নতুন দিল্লী : কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী বৃহস্পতিবাৰে হঠাৎ অসুস্থ হৈ পৰে । সূত্ৰৰ মতে লগে লগে কংগ্ৰেছ নেত্ৰীগৰাকীক দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰোৱা হয় ।
সংবাদ সংস্থা PTI -এ উল্লেখ কৰা মতে, ছোনিয়া গান্ধী বৰ্তমান সুস্থ আৰু শুকুৰবাৰে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ সম্ভাৱনা আছে । ছোনিয়া গান্ধীৰ বৰ্তমান বয়স ৭৮ বছৰ ।
অৱশ্যে হাস্পতালত ভৰ্তি কৰোৱাৰ সঠিক সময় জানিব পৰা হোৱা নাই । সংবাদ সংস্থা PTI-ত প্ৰকাশ কৰা মতে, চিকিৎসকৰ এটা দলৰ পৰ্যবেক্ষণত আছে ছোনিয়া গান্ধী । একাংশই দাবী কৰা মতে, নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁক হাস্পতালত ভৰ্তি কৰা হয় ।
লগতে পঢ়ক :সপোনত দেখিলে মাতৃক, ৩২ বছৰৰ মূৰত ঘৰৰ ল’ৰা উভতিল ঘৰলৈ... - MAHAKUMBH 2025