গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু NEZCC ( উত্তৰপূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ)ৰ সহযোগত অহা ১৫ মাৰ্চত গুৱাহাটীৰ শিল্পগ্ৰামত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে প্ৰদৰ্শন কৰিব ‘গান্ধাৰীৰ অভিশাপ’ শীৰ্ষক ভাওনা । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ভাওনা প্ৰদৰ্শনৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকৰ্মী তথা আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ কাৰ্যবাহী বিষয়া ঋতুপৰ্ণ দাস, অধ্যাপক তথা লোক-সংস্কৃতিৰ গৱেষক ড৹ দ্বীপেন দাস, প্ৰেছ ক্লাবৰ উপ-সভাপতি অলকা বৰুৱা, বিশিষ্ট সাংস্কৃতিক সাংবাদিক, আমাৰ অসম কাকতৰ জেষ্ঠ উপ-সম্পাদক মণ্টু শইকীয়া, প্ৰথম খবৰৰ কাৰ্যবাহী সঞ্চালক দিগন্ত মাধৱ বৰাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।
ভাওনাৰখনৰ সন্দৰ্ভত মন্তব্য কৰি গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদিকা পল্লৱী বৰাই কয়, “২০২৩ বর্ষ কাৰ্যকালৰ মোৰ এইটো শেষৰটো অনুষ্ঠান ৷ গুৱাহাটীৰ প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকসকলক লৈ এখন ভাওনা কৰাৰ মোৰ সপোন আছিল । সেইমৰ্মে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলক লগত লৈ ‘গান্ধাৰীৰ অভিশাপ’ শীৰ্ষক ভাওনাখন মঞ্চস্থ কৰাৰ সিদ্ধান্ত ললো । আজি ভাওনাখনৰ নাম, দিন আৰু স্থান ঘোষণা কৰিলো । ভাওনাখনত মুঠ চৰিত্ৰ ১৬ টা চৰিত্ৰ থাকিব, ইয়াৰে পুৰুষৰ ১২ টা চৰিত্ৰ আৰু মহিলাৰ ৪ টা চৰিত্ৰ ।”
![Guwahati Press Club in collaboration with NEZCC to stage a bhaona titled Gandharir Abhishap](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-02-2025/gpc_13022025190130_1302f_1739453490_216.jpg)
‘গান্ধাৰীৰ অভিশাপ’ মহাভাৰতৰ এখন বিশেষ চৰ্চিত নাট । গান্ধাৰী হৈছে কৌৰৱৰ মাতৃ তথা মহাৰাজ ধৃতৰাষ্ট্ৰ পত্নী । এই ভাওনা ভাগ আৰম্ভ হ’ব কুৰুক্ষেত্ৰৰ ৰণৰ মাজৰ পৰা । কুৰুক্ষেত্ৰৰ ৰণত কৌৰৱৰ মৃত্যুৰ পাছত গান্ধাৰীয়ে শ্ৰী কৃষ্ণক অভিশাপ দিছিল যদু বংশ শেষ হৈ যাব বুলি । কাৰণ কুৰুক্ষেত্ৰৰ ৰণত শ্ৰী কৃষ্ণৰ ৰণনীতিৰ বাবে কৌৰৱ পৰাস্ত হৈছিল । এইয়াই নাটখনৰ মূলভাৱ ।
উল্লেখ্য যে, ভাওনাখনৰ সামগ্ৰিক পৰিকল্পনা ঋতুপৰ্ণ দাসৰ, সামগ্ৰিক ব্যৱস্থাপনা ডক্টৰ দ্বীপেন দাসৰ ৷ পৰিচালনা কৰিছে দ্বীপেন দাসে, সহ-পৰিচালক হিচাপে আছে লুকু কোঁৱৰ । প্ৰেছ ক্লাবত অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক দেৱপ্ৰতিম বৰুৱাই । উক্ত অনুষ্ঠানত সকলো সাংবাদিক তথা ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে ।
লগতে পঢ়ক : আধুনিক ছবিৰ কাৰিকৰী চমকেও ম্লান কৰিব পৰা নাই অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক