ETV Bharat / bharat

নতুন দিল্লীৰ ৰে'ল ষ্টেচনত পদপিষ্ট হৈ ১৮ যাত্ৰীৰ মৃত্যু - NEW DELHI RAILWAY STATION STAMPEDE

নতুন দিল্লীৰ ৰে’ল ষ্টেচনত শনিবাৰে যথেষ্ট ভিৰ হৈছিল । কুম্ভমেলালৈ যোৱাৰ উদ্দেশ্যে বহুলোকে ষ্টেচনত ভিৰ কৰিছিল ।

New Delhi railway station Stampede
নতুন ৰে'ল ষ্টেচনত পদপিষ্ট হৈ ১৮ যাত্ৰীৰ মৃত্যু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2025, 7:16 AM IST

Updated : Feb 16, 2025, 10:13 AM IST

নতুন দিল্লী : দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ ৰে'ল ষ্টেচনত অঘটন । বৰ্তমান সময়লৈকে লাভ কৰা তথ্য মতে, ৰে'ল ষ্টেচনত পদপিষ্ট হৈ ১৮ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ইফালে ১২ গৰাকী আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ যোৱাৰ বাবে ষ্টেচনত প্ৰচণ্ড ভিৰৰ মাজতে এই ঘটনা সংঘটিত হয় । জানিব পৰা মতে ১২, ১৩, ১৪, ১৫ আৰু ১৬ নম্বৰ প্লেটফৰ্মত যাত্ৰীৰ অভাৱনীয় ভিৰ হৈছিল । কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে । দুৰ্ঘটনাটোৰ পিছত লোক নায়ক চিকিৎসালয় প্ৰশাসনে ১৮ গৰাকী লোকৰ মৃত্যু নিশ্চিত কৰিছে ।

ৰে'ল বিভাগৰ বিষয়াসকলৰ মতে, যিহেতু দেওবাৰে বন্ধ, সেয়ে শনিবাৰে প্ৰয়াগৰাজলৈ যোৱাৰ উদ্দেশ্যে বৃহৎ সংখ্যক লোকে ৰে'ল ষ্টেচনত সমবেত হৈছিল । শনিবাৰে বেছি পৰিমাণৰ সাধাৰণ টিকটো জাৰি কৰা হৈছিল ।

ঘটনাটোৰ পিছতে ৰে'লৱে ব'ৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰে পৰিস্থিতিৰ মূল্যাংকন কৰিবলৈ ৰে'ল ষ্টেচন পৰিদৰ্শন কৰে আৰু বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাইও ঘটনাটোত শোক প্ৰকাশ কৰিছে ।

  • কেনেদৰে হ'ল দুৰ্ঘটনা ?

ঘটনাটো ১৪/১৫ নম্বৰৰ প্লেটফৰ্মত নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হৈছিল । যাত্ৰীসকলে প্ৰয়াগৰাজ অভিমুখে যোৱা দুখন ৰে'লৰ বাবে অপেক্ষা কৰি আছিল । কিন্তু এই ৰে'লকেইখন আহি পোৱা নাছিল, যাৰ ফলত প্লেটফৰ্মত যাত্ৰীৰ ভিৰ অধিক হৈছিল ।

বাৰাণসী অভিমুখী শিৱগংগা এক্সপ্ৰেছ প্লেটফৰ্মত আহি ৰোৱাৰ লগে লগে যাত্ৰীসকল প্লেটফৰ্মত উপস্থিত হ'বলৈ আৰম্ভ কৰে । যাৰ ফলত ভিৰ বৃদ্ধি পাইছিল আৰু ভিৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাৰ অভাৱৰ বাবে অৱশেষত পদপিষ্ট হৈ বহুলোক বাগৰি পৰে ।

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু টুইটত লিখিছে, "নতুন দিল্লী ৰে'ল ষ্টেচনৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে । দিল্লী আৰক্ষী আৰু আৰপিএফ ঘটনাস্থলীত উপস্থিত আছে । আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে । আকস্মিক ভিৰ কমাবলৈ বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হৈছে ।"

ৰে'লৱে ব'ৰ্ডৰ বিষয়াসকলেও কৈছে যে হঠাতে হোৱা ভিৰৰ বাবে এই ঘটনা সংঘটিত হৈছে । ৰে'লৱে ব'ৰ্ডৰ তথ্য আৰু প্ৰচাৰৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে কোনো ৰে'ল বাতিল কৰা হোৱা নাই বুলি অৱগত কৰিছে । তেওঁ কয় যে হঠাৎ হোৱা ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ তাৎক্ষণিকভাৱে ৪ খন বিশেষ ৰে'ল চলাবলৈ সিদ্ধান্ত লোৱা হৈছিল । এতিয়া ভিৰ যথেষ্ট হ্ৰাস পাইছে বুলি তেওঁ অৱগত কৰে ।

  • ৰে'ল ষ্টেচনত পদপিষ্টৰ ঘটনা
  1. নিহতসকলৰ ভিতৰত ১০ গৰাকী মহিলা আৰু ৩ টা শিশু আছে, বহু আহত চিকিৎসালয়ত ভৰ্তি হৈ আছে
  2. প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ যোৱাৰ বাবে ১৪ আৰু ১৫ নম্বৰৰ প্লেটফৰ্মত বৃহৎ জনসমাগম হৈছিল
  3. লোক নায়কত ১৫ গৰাকী আৰু লেডী হাৰ্ডিং মেডিকেল কলেজ হাস্পতালত ৩ জনৰ মৃত্যু
  4. এম্বুলেন্সৰ অভাৱত বহুতে অটোত আহতসকলক লৈ গৈছিল
  5. প্ৰয়াগৰাজ অভিমুখে যোৱা শিৱগংগা এক্সপ্ৰেছকে ধৰি ৩ খন ৰে'ল পলম হোৱাৰ বাবে ভিৰ বৃদ্ধি পাইছিল

প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীৰ প্ৰতিক্ৰিয়া

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে X-ৰ এটা পোষ্টত লিখিছে, "প্ৰয়াগৰাজৰ কুম্ভ মেলালৈ যাবলগীয়া তীৰ্থযাত্ৰীসকলৰ সৈতে এনে ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক । কেন্দ্ৰীয় চৰকাৰৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি কোনো চিন্তা নাই, উত্তৰ প্ৰদেশ চৰকাৰৰো নাই । প্ৰয়াগৰাজত কোনো ব্যৱস্থা নাই আৰু দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ বাবে কোনো দৃঢ় পৰিবহণৰ ব্যৱস্থা কৰা হোৱা নাই । মই ৰে'ল বিভাগক যিমান সম্ভৱ সোনকালে লোকসকলক সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছো ।"

লগতে পঢ়ক :ৰাজপথত আন এক ভয়ানক দুৰ্ঘটনা; চিৰদিনলৈ নোহোৱা হৈ গ’ল ১০ গৰাকী - DEVOTEES CAR ACCIDENT AT KUMBH

Last Updated : Feb 16, 2025, 10:13 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.