ETV Bharat / state

শোষিত চাহ শ্ৰমিকৰ ঝুমুৰ নৃত্যৰে বিশ্ব ৰেকৰ্ডৰ প্ৰয়াস অসম চৰকাৰৰ - ASSAM JHUMUR DANCE WORLD RECORD

ঝুমুৰ নৃত্যৰে বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি চলাইছে অসম চৰকাৰে । অৱশ্যে আজিও চাহ বাগিচাত উচিত মজুৰিৰ দাবীত প্ৰতিবাদ অব্যাহত আছে ।

ASSAM JHUMUR DANCE WORLD RECORD
শোষিত চাহ শ্ৰমিকৰ ঝুমুৰ নৃত্যৰে বিশ্ব ৰেকৰ্ডৰ প্ৰয়াস অসম চৰকাৰৰ (File Photo)
author img

By ETV Bharat Assamese Team

Published : Feb 19, 2025, 6:31 PM IST

গুৱাহাটী : অসম চৰকাৰে সম্প্ৰতি ঝুমুৰ নৃত্যৰে বিশ্ব ৰেকৰ্ড কৰি চমক সৃষ্টিৰ প্ৰয়াস কৰিছে । এই অনুষ্ঠানটোত হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰি অসমৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ মঞ্চলৈ লৈ যোৱাৰ বাবে সাজু হৈছে । কিন্তু এই সাফল্য আৰু চমক সৃষ্টিৰ আঁৰত অসমৰ চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বৃদ্ধিৰ দাবী উপেক্ষিত হৈ থকাৰ এক শোষণ আৰু বঞ্চনা দেখা গৈছে ।

শোষিত শ্ৰমিকৰ দ্বাৰা বিশ্ব ৰেকৰ্ডৰ প্ৰয়াস

অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ‌ সভাপতি বিবেক দাসে এই সন্দৰ্ভত কয়,"গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ৮০০০ নৃত্যশিল্পীয়ে একেলগে ঝুমুৰ নৃত্য পৰিৱেশনেৰে বিশ্ব ৰেকৰ্ড কৰাৰ চৰকাৰে প্ৰচাৰ কৰি আছে । কিন্তু এই সাফল্যৰ প্ৰচাৰৰ মাজতে চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বৃদ্ধিৰ দাবী উপেক্ষিত হৈ থকাটো দুখজনক ।"

এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি বিবেক দাসে কয়, "১৮২৩ চনত অসমত চাহ খেতিৰ আৰম্ভণি হোৱাৰ পৰাই চাহ শ্ৰমিকসকলে নিম্ন মজুৰি আৰু কষ্টকৰ জীৱন-যাত্ৰাৰ সন্মুখীন হ'বলগীয়া হৈছে । আজিও তেওঁলোকৰ অৱস্থা বিশেষভাৱে উন্নত হোৱা নাই । এই শোষণ, বঞ্চনা কৰি তেওঁলোকক নৃত্যৰ জৰিয়তে বিশ্ব ৰেকৰ্ডৰ চৰকাৰে চমক সৃষ্টিৰ ব্যৱস্থা কৰিছে ।" তেওঁ লগতে কয়,"চাহ শ্ৰমিকসকলে বছৰৰ পৰা বছৰ ধৰি ন্যূনতম মজুৰি বৃদ্ধিৰ দাবী কৰি আহিছে, কিন্তু চৰকাৰ আৰু চাহ বাগিচাৰ মালিকসকলৰ মাজত হোৱা আলোচনাত কোনো সন্তোষজনক সমাধান ওলোৱা নাই । শ্ৰমিকসকলে এতিয়াও ন্যায্য মজুৰি, স্বাস্থ্য সুবিধা আৰু জীৱন-যাত্ৰাৰ উন্নত মানদণ্ডৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হৈছে ।"

অসমৰ চাহ শ্ৰমিকৰ মজুৰি আজিও কম

এই সন্দৰ্ভত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰয়েল চৰেঙে কয়,"অসমত ২০১৬ চনত বিজেপি শাসনত আহিলে চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ প্রতিশ্রুতি দিছিল । কিন্তু বিজেপিয়ে দুবাৰকৈ চৰকাৰ গঠন কৰিলে । ২০১৬ চনত বিধানসভা নিৰ্বাচনৰ সময়ত ৰঙাপৰাত আহি নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসনত আহিলে চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ প্রতিশ্রুতি দিছিল । চাহ শ্ৰমিকৰ জনজাতিকৰণৰ মৰ্যাদা দিয়া আৰু ভূমিৰ অধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । যাৰ বাবে চাহ বাগিচাৰ ৭০ শতাংশ ভোটাৰে বিজেপিক ভোট দিছিল । কিন্তু চাহ শ্ৰমিকৰ কথা মোদী চৰকাৰে উপেক্ষা কৰিলে ।"

তেওঁ লগতে কয়,"২০১৮ চনত অসম চৰকাৰৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ পৰামৰ্শদাতা পৰিষদে চাহ শ্রমিকৰ ন্যূনতম মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিছিল । কিন্তু সেয়া আজিলৈকে কাৰ্যকৰী নকৰিলে । চাহ শ্রমিকৰ মজুৰি বৰাক উপত্যকাত ২২৮ টকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত ২৫০ টকা । এয়া চৰকাৰৰ চৰম প্ৰতাৰণা ।" তেওঁ পুনৰ কয় যে অসমত ৮০০ খনৰো অধিক চাহ বাগিচা আছে । এই বাগিচাত কৰ্মৰত ১২ লাখ শ্ৰমিক আছে । চাহ বাগিচাত ৬০ শতাংশ অস্থায়ী শ্রমিক আছে । এই ৬০ শতাংশ শ্ৰমিক চৰম বঞ্চিত হৈ আছে ।

আন আন সুবিধাৰ পৰাও বঞ্চিত শ্ৰমিক

সাধাৰণ সম্পাদক ৰয়েল চৰেঙে কয়,"চাহ বাগিচাৰ মালিকসকলে চাহ শ্ৰমিকক স্বাস্থ্য সেৱা, পানী যোগান আদি সকলো সুবিধা বন্ধ কৰিছে । এতিয়া চাহ শ্ৰমিকসকলে এন এইচ এমৰ হাস্পতালত যাবলগীয়া হয় । কিন্তু তাত ডাক্তৰ নাই । চাহ শ্ৰমিকৰ থকা আৱাসবোৰ চাহ মালিকে কোনো মেৰামতি কৰি নিদিয়ে । বহুত কষ্টৰ মাজত এই চাহ শ্ৰমিকসকল জীয়াই আছে ।"

ইফালে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ‌ সভাপতি বিবেক দাসেও কয়,"ভাৰতৰ আন ৰাজ্যৰ তুলনাত: কেৰেলা আৰু তামিলনাডুৰ চাহ শ্ৰমিকসকলে ৪৫০-৫০০ টকা প্ৰতিদিনে পায় । ঝুমুৰ নৃত্যৰ সাফল্যতকৈ চাহ শ্ৰমিকৰ সমস্যা সমাধানত চৰকাৰে আৰু গুৰুত্ব দিয়া প্ৰয়োজন আছিল । চৰকাৰৰ এই চমক সৃষ্টিৰ প্ৰচাৰৰ মাজতে চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বৃদ্ধিৰ দাবী উপেক্ষিত হৈ থকা বিৰক্তিকৰ । চৰকাৰে সাংস্কৃতিক প্ৰচাৰৰ লগতে শ্ৰমজীৱী শ্ৰেণীৰ উন্নয়নৰ প্ৰতি সমানে গুৰুত্ব দিব লাগে । চাহ শ্ৰমিকসকলৰ ন্যায্য দাবী পূৰণ নকৰাকৈ অসমৰ সামগ্ৰিক উন্নয়ন সম্ভৱ নহয় ।"

লগতে পঢ়ক :পেলনীয়া আৱৰ্জনাৰ পৰা প্ৰাকৃতিক গেছ প্ৰস্তুতৰ পৰিকল্পনা অইল ইণ্ডিয়াৰ - OIL 66TH FOUNDATION DAY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.