ETV Bharat / international

ট্ৰাম্পৰ প্ৰব্ৰজন নীতিৰ ওচৰত সেও মানিলে ভাৰতে ! আমেৰিকাৰ প্ৰশংসাত পঞ্চমুখ মোদী - MODI ON TRUMP IMMIGRATION POLICY

ট্ৰাম্পৰ প্ৰব্ৰজন নীতিৰ প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে । আমেৰিকাত অবৈধভাৱে বাস কৰি থকা ভাৰতীয়ক গ্ৰহণ কৰিবলৈও ইচ্ছুক মোদী ।

India US Relations
ট্ৰাম্পৰ প্ৰব্ৰজন নীতিৰ ওচৰত সেও মানিলে ভাৰতে ! (ANI)
author img

By ANI

Published : Feb 14, 2025, 11:15 AM IST

ৱাশ্বিংটন : ট্ৰাম্পে দ্বিতীয়টো কাৰ্যকাল আৰম্ভণিতে দেশজুৰি অবৈধ প্ৰব্ৰজনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । অবৈধ নাগৰিকসকলক আটক কৰি নিজ নিজ দেশলৈ বিতাড়নৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে আমেৰিকা প্ৰশাসনে । ইতিমধ্যে ভাৰতলৈও তেনে ১০০ ৰো অধিক নাগৰিকক বিতাড়িত কৰিছে আমেৰিকাই । যাক লৈ ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণে সকলোকে কৌতূহলত ৰাখিছিল । বহুতে ভাবিছিল যে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণৰ সময়ত বিষয়টোক লৈ ট্ৰাম্পৰ সৈতে আলোচনা কৰি সমাধান সূত্ৰ উলিয়াব । পিছে সকলোৰে আশাত চেঁচাপানী পৰিল । কিয়নো বিশ্বৰ আটাইতকৈ শক্তিশালী দেশসমূহৰ ভিতৰত অন্যতম আমেৰিকা প্ৰশাসনৰ প্ৰব্ৰজন নীতিক আদৰণি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কেৱল সেয়াই নহয় তেনে নাগৰিকক ভাৰতে পুনৰ গ্ৰহণ কৰিবলৈ ইচ্ছুক বুলিও ঘোষণা কৰিলে ।

ট্ৰাম্পৰ প্ৰব্ৰজন নীতিক সমৰ্থন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে ড'নাল্ড ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ অন্তত কয় যে আমেৰিকাত অবৈধভাৱে বাস কৰা ভাৰতীয় নাগৰিকসকলক ঘূৰাই ল'বলৈ ইচ্ছুক । এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব বুলিও তেওঁ বিশ্বাস ব্যক্ত কৰে । মোদীয়ে কয়,"যিসকলে অবৈধভাৱে আন দেশত থাকে তেওঁলোকৰ তাত থকাৰ কোনো আইনী অধিকাৰ নাই । ভাৰত আৰু আমেৰিকাৰ ক্ষেত্ৰত আমি সদায় কৈ আহিছো যে যিসকল প্ৰমাণিত আৰু সঁচাকৈয়ে ভাৰতৰ নাগৰিক-যদি তেওঁলোকে অবৈধভাৱে আমেৰিকাত বাস কৰে ভাৰতে তেওঁলোকক ঘূৰাই ল'বলৈ সাজু ।"

তেওঁ লগতে কয় যে অবৈধভাৱে থকা বেছিভাগ লোক সাধাৰণ পৰিয়ালৰ আৰু মানৱ সৰবৰাহকাৰীৰ চক্ৰত পৰি ভুল পথেৰে পৰিচালিত হয় । তেওঁ কয়,"তেওঁলোকৰ বেছিভাগেই সাধাৰণ পৰিয়ালৰ আৰু তেওঁলোকক ডাঙৰ সপোন দেখুওৱা হৈছে । লোকসকলক বিপথে পৰিচালিত কৰা হৈছে আৰু আমেৰিকালৈ অনা হৈছে । সেয়েহে আমি মানৱ সৰবৰাহৰ এই সমগ্ৰ চক্ৰটোক উৎখাত কৰা উচিত । এনে চক্ৰক পুলিয়ে শিপাই উভালি পেলোৱাটো আমেৰিকা আৰু ভাৰতৰ একত্ৰিত প্ৰচেষ্টা হ'ব লাগে । আমি নিশ্চিত যে ৰাষ্ট্ৰপতি ট্ৰাম্পে এই চক্ৰটোক ধ্বংস কৰাৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব ।"

ভাৰত-আমেৰিকা সম্পৰ্ক

প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত আমেৰিকাত ভাৰতীয় সম্প্ৰদায়ৰ ভূমিকাৰো প্ৰশংসা কৰে আৰু ঘোষণা কৰে যে ভাৰতে লছ এঞ্জেলছ আৰু বষ্টনত দুটা নতুন কনচুলেট খুলিব । আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহক ভাৰতত অফশ্বৰ কেম্পাছ খোলাৰ বাবেও প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনায় ।

তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পক ২৬/১১ আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণত অনুমোদন জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰত আৰু আমেৰিকা একেলগে আছে । আমি সন্মত যে সীমাৰ বাহিৰত আৰম্ভ হোৱা সন্ত্ৰাসবাদ দূৰ কৰিবলৈ দৃঢ় পদক্ষেপ ল'ব লাগিব । মই ৰাষ্ট্ৰপতিৰ ওচৰত কৃতজ্ঞ যে তেওঁ এজন অপৰাধীক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে । ভাৰতৰ আদালতসমূহে সঠিক ব্যৱস্থা গ্ৰহণ কৰিব ।"

কোৱাডৰ ভূমিকা

প্ৰধানমন্ত্ৰীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, স্থিৰতা আৰু সমৃদ্ধি বজাই ৰখাৰ ক্ষেত্ৰতো কোৱাডৰ ভূমিকাৰ কথা স্বীকাৰ কৰে । তেওঁ কয়,"ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, স্থিৰতা আৰু সমৃদ্ধি বজাই ৰখাৰ বাবে কোৱাডৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকিব । এইবাৰ ভাৰতে কোৱাড সন্মিলন আয়োজন কৰিবলৈ গৈ আছে-আমি সেই সময়ছোৱাত আমাৰ অংশীদাৰ দেশসমূহৰ সৈতে নতুন ক্ষেত্ৰত আমাৰ সহযোগিতা আগবঢ়াম । ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইইচি) আৰু ইজৰাইল, সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু আমেৰিকা (আই২ইউ২)ত আমি অৰ্থনৈতিক কৰিডৰ আৰু বাণিজ্য আন্তঃগাঁথনিৰ বাবে একেলগে কাম কৰিম ।"

ট্ৰাম্পেও কোৱাড অংশীদাৰিত্বৰ প্ৰতি আমেৰিকাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে । ট্ৰাম্পে কয়, "২০১৭ চনত মোৰ প্ৰশাসনে কোৱাড নিৰাপত্তা অংশীদাৰিত্ব পুনৰুজ্জীৱিত কৰিছিল...প্ৰধানমন্ত্ৰী আৰু মই আমেৰিকা, ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপানৰ মাজত শক্তিশালী সহযোগিতা পুনৰ নিশ্চিত কৰিছো আৰু ভাৰত-প্ৰশান্ত মহাসাগৰত শান্তি, সমৃদ্ধি বজাই ৰখাটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ ।"

ট্ৰাম্পক ভাৰতলৈ আমন্ত্ৰণ

দ্বিপাক্ষিক বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক ভাৰত ভ্ৰমণৰ বাবে আহ্বান জনায় । তেওঁ কয়, "ভাৰতৰ জনসাধাৰণে আজিও আপোনাৰ ২০২০ চনৰ ভ্ৰমণৰ কথা মনত ৰাখিছে আৰু তেওঁলোকে আশা কৰে যে আপোনাক তেওঁলোকে পুনৰ দেখা পাব । ভাৰতৰ ১৪০ কোটি লোকৰ হৈ মই আপোনাক ভাৰতলৈ আমন্ত্ৰণ জনাইছো ।"

লগতে পঢ়ক :ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব, সহযোগিতাই উন্নত বিশ্ব গঢ়িব পাৰিব:মোদী - INDIA US BILATERAL TRADE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.