ETV Bharat / state

ফাগুনৰ ধূলিয়ৰি বাটেৰে আহিছে লৃগাং; মহানগৰীৰ বুকুতো ঐনিতম-গুমৰাগৰ সুৰ-তাল - ALI AYE LIGANG IN GUWAHATI

বসন্তৰ বতৰা লৈ অহা দুষ্ট ফাগুনৰ প্ৰথম বুধবাৰে পালন কৰা হয় মিচিং জনগোষ্ঠীৰ অন্যতম উৎসৱ আলি-আঃয়ে-লৃগাং । ৰাজ্যজুৰি এতিয়া ঐনিতম-গুমৰাগৰ গুঞ্জন ।

ALI AYE LIGANG in Guwahati
গুৱাহাটী মহানগৰীত আলি-আঃয়ে-লৃগাং উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 19, 2025, 5:30 PM IST

গুৱাহাটী : আজি ফাগুনৰ প্ৰথম বুধবাৰ । এই ফাগুনৰ প্ৰথম বুধবাৰটোতে মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আঃয়ে-লৃগাং উদযাপন কৰা হয় । কৃষিভিত্তিক উৎসৱ আলি-আঃয়ে-লৃগাঙক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । বুধবাৰে মহানগৰীৰ বিভিন্ন স্থানত আলি-আঃয়ে-লৃগাং উদযাপন কৰা হৈছে ।

আলি-আঃয়ে-লৃগাং সন্দৰ্ভত মিচিং বানে কেবাঙৰ প্ৰাক্তন সভাপতি, অধ্যাপক ডাঃ জৱাহৰ জ্যোতি কুলিয়ে কয়, "মিচিং জনগোষ্ঠীৰ কৃষিপ্ৰধান উৎসৱ আলি-আঃয়ে-লৃগাং আগৰে পৰা ফাগুন মাহত পালন কৰোঁতে অঞ্চল বিশেষে নিজৰ নিজৰ সুবিধা অনুসৰি বেলেগ বেলেগ দিনত পালন কৰা হৈছিল । ১৯৫৬ চনত বানে কেবাঙৰ সিদ্ধান্তমৰ্মে সমগ্ৰ মিচিং সমাজে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনাখন নিজ নিজ ঠাইত পালন কৰিবলৈ আৰম্ভ কৰে । কিয়নো বুধবাৰৰ দিনটোক মিচিংসকলে শুভ দিন বুলি গণ্য কৰে ।"

ALI AYE LIGANG in Guwahati
লৃগাং উপলক্ষে পোৰা গাহৰিৰ জুতি লোৱাত ব্যস্ত সকলো (ETV Bharat Assam)

আলি-আঃয়ে-লৃগাঙৰ অৰ্থ

মিচিং জনজাতিৰ পৰম্পৰাগত আলি-আঃয়ে লৃগাঙৰ অৰ্থ হৈছে 'আলি' মানে শস্যৰ বীজ, 'আঃয়ে'ৰ অর্থ ফল, 'লৃগাং'ৰ অর্থ হৈছে সিঁচিবলৈ আৰম্ভ কৰা । সেয়ে আলি-আঃয়ে লৃগাঙক শস্য সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয় ।

আলি-আঃয়ে-লৃগাঙৰ দিনাখন কি কৰা হয়

লৃগাঙৰ দিনাখন প্রতিঘৰৰ মুৰব্বীজনে বাঁহ-বেতেৰে বিশেষভাৱে নির্মিত অগ্‌ন নামৰ ডাঙৰ আকৃতিৰ পাচিত শস্য সিঁচাৰ বাবে লাগতিয়াল বস্তু যেনে ধানগুটি, কাঠআলু, কচু, আদা, পৰঃ আপং, পানী আদি কঢ়িয়াই নিয়ে । আগতীয়াকৈ পথাৰত চহাই থোৱা মাটিডৰাত সাধাৰণতে পূব কোণত দহ-বাৰ বৰ্গফুটৰ এডোখৰ ঠাই নির্বাচন কৰি তাত শস্য সিঁচা কাৰ্য প্ৰতীকী ৰূপত আৰম্ভ কৰে । ঠাইডোখৰ পিঃৰ নামৰ এবিধ মূল্যৱান বিবেচিত বনখাগৰিৰে চাৰিসীমাত খুঁটি হিচাপে পুতি সূতাৰে বান্ধি সীমাটো চিহ্নিত কৰে । তাৰ ভিতৰত ওপৰত উল্লিখিত দ্রব্যবোৰ যথাস্থানত সজাই চন্দ্ৰ, সূৰ্য, বায়ু, বৰষুণ, বিজুলী, ঢেৰেকনি, আইমাতৃ, লক্ষ্মীদেৱী তথা পূৰ্বপুৰুষসকলক স্মৰণ কৰি শুভদিনত আহুখেতিৰ বাবে আৰম্ভণি কৰিছোঁ বুলি সেৱা আগবঢ়ায় ।

ALI AYE LIGANG in Guwahati
মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পূজা (ETV Bharat Assam)

ঘৰৰ মুখিয়ালজনে পথাৰত এই কামবোৰ আগবেলা সময়ত সম্পন্ন কৰে । পথাৰত শস্য সিঁচাৰ শুভকামটো সমাধা কৰি গৃহস্থই ঘৰলৈ আহি ঘৰৰ মৃত পিতৃপুৰুষসকলক আপং পানী আৰু পুৰাং আদি আগনবঢ়োৱালৈকে ঘৰৰ মানুহে সাধাৰণতে আপং বা পুৰাং গ্ৰহণ নকৰে । সেয়েহে গৃহস্থই সময়-সুবিধা চাই আগবেলা অৰ্থাৎ দুপৰীয়াৰ আগেয়ে এই কামবোৰ সম্পন্ন কৰি তোলে ।

ALI AYE LIGANG in Guwahati
আলি-আঃয়ে-লৃগাঙত মিচিং জনগোষ্ঠীৰ শস্য সিঁচাৰ পৰম্পৰা (ETV Bharat Assam)

ঐনিতমৰ সুৰেৰে নৃত্য-গীত

সমাজকৰ্মী ভাস্কৰজ্যোতি কুটুমে কয়, "লৃগাং উৎসৱৰ মূল এই শস্য সিঁচা কামটো সমাপন কৰাৰ পাছত আৰম্ভ হয় ভোজন আৰু আনন্দৰ পৰ্ব । এই উৎসৱত মিচিং জনজাতিসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-মেথা সকলোৱে মিলি সমূহীয়া ভোজ-ভাত খোৱাৰ লগতে ঐনিতমৰ সুৰেৰে নৃত্য-গীত কৰে ।"

ALI AYE LIGANG in Guwahati
আনন্দত মতলীয়া মিচিং গাভৰু (ETV Bharat Assam)

আলি-আঃয়ে-লৃগাঙত কি কি খাদ্য খোৱা হয়

আলি-আঃয়ে-লৃগাং মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ হোৱাৰ বাবে জাতীয় তথা পৰম্পৰাগত খাদ্যসম্ভাৰ উভৈনদী হৈ পৰে । এই উৎসৱৰ বাবে প্রায় এমাহৰ পূৰ্বৰে পৰা ডেকা-গাভৰু, জীয়াৰী-বোৱাৰী, বুঢ়া-মেথা সকলোৱে সাজু হৈ উঠে । আলি-আঃয়ে-লৃগাঙতে পাৰঃ আপং (ছাই মদ), নগিন আপং (বগা মদ), পোৰা গাহৰি মাংস, মাটিমাহৰ দাইল আৰু পুবাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্রস্তুত কৰা ভাপত দিয়া বিশেষ ভাত) প্রস্তুত কৰে ।

ALI AYE LIGANG in Guwahati
মহানগৰীৰ সোণাইঘূলিত আলি-আঃয়ে-লৃগাং উদযাপন (ETV Bharat Assam)
লগতে পঢ়ক :ফাগুনৰ প্ৰথমটো বুধবাৰক কিয় পৱিত্ৰ দিন বুলি গণ্য় কৰে মিচিং জনগোষ্ঠীয়ে ? - ALI AI LIGANG 2025
লগতে পঢ়ক :ঐনিতম আৰু গুমৰাগৰ সুৰ-নৃত্যৰে গুঞ্জৰিত ৰাজ্য; আমগুৰিতো মিচিং জনগোষ্ঠীৰ আলি আঃয়ে লৃগাং উদযাপন - ALI AYE LIGANG AT AMGURI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.