ETV Bharat / health

কোনো দামী ঔষধতকৈ কম নহয় নৰসিংহৰ পাত...জানি লওক উপকাৰিতা - CURRY LEAVES BENEFITS

আমাৰ স্বাস্থ্যৰ বাবে নৰসিংহ পাত কিমান উপকাৰী ইয়াৰ বিষয়ে নতুনকৈ কোৱাৰ হয়তো কোনো প্ৰয়োজন নাই কিন্তু এই পাতক খালী পেটত খোৱাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে-

HERE ARE SOME AWESOME HEALTH BENEFITS OF CURRY LEAVES
কোনো দামী ঔষধতকৈ কম নহয় নৰসিংহৰ পাত...জানি লওক উপকাৰিতা (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Feb 19, 2025, 5:26 PM IST

যদি আপুনিও ভাবে যে নৰসিংহৰ পাত কেৱল খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবেহে ব্যৱহাৰ কৰা হয়, তেন্তে আজি আমি আপোনাৰ এই ভুল ধাৰণা দূৰ কৰিম ৷ ঔষধি গুণেৰে সমৃদ্ধ নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ যদি আপুনিও নিজকে সুস্থ আৰু ফিট ৰাখিব বিচাৰে, তেন্তে এই পাতটো নিশ্চয়কৈ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত ৷

অতীজৰে পৰা নৰসিংহ পাতক স্বাস্থ্যৰ পক্ষে খুব উপকাৰী বুলি গণ্য কৰি অহা হৈছে ৷ ইয়াত বহু ঔষধি গুণ আছে, যিয়ে স্বাস্থ্য তথা ছাল-চুলিক ভালে ৰখাত সহায় কৰে ৷ নৰসিংহ পাত প্ৰ'টিন, আইৰণ, চৰ্বি, কেলচিয়াম, ভিটামিন-চি, ফছফৰাছ, নিকোটিনিক এচিড, এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ ৷ পুৱা খালী পেটত নৰসিংহ পাত খালে আমাৰ শৰীৰটো বহু ৰোগৰ পৰা বাচি থাকিব পাৰি ৷ খালী পেটত নৰসিংহ পাত খোৱাৰ লাভালাভৰ বিষয়ে আজি জানো আহক-

দূৰ হয় পুৱাৰ অসুস্থতা

বহুতেই পুৱা শুই উঠাৰ পিছত নিজকে খুব অসুস্থ অনুভৱ কৰে ৷ কিছুমানৰ যদি বমিৰ ভাৱ হয়, কিছুমানৰ মূৰ ঘূৰায় ৷এনে সমস্যাত ভূগি থকাসকলৰ বাবে পুৱা নৰসিংহ পাত খোৱাটো খুব উপকাৰী ৷

হজম হয় স্বাস্থ্যকৰ

খালী পেটত নৰসিংহ পাত খালে হজম শক্তি উন্নত হয় ৷ নৰসিংহ পাত খালে পাচন তন্ত্ৰ স্বাস্থ্যৱান হৈ থাকে ৷ কোষ্ঠকাঠিন্য হ্ৰাস কৰাতো নৰসিংহ পাতক অতি উপকাৰী বুলি গণ্য কৰা হয় ৷

ওজন হ্ৰাসত সহায়ক

ওজন হ্ৰাসৰ বাবে শৰীৰক ডিটক্স কৰাটো প্ৰয়োজনীয় ৷ ডিটক্স কৰাৰ ফলত শৰীৰৰ পৰা লেতেৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলায় আৰু ওজন হ্ৰাসত সহায় কৰে ৷

শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা

নৰসিংহ পাতত এণ্টিঅক্সিডেণ্ট থাকে ৷ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি আমাক নিৰোগী কৰি ৰখাত সহায় কৰে ৷ নৰসিংহ পাতত পোৱা এণ্টিঅক্সিডেণ্টবোৰে অক্সিডেটিভ চাপ হ্ৰাস কৰাত আৰু ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াৰ সৈতে যুঁজ দিয়াত সহায় কৰে ৷

চকুৰ বাবে লাভজনক

নৰসিংহ পাতত থকা ভিটামিন-এ-য়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে ৷ তদুপৰি, ই বয়সৰ সৈতে চকু দুৰ্বল হোৱাৰ সমস্যাৰ পৰাও সুৰক্ষা দিয়ে ৷ যদি আপোনাৰ দৃষ্টিশক্তি হ্ৰাস পাইছে, তেন্তে নৰসিংহ পাত খাব ৷ আপুনি পুৱা খালী পেটত মৌৰ সৈতে এই পাত খাব পাৰে ৷

চুলি হয় শক্তিশালী

নৰসিংহ পাতত পোৱা পুষ্টিবোৰে চুলিক পুষ্টি যোগান ধৰাত সহায় কৰে ৷ সেয়েহে পুৱাৰ আহাৰৰ আধা ঘণ্টা আগতে দৈনিক কেইটামান সতেজ নৰসিংহ পাত খোৱা আৰম্ভ কৰিব ৷ ই চুলিৰ সকলো সমস্যা সমাধানত সহায় কৰিব ৷

NIHৰ মতে, নৰসিংহ পাত সেৱন কৰিলে ৰক্ত শৰ্কৰাৰ মাত্ৰা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি ৷ ডায়েবেটিছ ৰোগীক প্ৰায়ে নৰসিংহ পাত খাবলৈ পৰামৰ্শ দিয়া হয় ৷ ইয়াৰ উপৰিও যদি আপুনি আপোনাৰ যকৃতৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে নৰসিংহৰ পাত খাব পাৰে ৷ কেৱল এয়াই নহয়, নৰসিংহ পাতত থকা উপাদানসমূহে আপোনাৰ ছাল আৰু চুলিৰ স্বাস্থ্য বজাই ৰাখে ৷

খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ সঠিক উপায়

ভাল ফলাফল পাবলৈ নৰসিংহ পাত সঠিকভাৱে সেৱন কৰিব লাগে ৷ বিশেষজ্ঞসকলৰ মতে, খালী পেটত নৰসিংহৰ পাত খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে আটাইতকৈ উপকাৰী হ’ব পাৰে ৷ নৰসিংহৰ পাত চোবাই খালে আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে এই আটাইবোৰ উপকাৰিতা লাভ কৰিব পাৰে ৷

উৎস:- https://pmc.ncbi.nlm.nih.gov/articles/PMC7070712/

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. এনেদৰে কেতিয়াবা খাইছেনে নৰসিংহ পাত ?
  2. আপোনাৰ স্বাস্থ্যৰ বাবে নৰসিংহৰ পাত কিমান উপকাৰী জানো আহক - Curry Leaves
  3. দৈনিক খালী পেটত খাওক নৰসিংহ, কেইদিনমানতে পাব ফলাফল, উপকাৰিতা-অপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.