ETV Bharat / state

অখিল গগৈৰ পত্নীৰ চাকৰিক লৈ বিধানসভাত সৰৱ মুখ্যমন্ত্ৰী - ASSAM BUDGET SESSION 2025

অখিল গগৈৰ পত্নীয়ে বি.বৰুৱা কলেজত চাকৰি কেনেকৈ পাইছিল ? বিধানসভাত মুখ্যমন্ত্ৰীৰ প্ৰশ্ন । ফেপেৰি পাতি ধৰিলে অখিল গগৈয়ে ৷

Assam Budget Session 2025
অখিল গগৈৰ পত্নীৰ চাকৰিক লৈ বিধানসভাত সৰৱ মুখ্যমন্ত্ৰী (Assam Legislative Assembly)
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2025, 7:00 AM IST

গুৱাহাটী : ইমান দিনে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিভিন্ন অনিয়মৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ আহিছে ৷ কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সৰৱ হৈছে অখিল গগৈৰ পত্নীক লৈ ।

গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰা অখিল গগৈৰ পত্নীক তেওঁতকৈ চোকা ছোৱালীক বঞ্চিত কৰি চাকৰি দিয়া বুলি বিধানসভাৰ মজিয়াত অভিযোগ তোলে মুখ্যমন্ত্ৰীয়ে ৷ অৱশ্যে মুখ্যমন্ত্ৰীক এই প্ৰসংগত প্ৰত্যাহ্বান জনায় অখিল গগৈয়ে ।

অখিল গগৈৰ পত্নীৰ চাকৰিক লৈ বিধানসভাত সৰৱ মুখ্যমন্ত্ৰী (Assam Legislative Assembly)
  • অখিল গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা

বৃহস্পতিবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা বিধানসভাৰ মজিয়াত বিধায়ক অখিল গগৈক পত্নীৰ প্ৰসংগ উত্থাপনেৰে তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ, "অখিল গগৈৰ পত্নীয়ে বি. বৰুৱা কলেজত চাকৰি কেনেকৈ পাইছিল, মইতো আজিলৈকে কৰো আগত কোৱা নাই ।"

অসম বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ওপৰত দিয়া ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিওতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ওপৰত ক্ষোভিত হৈ পৰে মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে অখিল গগৈয়ে একাধিক বাৰ হস্তক্ষেপ কৰিছিল ৷

তেতিয়াই খড়্গহস্ত হৈ প্ৰত্যাক্ৰমণ কৰে অখিল গগৈক ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক উদ্দেশ্যি কয়, "যেতিয়া মতা মানুহ খুব দুৰ্বল হয় তেতিয়া মাইকী মানুহক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে । মই যদি কওঁ আপোনাৰ পত্নীয়ে বি. বৰুৱা কলেজত চাকৰি কেনেকৈ পাইছিল ৷ মইতো আজিলৈকে কাৰো আগত কোৱা নাই ৷"

  • অখিল গগৈৰ পত্নীয়ে কেনেদৰে পাইছিল চাকৰি ?

লগে লগে অখিল গগৈৰ প্ৰত্যুত্তৰ, "ক'ব লাগে ৷ চেলেঞ্জ ।" অখিল গগৈৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই চাকৰি দিয়া হৈছিল বুলি অভিযোগ তুলিলে মুখ্যমন্ত্ৰীয়ে ৷ অখিল গগৈয়ে প্ৰত্যাহ্বান জনোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ অখিল গগৈক প্ৰত্যুত্তৰ, "সেই দিনা ইণ্টাৰভিউত আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই চাকৰি দিয়া হৈছিল । পেপাৰত নিউজ ওলাইছিল । ৰেকৰ্ড আছে । চেলেঞ্জ ইজ একচেপ্টেড ।"

কেৱল সেয়াই নহয়, অখিল গগৈৰ পৰিয়ালৰ চানমাৰিত নিজৰ ঘৰ থকা মাটি প্ৰসংগতো মুখ্যমন্ত্ৰীৰ অখিল গগৈক কটাক্ষ কৰি কয়, "চেণ্ডেল পিন্ধা আন্দোলনকাৰী এজনে যেতিয়া চানমাৰিত মাটি কিনে তাৰ উত্তৰ কোনে দিব ?"

মুখ্যমন্ত্ৰীৰ এই প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে কয়, "আপোনাৰ, মোতকৈ শ্ৰীমতীয়ে বেছি দৰমহা পায় ।" আনহাতে এই বিতৰ্কত মুখ্যমন্ত্ৰীয়ে অখিল গগৈক এপিএছচি কেলেংকাৰীৰ তদন্তৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন প্ৰসংগত সমালোচনা কৰি কয়, "বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত মোৰ নাম নাই । আপোনাৰ নাম আছে । ভগবানে বিচাৰ কৰিব ৷"

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ বিষয়ে সদনৰ মজিয়াত কয়, "সাধাৰণ মানুহে ভাবে অখিল গগৈ বহুত 'Active MLA', কিন্তু আপুনি একোৱেই নহয়, অখিল গগৈয়ে কেৱল ভুল তথ্য বিলায় ৷"

লক্ষণীয়ভাৱে পৰৱৰ্তী সময়ত এই বিতৰ্ক আৰু কিমান আগবাঢ়ে সেয়াহে হ'ব মন কৰিবলগীয়া ।

লগতে পঢ়ক :শিক্ষক নোহোৱাকৈয়ো বিদ্যালয় চলি আছে ৰাজ্যত; বিধানসভাত চাঞ্চল্যকৰ তথ্য - ASSAM BUDGET SESSION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.