ETV Bharat / state

মৰ্মান্তিক; চয়াবিন প্ৰস্তুত কৰা মেচিনত জীৱন্তে সোমাই গ'ল কৰ্মচাৰী - DERGAON SOYABEAN FACTORY ACCIDENT

নিহত কৰ্মচাৰীজন গোলাঘাটৰ দেৰগাঁৱৰ । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

Dergaon soyabean factory accident
চয়াবিন প্ৰস্তুত কৰা মেচিনত জীৱন্তে সোমাই গ'ল কৰ্মচাৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2025, 8:26 AM IST

গোলাঘাট : গোলাঘাট জিলাৰ দেৰগাঁৱত ভয়ংকৰ দুৰ্ঘটনা । চয়াবিন প্ৰস্তুত কৰা কাৰখানাত কাম কৰি থকাৰ সময়তে অঘটন । চলন্ত মেচিনৰ ভিতৰত সোমাই গৈ অকাল মৃত্যুক সাৱটিলে কৰ্মচাৰীয়ে । ঘটনাটোক লৈ গোলাঘাট জিলাত শোকৰ ছাঁ পৰিছে ।

এই মৰ্মান্তিক ঘটনাটো দেৰগাঁৱৰ কৃষ্ট ইণ্ডিয়া নামৰ চয়াবিন প্ৰস্তুত কৰা কাৰখানাত সংঘটিত হৈছে । নিহত কৰ্মচাৰীজনৰ নাম ওম প্ৰকাশ চাহু বুলি জানিব পৰা গৈছে । চাহুৰ বয়স প্ৰায় ৪৫ বছৰ ।

চয়াবিন প্ৰস্তুত কৰা মেচিনত জীৱন্তে সোমাই গ'ল কৰ্মচাৰী (ETV Bharat)

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে দেৰগাঁও আৰক্ষী থানাত খবৰ দিয়া হয় । পিছত দেৰগাঁও আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । তাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । সমগ্ৰ ঘটনাটোৰ দৃশ্য কাৰখানাৰ ভিতৰত থকা চিচিটিভি কেমেৰাত বন্দী হৈছে । আৰক্ষীয়ে ফুটেজবোৰ ইতিমধ্যে সংগ্ৰহ কৰিছে ।

কেনেকৈ হ'ল দুৰ্ঘটনাটো ?

ঘটনা সন্দৰ্ভত এগৰাকী কৰ্মচাৰীয়ে কয়," চাহুৱে চয়াবিন প্ৰস্তুত কৰা মেচিনৰ জালী উঠাবলৈ গৈছিল । সেই সময়ত মই মেচিন বন্ধ কৰিবলৈ লওঁতেই চাহু মেচিনৰ ভিতৰত সোমাই যায় ।"

কোম্পানীয়ে কৰা নাছিল জীৱন বীমা

অভিযোগ অনুসৰি বিগত বহু বছৰৰ পৰাই কৰ্মৰত চাহুৰ কোনো ধৰণৰ জীৱন বীমা কৰা নাছিল কাৰখানা কৰ্তৃপক্ষই । এই সন্দৰ্ভত কাৰখানাৰ স্বত্বাধিকাৰীয়ে কয়, "ইমান দিনে আমাৰ ইয়াত কাম কৰা নাই । আগতে কৰি মাজত আকৌ এৰি দিলে যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ জীৱন বীমা কৰা হোৱা নাছিল আৰু দৈনিক হাজিৰা হিচাপত কাম কৰি আছিল । শ্ৰমিক হিচাপে সকলো সুবিধা দিয়া আছিল কিন্তু জীৱন বীমা নাছিল ।"

ঘটনাৰ খবৰ পোৱাৰ লগে লগে কাৰখানাটোত উপস্থিত হয় চাহুৰ পৰিয়ালৰ লোক । ঘটনা সন্দৰ্ভত ওম প্ৰকাশ চাহুৰ জ্যেষ্ঠ ভাতৃয়ে কয়, "ঘটনাটো কেনেকৈ সংঘটিত হৈছে মই বিশেষ নাজানো । মোক ফোন কৰিছিল যে আহকছোন আপোনাৰ ভাতৃয়ে দুখ পাইছে । মই যেতিয়া আহিলো তেতিয়া হুৱাদুৱা লাগি আছিল । প্ৰায় ৭ বছৰ ধৰি কাৰখানাটোত কাম কৰি আছিল । চাহুৰ এগৰাকী কন্যা সন্তান আছে আৰু পত্নী ।"

লগতে পঢ়ক :সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা: ব্যাপক প্ৰতিক্ৰিয়া - MP RAKIBUL HUSSAIN ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.