ৱাশ্বিংটন : বিশ্বৰ বিভিন্ন দেশত ভাৰতীয় তথা ভাৰতীয়মূলৰ ব্যক্তিৰ দপদপনি অব্যাহত আছে । ইতিমধ্যে বহু দেশৰ চৰকাৰ তথা প্ৰশাসন, বিশ্বৰ প্ৰভাৱশালী প্ৰতিষ্ঠান, উদ্যোগ আদি বিভিন্ন ক্ষেত্ৰত উচ্চ আসনত বহি আছে ভাৰতীয় আৰু ভাৰতীয়মূলৰ ব্যক্তি । এইবাৰ আন এগৰাকী ভাৰতীয়মূলৰ ব্যক্তিক দিয়া হৈছে অতি গুৰুত্বপূৰ্ণ দায়িত্ব ।
ফেডাৰেল ব্যুৰ' অফ ইনভেষ্টিগেচন যাক এফবিআই (FBI) বুলি জনা যায়, তাৰ সঞ্চালক পদত নিযুক্তি দিয়া হৈছে ভাৰতীয়মূলৰ কাশ্যপ প্ৰমোদ বিনোদ পেটেলক । ৰাষ্ট্ৰপতিৰ সহায়ক তথা হোৱাইট হাউচৰ ডেপুটি চীফ অব ষ্টাফ ডেন স্কেভিনোৱে সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে ।

বৃহস্পতিবাৰে তেওঁ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এফবিআইৰ (FBI) নৱম সঞ্চালক হিচাপে কাশ পেটেলক নিযুক্তিৰ আনুষ্ঠানিকভাৱে আয়োগত স্বাক্ষৰ কৰিছে । স্কেভিনোৱে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে ওভাল অফিচত এক অনুষ্ঠানত পেটেলৰ নিযুক্তিত স্বাক্ষৰ কৰে ।
X ৰ এটা পোষ্ট শ্বেয়াৰ কৰি ৰাষ্ট্ৰপতিৰ সহায়ক ডেন স্কেভিনোৱে লিখিছে, "কিছু মুহূৰ্তৰ পূৰ্বে ওভাল অফিচত । ফেডাৰেল ব্যুৰ' অফ ইনভেষ্টিগেচনৰ নৱম সঞ্চালক কাশ পেটেলক অভিনন্দন ।" তেওঁ লগতে কয়, "ৰাষ্ট্ৰপতি ট্ৰাম্পে আনুষ্ঠানিকভাৱে আয়োগত স্বাক্ষৰ কৰিছে । কাশক তেওঁৰ নতুন এক্স একাউণ্টত ফলো কৰক: @FBIDirectorKash ।"
Moments ago in the Oval Office.
— Dan Scavino (@Scavino47) February 21, 2025
Congratulations to the Ninth Director of the Federal Bureau of Investigation, Kash Patel.
President Trump has officially signed the commission…
Follow Kash on his new 𝕏 account: @FBIDirectorKash. pic.twitter.com/qcRqxE20d1
- হোৱাইট হাউচৰ আদৰণি
হোৱাইট হাউচেও কাশ পেটেলক এফবিআইৰ নতুন সঞ্চালক হিচাপে দায়িত্ব দিয়াক আদৰণি জনাই, অখণ্ডতা ৰক্ষা আৰু আইনী শাসন বজাই ৰখাৰ বাবে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ কাৰ্যসূচী কাৰ্যকৰী কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে ।
হোৱাইট হাউচে গুৰুত্ব আৰোপ কৰে যে এফবিআইয়ে এতিয়া ন্যায় ব্যৱস্থাক নিৰপেক্ষভাৱে আৰু পক্ষপাতিত্ব অবিহনে বলবৎ কৰাৰ মূল লক্ষ্যৰ ওপৰত পুনৰ গুৰুত্ব দিব । এই সন্দৰ্ভত এক্সৰ এটা পোষ্টো শ্বেয়াৰ কৰিছে হোৱাইট হাউচে ।
- কাশ পেটেলৰ প্ৰতিক্ৰিয়া
বৃহস্পতিবাৰে চিনেটে এফবিআইৰ সঞ্চালক হিচাপে নিশ্চিত কৰাৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সহযোগী পেটেলে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু সংস্থাটোক "স্বচ্ছ, দায়বদ্ধ আৰু ন্যায়ৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ" হিচাপে পুনৰ প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । পেটেলে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু এটৰ্নি জেনেৰেল পাম বণ্ডিক তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনায় আৰু এফবিআইৰ ওপৰত জনসাধাৰণৰ বিশ্বাস পুনৰুদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
উল্লেখ্য যে, এই মনোনয়নত আলাস্কাৰ ৰিপাব্লিকান চিনেটৰ লিছা মৰ্কচ আৰু মেইনৰ চুজান কলিন্সে বিৰোধিতা কৰিছিল যদিও পেটেলে চিনেটৰ সংখ্যালঘু নেতা মিচ মেককনেলকে ধৰি বাকী ৰিপাব্লিকান পাৰ্টীৰ পৰা সমৰ্থন লাভ কৰে আৰু ৫১-৪৯ ভোটত জয়ী হয় ।