গুৱাহাটী : ২১ ফেব্ৰুৱাৰী, শুকুৰবাৰ অৰ্থাৎ আজি মুক্তি লাভ কৰিছে এখন নতুন অসমীয়া ছবিয়ে ‘দ্য মিৰাজ, অবাস্তৱ সংগ্ৰামৰ সাৰাংশ’ ৷ সত্য ঘটনাৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা বিকাশ মুছাহাৰীৰ । ইন্দ্ৰধনু ক্ৰিয়েশ্যনৰ বেনাৰত অনামিকা বৰুৱাৰ প্ৰযোজনাৰে নিৰ্মিত ‘দ্য মিৰাজ’ ৰ চিত্ৰনাট্য বিকাশ আৰু ৰাজকিশোৰৰ । স্বাধীনতাৰ স্বপ্ন বুকুত বান্ধি অসমী আইৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা যুৱ-প্ৰজন্মৰ বিভিন্ন যুঁজ ছবিখনৰ জৰিয়তে দৰ্শকে উপভোগ কৰিব পাৰিব ।
সংবেদনশীল বিষয়বস্তু সামৰি নিৰ্মাণ কৰা ছবিখন সন্দৰ্ভত জানিবলৈ ই টিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলি শৰ্মাই পৰিচালক বিকাশ মুছাহাৰীৰ সৈতে এক টেলিফোনিক বাৰ্তালাপ কৰে, য’ত পৰিচালকজনে জনালে বহু কথা ।
দ্য মিৰাজ মুছাহাৰীৰ প্ৰথমখন ছবি
“দ্য মিৰাজ পৰিচালক হিচাপে মোৰ প্ৰথমখন ছবি । ছবিখনৰ কাহিনীটো অতি প্ৰাসংগিক । ছবিখনৰ কাহিনী মূলতঃ বৰ্তমানে সমাজত চলি থকা বিদ্ৰোহী সংগঠনসমূহৰ ওপৰত । স্বাধীনতাৰ স্বপ্ন বুকুত বান্ধি এতিয়াও একাংশ নৱ-প্ৰজন্মৰ যুৱক-যুৱতী এইসমূহ বিদ্ৰোহী সংগঠনসমূহলৈ গৈ আছে । কিন্তু এইসকল যুৱপ্ৰজন্মৰ যুৱক-যুৱতীয়ে বৰ্তমান সময়তো কিয় এই বিদ্ৰোহী সংগঠনসমূহলৈ গৈ আছে ? ইয়াৰ কিছুমান কাৰণ আমি ছবিখনৰ জৰিয়তে উনুকিয়াবলৈ চেষ্টা কৰিছো । এই সকলো কথা সামৰিয়েই এই ছবিখন নির্মাণ কৰা হৈছে ।”
ছবিখনৰ নামটো কিয় ‘দ্য মিৰাজ’ ৰখা হ’ল ?
“দ্য মিৰাজ, অবাস্তৱ সংগ্ৰামৰ সাৰাংশ-টেগ লাইনটো বুজি পালে দৰ্শকে নামটোৰ অৰ্থ বুজি পাব । বৰ্তমান যি সংগ্ৰাম চলি আছে তাৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে । এই সংগ্ৰামক অবাস্তৱ বুলি এইকাৰণে দিছো কাৰণ সেইটো বাস্তৱ নহয় । বাস্তৱ হ’লে মোৰ মতে কিবা লক্ষ্য থাকে বা ফলাফল পোৱা যায় । মই যিমানখিনি বুজিছো তাত গৈ এতিয়া সংগ্ৰাম কৰাৰ কোনো লাভেই নাই । যিটো আমি বিচাৰো সেইটো আমি ইয়াত থাকিয়েই কৰিব লাগিব । অসমত থাকিয়েই আমি অসমৰ বাবে কাম কৰিব লাগিব । তেতিয়াহে আমি বেলেগ এটা ধৰণৰ ৰিজাল্ট আনিব পাৰিম । তেওঁলোকে তাত থাকি মৰুভূমিত মৰীচিকা বিচৰাৰ ধৰণে এটা লক্ষ্য লৈ আছে । সেইবাবেই মই ইংৰাজীত এই নামটো দিছো ।”
ছবিখনৰ পৰিকল্পনা কিমান দিনৰ আছিল ?
“২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই ছবিখন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল । প্ৰায় দুবছৰৰ মূৰত এতিয়া ছবিখন মুক্তি পাবলৈ ওলাইছে । দৰাচলতে ছবিখন বিগত বৰ্ষতে মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও কিছু কাৰণত ছবিখন মুক্তি দিব পৰা নগ’ল ।”
নিৰ্মাণৰ সময়ৰ কেনেধৰণৰ প্ৰত্যহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল ?
এই সন্দৰ্ভত পৰিচালকে কয়, “মই যেতিয়া এই উদ্যোগটোলৈ আহিছিলো, মোৰ সৌভাগ্য বুলিয়ে ক’ব লাগিব যে মই কামবোৰৰ বাবে বহুত বেছি কষ্ট কৰিবলগীয়া নাই হোৱা । তেনেদৰে এই ছবিখনৰ লগতো একেই হৈছে । ছবিখনৰ নামটো বা বিষয়বস্তু জনাৰ পিছত বহুতে হয়তো ভাবিব পাৰে যে ছবিখনৰ বাবে বহুত কষ্ট কৰিবলগীয়া হৈছে, বহুত মানুহক লগ কৰিবলগীয়া হৈছে, কিন্তু আমি বহুত সহজতে কামবোৰ কৰিছো । ইয়াৰ কাৰণটো হ’ব পাৰে যে ছবিখনৰ বাবে মোৰ যি প্ৰস্তুতি আছিল সেয়া ভাল আছিল, লগতে ছবিখনৰ লগত জড়িত প্ৰতিগৰাকী কলা-কুশলীকে মই ভালদৰে চিনি পাওঁ । হয়তো তেওঁলোক ৰূপালী পৰ্দালৈ নতুনকৈ আহিব পাৰে, কিন্তু মোৰ বাবে তেওঁলোক নতুন নহয় ।”
ইয়াৰ লগতে বিকাশে কয়, “ইফালে কাহিনীৰ ক্ষেত্ৰত যদি মই কওঁ, যিসকল আত্মসমৰ্পণ কৰা ল’ৰা-ছোৱালী আছে তেওঁলোকৰ লগত মই কথা পাতিছো, তাৰ পৰাই বহুখিনি কাহিনী পাইছো ৷ সেইখিনি বহু ৰোমাঞ্চকৰ, তেওঁলোকৰ পৰাই বিষয়বস্তুৰ সন্দৰ্ভত বহু কথা জানিব পাৰিছো । সেয়ে মোৰ বাবে বহুখিনি সহজ লৈ পৰিল । এইক্ষেত্ৰত মই নিজকে ভাগ্যৱান বুলিয়ে কম ।”
প্ৰচাৰৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ লোৱা হৈছে ?
“মোৰ মতে প্ৰচাৰটো দৰাচলতে অকণমান বেলেগ ধৰণৰ কথা । প্ৰতিখন ছবিৰে কিছুমান টাৰ্গেট অডিয়েন্স থাকে । এই ছবিখনৰ বহুখিনি বস্তুয়ে চিৰিয়াছ । মই ছবিখনৰ বাবে বহুত বেছি দর্শকো বিচৰা নাই, মোক দৰ্শকো লাগে কিন্তু মোক গুণমান দৰ্শক লাগে । ছবিখন দৰ্শকৰ মাজলৈ খুব সুন্দৰকৈ লৈ যাব বিচাৰিছো । লগতে দৰ্শকসকলকো এটাই অনুৰোধ জনাম যে ছবিখন আপোনালোকে ছবি হিচাপে চাওক ।”
উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্যৰ ১৫ টা ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে । ছবিখনত অভিনয় কৰিছে গুণাকৰ দেৱ গোস্বামী, নৱজিৎ কোঁৱৰ, অভিজিত চুতীয়া, প্ৰশান্ত দাস, সিদ্ধাৰ্থ মুখাৰ্জী, জলী লস্কৰ, প্ৰিয়ংকা পঞ্চী দাস, ইষাণ হাজৰিকা, জিন্টু কুমাৰ কাশ্যপ, অংকিতা বৰুৱা, জিন্টু কলিতা, ৰবীন হালৈ, জ' মাচ', অনন্ত বৰা, ৰিপম ভৰদ্বাজ, ধ্ৰুৱ পল দত্ত আৰু হিমাংশু শৰ্মা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ আৱহ সংগীত কৰিছে মনদ্বীপ মহন্তই । ডিমা হাচাওৰ কেপিল’ গাঁও, গড়ভাঙা ৰিজাৰ্ভ চেণ্টাৰকে আদি কৰি গুৱাহাটীৰ আন বিভিন্ন ভিতৰুৱা অঞ্চলত কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ ।

লগতে পঢ়ক : ৰূপালী পৰ্দাত স্বচক্ষে দেখিবলৈ পাব নিষিদ্ধ ঘোষিত সংগঠনৰ প্ৰভাৱ