অভাৰত ১২২ ৰাণত অলআউট কৰে । য'ত ওমানৰ চাকিল আহমেদে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে ২০ ৰাণত ৩ টা উইকেট দখল কৰে ।
উল্লেখ্য যে আমেৰিকা আৰু ওমানে ৬১ অভাৰত মাত্ৰ ১৮৭ ৰাণ কৰে । যি এদিনীয়া ক্ৰিকেটত দ্বিতীয় সৰ্বনিম্ন স্ক'ৰ । ২০১৪ চনত ভাৰত আৰু বাংলাদেশৰ মাজত ৪১ অভাৰৰ খেলত ১৬৩ ৰাণৰ স্ক'ৰ হৈছিল, যি সৰ্বনিম্ন স্ক'ৰ আছিল ।