ETV Bharat / state

ঐনিতমৰ সুৰৰে মুখৰিত ৰাজ্যৰ মিচিং অধ্যুষিত এলেকা - ALI AYE LIGANG 2025

আজি ফাগুনৰ প্ৰথমটো বুধবাৰ । ভূমিপুত্ৰ মিচিংসকলে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং ।

Traditional festival of mising community ali aye ligang celebrated across the Assam
ঐনিতমৰ সুৰৰে মুখৰিত ৰাজ্যৰ মিচিং অধ্যুষিত এলেকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 19, 2025, 6:19 PM IST

জোনাই/মাজুলী/টীয়ক: ফাগুনৰ প্ৰথমটো বুধবাৰে সমগ্ৰ ৰাজ্যৰ চুকে-কোণে সিঁচৰিত হৈ থকা দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিংসকলে উদযাপন কৰিছে আলি আয়ে লৃগাং । আলি আয়ে লৃগাং উপলক্ষে মিচিং অধ্যুষিত এলেকাসমূহত দেখা গৈছে এক উখল-মাখল পৰিৱেশ । ব্যাপক আয়োজনৰে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱটি । ঐনিতমৰ সুৰৰে মুখৰিত হৈ পৰিছে লৃগাংস্থলী ।

লৃগাং উপলক্ষে উদুলি-মুদুলি পৰিৱেশ জোনাইত:

অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন প্ৰান্তে প্ৰান্তে গুমৰাগ চঃমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে । জোনাই মহকুমাৰ বিভিন্ন গাঁৱত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে অতীজৰ পৰা চলি অহা মিচিং জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং ।

ঐনিতমৰ সুৰৰে মুখৰিত ৰাজ্যৰ মিচিং অধ্যুষিত এলেকা (ETV Bharat Assam)

পুৱাৰে পৰা মিছিং ডেকা-গাভৰু, বোৱাৰীৰ লগতে বয়োজোষ্ঠসকলে একেলগে উদযাপন কৰিছে অতিকৈ আপোন তথা মিচিংসকলৰ জাতীয় উৎসৱ আলি আয়ে লৃগাং । ফাগুনৰ প্ৰথম বুধবাৰ মিচিংসকলে শুভদিন বুলি বিশ্বাস কৰি আলি আয়ে লৃগাং উৎসৱ পালন পালন কৰে । মিচিংসকলে আজিৰে পৰা পথাৰত সিঁচা শস্যক পোক-পৰুৱাই যাতে খাই নষ্ট নকৰে তাৰ বাবে দঃঞি পঃল কাৰ্চিং কাৰ্তাকক পৰম্পৰা ৰীতি-নীতিৰে প্ৰাৰ্থনা জনাই পথাৰত বীজ ৰোপণৰ কাৰ্য আৰম্ভ কৰে ।

মাজুলী বিদেশী পৰ্যটকেও উপভোগ কৰিলে আলি আয়ে লৃগাং:

মিচিং অধ্যুষিত ৰাজ্যৰ সকলো প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীতো মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে তেওঁলোকৰ জাতীয় উৎসৱ আলি আয়ে লৃগাং । মাজুলীৰ ওপৰ সুমৈমাৰী গাঁৱতো উলহ-মালহেৰে উদযাপন কৰিছে আলি আয়ে লৃগাং । মিচিং লোকসকলৰ এই জাতীয় উৎসৱ আলি-আই-লৃগাঙক শস্য বা কঠিয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয় ।

প্ৰতিখন মিচিং গাঁৱত এতিয়া শুনিবলৈ পোৱা গৈছে ঐনিতমৰ সুৰ । ইফালে ঢোলৰ মাতত গা সাতখন-আঠখন হৈছে মিচিং ডেকা গাভৰুৰ । এক কথাত ক'বলৈ গ'লে সম্পূৰ্ণ কৃষিভিত্তিক আলি আই লৃগাঙৰ বাবে এতিয়া আনন্দত মতলীয়া হৈছে মাজুলীৰ মিচিং সমাজ ।

ইফালে মাজুলীৰ খাৰজান পাৰত অনুষ্ঠিত হোৱা আলি আয়ে লৃগাঙত অংশগ্ৰহণ কৰে বিদেশী পৰ্যটকেও । খাৰজান পাৰত অনুষ্ঠিত আলি আয়ে লৃগাঙত অংশগ্ৰহণ কৰে অষ্ট্ৰেলিয়াৰ পৰ্যটকে । মিচিং সাজপাৰ পৰিধান কৰি নাচি-বাগি আনন্দত মতলীয়া হৈ পৰে অষ্ট্ৰেলিয়াৰ পৰ্যটক ।

প্ৰতিকূল বতৰকো নেওচি টীয়কত আলি আয়ে লৃগাং উদযাপন:

সমগ্ৰ ৰাজ্যৰ লগতে টীয়ক নগৰ মিচিং কৃষ্টি সমিতিয়েও আয়োজন কৰে আলি আয়ে লৃগাং । প্ৰতিকূল বতৰকো নেওচি পুৱাই জনজাতীয় সাজপাৰ পৰিধান কৰি মিচিং মেৰং ঘৰৰ বাকৰিত আয়োজন কৰা এই দিনযোৰা কাৰ্যসূচীৰ আৰম্ভণিতে পূৰ্বৰ মাংগলিক নীতি-নিয়ম অৱলম্বন কৰি শস্যৰ বীজৰোপণৰ পৰ্ব আৰম্ভ কৰি আগন্তুক বছৰটোত যেন খেতি-খোলা ভাল হয়, তাৰ বাবে ইষ্টদেৱতাৰ চৰণত সেৱা লয় ।

ইয়াৰ পিছতে গুমৰাগ নৃত্য তথা ঐনিতম সুৰত মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ । ঐনিতমৰ সুৰত নাচিছে মিচিং-ডেকা গাভৰুৱে । উল্লেখযোগ্য যে আলি আয়ে লৃগাঙৰ লগত সংগতি ৰাখি টীয়ক মিচিং কৃষ্টি সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষও উদযাপন কৰিছে । ইতিমধ্যে পৰ আপং, গাহৰি মাংসকে ধৰি বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছে ৰাইজৰ বাবে । ইপিনে মাংগলিক ৰীতি-নীতিৰ পাছতে চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য-গীতৰ প্ৰতিযোগিতাৰ লগতে দুপৰীয়া মূল সভা আৰু নিশালৈ এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে টীয়ক মিচিং কৃষ্টি সমিতিয়ে ।

লগতে পঢ়ক: ফাগুনৰ প্ৰথমটো বুধবাৰক কিয় পৱিত্ৰ দিন বুলি গণ্য় কৰে মিচিং জনগোষ্ঠীয়ে ? - ALI AI LIGANG 2025

ঐনিতম আৰু গুমৰাগৰ সুৰ-নৃত্যৰে গুঞ্জৰিত ৰাজ্য; আমগুৰিতো মিচিং জনগোষ্ঠীৰ আলি আঃয়ে লৃগাং উদযাপন - ALI AYE LIGANG AT AMGURI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.