ETV Bharat / entertainment

সেউজীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ অসম চৰকাৰক আহ্বান চলচ্চিত্ৰ পৰিচালক অনিৰৰ - ETV BHARAT INTERVIEW WITH ONIR

ভাৰতীয় চিনেমাৰ এগৰাকী পথপ্ৰদৰ্শক পৰিচালক অনিৰ । ‘মাই ব্ৰাদাৰ…নিখিল’ ছবিখনৰ জৰিয়তে ভাৰতীয় ছবি জগতত এক নতুন চিন্তাধাৰাৰ সূচনা কৰিছিল পৰিচালকগৰাকীয়ে ।

ETV BHARAT EXCLUSIVE INTERVIEW WITH INDIAN FILM DIRECTOR ONIR
চলচ্চিত্ৰ পৰিচালক অনিৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Feb 10, 2025, 9:33 PM IST

গুৱাহাটী : গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ বাবে গুৱাহাটীত উপস্থিত হৈছে বিশিষ্ট পৰিচালক অনিৰ । পূৰ্বে বহুবাৰ অসমলৈ অহা পৰিচালকগৰাকীয়ে এইবাৰ অসমত উপস্থিত হৈ কৰিলে কিছু সুকীয়া অনুভৱ ৷

প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক অনিৰে তেওঁৰ সাহসী আৰু যোগাত্মক দৃষ্টিভংগীৰে ভাৰতীয় ছবি জগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । ভূটানত জন্মগ্রহণ কৰা অনিৰৰ প্ৰকৃত নাম অনিৰ্বাণ ধৰ । ২০০৫ চনত মুক্তি লাভ কৰা ছবি ‘মাই ব্ৰাদাৰ… নিখিল’ ছবিখনৰ জৰিয়তে ছবি জগতত এক নতুন চিন্তাধাৰাৰ সূচনা কৰে বিশিষ্ট পৰিচালকগৰাকীয়ে । ‘মাই ব্ৰাদাৰ… নিখিল’ ছবিখনৰ জৰিয়তে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অনিৰে LGBTQ+ ৰ অধিকাৰ, পৰিচয় আৰু তেওঁলোকৰ বাবে সামাজিক ন্যায়ৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক চলচ্চিত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ ওলাই সদায় আগবাঢ়ি আহিছে ।

চলচ্চিত্ৰ পৰিচালক অনিৰৰ সৈতে বাৰ্তালাপ (ETV Bharat Assam)

ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে পৰিচালক অনিৰৰ এক আছুতীয়া সাক্ষাৎকাৰ-

কেনেদৰে আৰম্ভ হৈছিল অনিৰৰ চলচিত্ৰ যাত্ৰা ?

অনিৰে কয়, “মোৰ জন্ম হৈছিল ভাৰতৰ চুবুৰীয়া দেশ ভূটানত । মোৰ মাৰ ছবিৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছিল । তেতিয়া আমাৰ সেই অঞ্চলত এটাই ছবিগৃহ আছিল । মোৰ মায়ে সদায় শনিবাৰ-দেওবাৰে মোক তালৈ ছবি দেখুৱাবলৈ লৈ গৈছিল । অষ্টম শ্ৰেণীত পঢ়ি থাকোতে শ্যাম বেনেগালৰ পৰিচালিত ছবি জুনুন (Junoon) চাইছিলো । সেই সময়ত সম্পূৰ্ণ ছবিখন মই বুজি পোৱা নাছিলো যদিও সেই দৃশ্য, সংগীত ইমানেই ভাল লাগিছিল যে মোৰ মনলৈ তেতিয়া আহিছিল এগৰাকী ছবি পৰিচালক হোৱাৰ কথা । স্কুলীয়া শিক্ষা শেষ কৰি যেতিয়া মই ভাৰতলৈ আহি যাদৱপুৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰো, তাত ফিল্মক্লাৱ আছিল আৰু সেই ফিল্মক্লাৱৰ লগত মই জড়িত হৈ পৰিলো । তাৰ পাছত মই জাৰ্মানীলৈ গৈ ছবিৰ ওপৰত অধ্যয়ন কৰাৰ বাবে এক বৃত্তি লাভ কৰো । জাৰ্মানীত অধ্যয়ন কৰি অহাৰ পাছত মই মুম্বাইত ছবি নিৰ্মাণৰ কাম আৰম্ভ কৰো ।”

‘মাই ব্ৰাদাৰ... নিখিল’ৰ সন্দৰ্ভত অনিৰৰ মন্তব্য

অনিৰে বিশ্বব্যাপী খ্যাতি লাভ কৰিছিল ‘মাই ব্ৰাদাৰ… নিখিল’ ছবিখনৰ জৰিয়তে । ছবিখন সন্দৰ্ভত তেওঁ কয়, “এই বৰ্ষত 'মাই ব্ৰাদাৰ… নিখিল' ছবিখনে ২০ বছৰত ভৰি দিলে । এতিয়াও মোক বহু লোকে ছবিখনৰ কথা কয় । এতিয়াও ছবিখন বহুত ঠাইত প্ৰদৰ্শন কৰা হয় । শেহতীয়াকৈ মই দিল্লীত ছবিখন প্ৰদৰ্শন কৰিছিলো । মই নিজকে বহুত সৌভাগ্যৱান বুলি অনুভৱ কৰো, কাৰণ মোৰ প্ৰথম ছবিখনে ভাৰতীয় ছবিজগত এক ইতিহাসৰ সৃষ্টি কৰিলে । ভাৰতীয় মূলধাৰাৰ চিনেমাৰ ভিতৰত প্ৰথম LGBTQ+ আৰু এইডছ/এইচআইভি সম্পৰ্কীয় বিষয়সমূহ আগবঢ়োৱা ছবিসমূহৰ ভিতৰত এইখন অন্যতম ।”

ছবিখন নিৰ্মাণৰ সন্দৰ্ভত কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল ?

অনিৰে কয়, “২০১৮ চনতহে ভাৰতৰ উচ্চতম ন্যায়ালয়ে সমকামিতা অপৰাধ নহয় বুলি ঘোষণা কৰিছিল । ২০০৫ চনতে এনে এক সংবেদনশীল বিষয়ৰ ওপৰত ছবি নিৰ্মাণ কৰাটো বহু প্ৰত্যহ্বানমূলক আছিল । বিনিয়োগ আৰু বিতৰণৰ ক্ষেত্ৰতো বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । মোৰ লগতে কেইজনমান বন্ধুৱে একেলগে মিলি ছবিখন প্ৰযোজনাও কৰিছিলো, লগতে মই ছবিখন পৰিচালনাও কৰিছিলো । বহুত প্ৰত্যাহ্বান আছিল কিন্তু যেতিয়া ছবিখনে মুক্তিলাভ কৰে, তেতিয়া মই নিজকে সৌভাগ্যৱান বুলি ভাবিলো, কাৰণ মোৰ ছবিখন বলীউডৰ প্ৰখ্যাত পৰিচালক কৰণ জোহৰে উপভোগ কৰাৰ লগতে ছবিখনৰ প্ৰচাৰো কৰে । আদিত্য চোপ্ৰাই যশৰাজৰ জৰিয়তে ছবিখনৰ বিতৰণত আৰু মুক্তিত সহায় কৰে । যাৰ বাবে ছবিখনে সমগ্ৰ দেশজুৰি প্ৰচাৰ লাভ কৰে ।”

বলীউডৰ প্ৰখ্যাত পৰিচালক কৰণ জোহৰে কিয় অনিৰৰ ছবি চাই কান্দিছিল ?

“মাই ব্ৰাদাৰ… নিখিল ছবিখনৰ এডিটিং চলি থাকোতে মোৰ তালৈ কৰণ জোহৰ আহিছিল ছবিখন চাবলৈ । মোৰ সেইখন প্ৰথম ছবি, ইফালে কৰণ জোহৰ হৈছে এগৰাকী প্ৰখ্যাত পৰিচালক, সেয়ে মই বহুত নাৰ্ভাচ অনুভৱ কৰি আছিলো । কৰণ জোহৰে ছবিখন চাই বাহিৰলৈ ওলাই আহি কান্দি দিছিল । লগতে তেওঁ আদিত্য চোপ্ৰাৰ লগত ছবিখনৰ বিতৰণৰ কথা পাতিম বুলি কৈছিল ।”

সমকামিতাৰ ওপৰত ছবি নিৰ্মাণৰ ধাৰণা কেনেদৰে মনলৈ আহিল ?

এই সন্দৰ্ভত অনিৰে কয়, “মোৰ সকলো ছবি আচলতে সমকামিতাৰ ওপৰত নহয় । শেহতীয়াকৈ মোৰ এখন আৰ্ট ফিল্মেও মুক্তি লাভ কৰিছে । মই আচলতে সকলো ধৰণৰে ছবি নিৰ্মাণ কৰো কিন্তু মানুহে এটা ধাৰাৰহে ছবি চায় । মই এজন গে’ হিচাপে সদায় গৌৰৱ অনুভৱ কৰো । মোৰ ছবিৰ যি কাহিনী সেয়া সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰো । কাৰণ মই কেৱল এজন ছবি নিৰ্মাতাই নহয় LGBTQ+ ৰ সমঅধিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আহিছো । এগৰাকী শিল্পীৰ বাবে ছবি এক মাধ্যম, যাৰ জৰিয়তে LGBTQ+ ৰ অধিকাৰৰ ওপৰত মই ক’ব পাৰো লগতে মানুহক সজাগ কৰিব পাৰো । ছবিৰ জৰিয়তে LGBTQ+ জীৱনৰ কাহিনীবোৰো দৰ্শকৰ আগত উপস্থাপন কৰিব পাৰো ।”

ছবি নিৰ্মাতাসকলৰ বাবে OTT প্লেটফৰ্মসমূহে কেনেদৰে সহায় কৰিছে ?

এটা সময় আছিল যিটো সময়ত বহু টিভি চেনেল আহিছিল । টিভি অহাৰ সময়তো ছবি নিৰ্মাৰ্তাসকলে ভাবিছিল যে তেওঁলোকৰ ছবিসমূহে প্ৰদৰ্শনৰ বাবে এক মাধ্যম লাভ কৰিব । কিন্তু কেইদিনমানৰ পাছত দেখা গ'ল যে টিভিসমূহেও বিগ বাজেটৰ বাণিজ্যিকধর্মী ছবিমূহক গুৰুত্ব আৰোপ কৰিবলৈ ল’লে । OTT প্লেটফৰ্মসমূহ আহোতেও সকলোৱে ভাবিছিল যে ইয়াৰ জৰিয়তে সকলো ধৰণৰ ছবিয়ে প্ৰদৰ্শনৰ এক মঞ্চ লাভ কৰিব, কিন্তু ইয়াতো যিসকল জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী বা পৰিচালক আছে তেওঁলোকৰ ছবিসমূহক বেছি গুৰুত্ব আৰোপ কৰা দেখা গ’ল । ক’ভিডৰ প্ৰভাৱ ছবি জগততো পৰিছিল । বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল । সেই সময়ত বহুত OTT প্লেটফৰ্ম ওলাইছিল যদিও এতিয়া তাৰে প্ৰায় সংখ্যকেই বন্ধ হৈ গ'ল ।”

অসমত উপস্থিত হৈ কি ক’লে পৰিচালকগৰাকীয়ে

“মই অসমলৈ বহুবাৰ আহিছো । মই সম্পাদক আৰু সংগীত পৰিচালক হিচাপে প্ৰথম যিখন ছবিত কাম কৰিছিলো, সেই ছবিখনৰ প্ৰযোজক আছিল সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা । ছবিখনৰ নাম আছিল 'দমন' । ছবিখনৰ দৃশগ্ৰহণ গুৱাহাটীত হৈছিল । কিন্তু তেতিয়া আৰু এতিয়াৰ মাজত বহুত পার্থক্য আছে । তেতিয়া বহুত গছ-গছনি আছিল, মানুহৰ সংখ্যা কম আছিল, যিটো মই গুৱাহাটীত বহুত মিছ কৰিছো । এতিয়া গুৱাহাটীত গছ-গছনিৰ সংখ্যা কম হৈ গ’ল, নিৰ্মাণকাৰ্য, বিল্ডিং আদিৰ বাবে ধূলিময় হৈ পৰিলে । মই ইয়াৰ চৰকাৰত আহ্বান জনাইছো যাতে অকণমান সেউজীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে, চাইকেল ট্ৰেক আদি নিৰ্মাণ কৰে, গছ-ৰোপন কৰে ।”

উল্লেখ্যগ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হোৱা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ বাবে গুৱাহাটীত উপস্থিত হৈছে বিশিষ্ট পৰিচালকগৰাকী । মহোৎসৱৰ সামৰণি অনুষ্ঠানত ইমতিয়াজ আলী, ৰীমা দাস, অনিৰ আৰু কবীৰ খানৰ পৰিচালনাৰ ছবি ‘মাই মেলব’ৰ্ণ’ প্ৰদৰ্শন কৰা হয় । অন্তিম দিনটোত এক মত বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰে পৰিচালকগৰাকীয়ে ।

লগতে পঢ়ক : গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলত মণিপুৰী ‘জোচেফচ চান’লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.