ETV Bharat / international

ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব, সহযোগিতাই উন্নত বিশ্ব গঢ়িব পাৰিব:মোদী - INDIA US BILATERAL TRADE

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক ।

Modi Trump Meeting
ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব, সহযোগিতাই উন্নত বিশ্ব গঢ়িব পাৰিব:মোদী (ANI)
author img

By ANI

Published : Feb 14, 2025, 9:52 AM IST

ৱাশ্বিংটন : ২০৩০ চনৰ ভিতৰত ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্যই অধিক অগ্ৰগতি লাভ কৰিব । আমেৰিকা ভ্ৰমণত থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে । তেওঁ কয় যে ভাৰত আৰু আমেৰিকাই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ৫০০ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে যুটীয়া সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োখন ৰাষ্ট্ৰই পাৰস্পৰিকভাৱে লাভজনক বাণিজ্য চুক্তি চূড়ান্ত কৰিবলৈ একেলগে কাম কৰিব । ট্ৰাম্পক প্ৰশংসা কৰি তেওঁ কয় যে আমেৰিকাৰ জনসাধাৰণ ট্ৰাম্পৰ মূলমন্ত্ৰ এমএজিএৰ (MAGA) বিষয়ে ভালদৰে অৱগত আনহাতে ভাৰতৰ জনসাধাৰণেও বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যৰ দিশে আগবাঢ়িছে । তেওঁ কয় যে ভাৰত আৰু আমেৰিকাই ভাৰতৰ শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ তেল আৰু গেছ বাণিজ্য শক্তিশালী কৰিব ।

ভাৰত-আমেৰিকাৰ যুটীয়া বাণিজ্য

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আমেৰিকাৰ জনসাধাৰণে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মূলমন্ত্ৰ 'এমএজিএ -মেক আমেৰিকা গ্ৰেট এগেইন'ৰ বিষয়ে ভালদৰে অৱগত । ভাৰতৰ জনসাধাৰণেও ঐতিহ্য আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যিহেতু তেওঁলোকে দ্ৰুত গতিত আগবাঢ়িছে আৰু বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যৰ দিশত দৃঢ় সংকল্প লৈছে । আমেৰিকাৰ ভাষাত ই হৈছে মেক ইণ্ডিয়া গ্ৰেট এগেইন -এমআইজিএ । যেতিয়া আমেৰিকা আৰু ভাৰতে একেলগে কাম কৰে এই এমএজিএ আৰু এমআইজিএ যোগ হৈ 'সমৃদ্ধিৰ বাবে এক বৃহৎ অংশীদাৰিত্ব' হৈ পৰে আৰু এই বৃহৎ মনোভাৱে আমাৰ উদ্দেশ্যবোৰক নতুন ৰূপ দিব আৰু সুযোগ প্ৰদান কৰিব । আজি আমি আমাৰ দ্বিপাক্ষিক বাণিজ্য দুগুণতকৈও অধিক বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো, যি ২০৩০ চনৰ ভিতৰত ৫০০ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হ'ব । আমাৰ দলবোৰে অতি সোনকালেই পাৰস্পৰিকভাৱে লাভজনক বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ ওপৰতো কাম কৰিব ।"

তেওঁ ঘোষণা কৰে ভাৰত আৰু আমেৰিকাৰ মাজত অংশীদাৰিত্ব আৰু সহযোগিতাই একেলগে এখন উন্নত বিশ্ব গঢ়ি তুলিব পাৰিব । তেওঁ কয়,"ভাৰতৰ শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ আমি তেল আৰু গেছ বাণিজ্য শক্তিশালী কৰিম । শক্তি আন্তঃগাঁথনিৰ ক্ষেত্ৰত, বিনিয়োগ বৃদ্ধি হ'ব । পাৰমাণৱিক শক্তি খণ্ডত, আমি সৰু মডুলাৰ ৰিএক্টৰৰ দিশত আমাৰ সহযোগিতা বৃদ্ধি কৰাৰ কথা কৈছো । ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰস্তুতিত আমেৰিকাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কৌশলগত আৰু বিশ্বাসযোগ্য অংশীদাৰ হিচাপে আমি যৌথ উন্নয়ন, যুটীয়া উৎপাদন আৰু প্ৰযুক্তিৰ স্থানান্তৰৰ দিশত সক্ৰিয়ভাৱে আগবাঢ়িছো । অনাগত দিনত নতুন প্ৰযুক্তি আৰু সঁজুলিৰ দ্বাৰা আমাৰ ক্ষমতা বৃদ্ধি পাব ।"

ট্ৰাম্পক কৃতজ্ঞতা জ্ঞাপন মোদীৰ

ইফালে উষ্ম আদৰণি আৰু বিশাল আতিথ্যৰ বাবে ট্ৰাম্পক কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "প্ৰথমে মই মোৰ বন্ধু ড'নাল্ড ট্ৰাম্পক এনে বিশাল আতিথ্যৰ বাবে ধন্যবাদ জনাইছো । ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কক আদৰণি জনাইছে আৰু তেওঁৰ নেতৃত্বৰ জৰিয়তে ইয়াক জীৱন্ত কৰি তুলিছে । তেওঁৰ প্ৰথম কাৰ্যকালত আমি একেলগে কাম কৰিছিলো, একে উৎসাহ, শক্তি আৰু সমৰ্পণ, মই আজিও অনুভৱ কৰিছো । আজিৰ আলোচনাত আমি তেওঁৰ প্ৰথম কাৰ্যকালত আমাৰ সাফল্য আৰু গভীৰ পাৰস্পৰিক বিশ্বাসৰ বিষয়ে কৈছিলো আৰু নতুন লক্ষ্যত উপনীত হোৱাৰ বাবেও এক সংকল্প আছিল ।"

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বৃহস্পতিবাৰে হোৱাইট হাউচত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আদৰণি জনায় । মোদীক সাক্ষাৎ কৰাৰ সময়ত ট্ৰাম্পে কয়, "আমি আপোনাক মনত পেলাইছো, আমি আপোনাক বহুত মনত পেলাইছো ।"

লগতে পঢ়ক :আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ সঞ্চালকক সাক্ষাৎ মোদীৰ - PM MODI MEETS US INTELLIGENCE CHIEF

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.