ETV Bharat / bharat

২৪ ঘণ্টাৰ পিছতো ঘোষণা নহ’ল নতুন মুখ্যমন্ত্ৰীৰ নাম: অনিশ্চয়তাত মণিপুৰৰ ৰাজনৈতিক ভৱিষ্যৎ - MANIPUR POLITICAL CRISIS

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইছাম মেঘাচন্দ্ৰৰ সৈতে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ বাৰ্তালাপ ।

Manipur political crisis
মণিপুৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত পি চি চিৰ সভাপতি মেঘাচন্দ্ৰৰ সৈতে টেলিফোনিক বাৰ্তালাপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 7:23 PM IST

Updated : Feb 10, 2025, 9:07 PM IST

তেজপুৰ : মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই পৰৱৰ্তী মুখ্যমন্ত্ৰী ঘোষণা নকৰা পর্যন্ত তেওঁক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই যাবলৈ নিৰ্দেশ জাৰি কৰাৰ ২৪ ঘণ্টাৰ পিছতো নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নকৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দল কংগ্ৰেছে । কংগ্ৰেছৰ সভাপতি কেইছাম মেঘাচন্দ্ৰ সিঙে কয়, "মই ভাবো কেন্দ্ৰীয় চৰকাৰে মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে ।"

ই টিভি ভাৰতৰ লগত হোৱা এক টেলিফোনিক বার্তালাপত প্রদেশ কংগ্ৰেছৰ সভাপতি কে মেঘাচন্দ্ৰ সিঙে কয়, "ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ পদত্যাগ-পত্ৰ গ্ৰহণ কৰাৰ পিছতে আগন্তুক ছয় মাহৰ বাবে অন্তিমখন বিধানসভা অধিবেশন অনুষ্ঠিত হোৱাটো বন্ধ কৰিলে, যিটো অনুচিত । এই সিদ্ধান্ত সংবিধানৰ অৱমাননা ।"

মণিপুৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত পি চি চিৰ সভাপতি মেঘাচন্দ্ৰৰ সৈতে টেলিফোনিক বাৰ্তালাপ (ETV Bharat Assam)

তেওঁ কয়, "মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জনপ্ৰিয়তা হেৰুৱাইছে, যাৰ বাবে তেওঁ পদত্যাগ-পত্ৰ দাখিল কৰিবলগীয়া হ'ল ।" আনহাতে, সোমবাৰে পুৱা একাংশ সমৰ্থকে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগ-পত্ৰ দাখিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

মেঘাচন্দ্ৰই এই প্ৰশ্নৰ উত্তৰত কয়, "এয়া মুখ্যমন্ত্ৰীৰ সমষ্টিৰ একাংশ সমৰ্থকৰ সিদ্ধান্ত, সাধাৰণ জনসাধাৰণৰ সিদ্ধান্ত নহয় ।" লগতে তেওঁ এই প্ৰশ্নৰ উত্তৰৰ পৰা হাঁহিৰে ফালৰি কাটি যায় ।

মেঘাচন্দ্ৰই কয়, "বিগত প্ৰায় দুবছৰ সময় মণিপুৰৰ জনসাধাৰণৰ মাজত ভয়-শংকাই বিৰাজ কৰিছে । আজিও মণিপুৰৰ পৰিস্থিতি ভাল নহয় । এটা জনগোষ্ঠীৰ লোকে আন এটা জনগোষ্ঠীৰ অঞ্চললৈ যাব নোৱাৰে । কোনোৱে কাৰো লগত সমানে বাৰ্তালাপ কৰিব নোৱাৰে । যোৱা ২০২৩ চনৰ ৩ মে'ৰ পৰা মণিপুৰৰ গোষ্ঠীগত হিংসাত প্ৰায় ৬০ হাজাৰ লোকে নিজৰ ঘৰ হেৰুৱাই আজিও আশ্ৰয় শিবিৰত জীৱন নিৰ্বাহ কৰিছে ।"

মেঘাচন্দ্ৰই লগতে কয়, "এই সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো মণিপুৰ ভ্ৰমণ কৰিবলৈ নাহিল, এয়া অতি দুৰ্ভাগ্যজনক । মণিপুৰত বৰ্তমান সেনাবাহিনী আৰু আন আন সুৰক্ষা বাহিনীৰ লোকে চাৰিওফালে পহৰা দি ৰাখিছে । বৰ্তমান অসম ৰাইফলছৰ সঞ্চালক প্ৰধান মণিপুৰতে আছে । এই সকলো দিশ সামৰি যদি মঙলবাৰৰ ভিতৰত নতুন মুখ্যমন্ত্ৰী ঘোষণা নহয়, হয়তো কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ সম্ভাৱনা প্ৰকট ।"

উল্লেখ্য যে মণিপুৰত গোষ্ঠীগত সংঘৰ্ষত বিগত ১ বছৰ ৮ মাহত প্ৰায় ৬০,০০০ লোক গৃহহীন হোৱাৰ বিপৰীতে প্ৰায় ৩০০ লোকৰ মৃত্যু হয় । দুগৰাকী নাৰীক বিবস্ত্ৰ কৰি ৰাজপথত সমদল কৰা হৈছিল । এই গোচৰত চি বি আয়ে তদন্ত কৰি আছে ।

আজিও অশান্ত ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰ । কাৰণ চুবুৰীয়া দেশখনৰ পৰা হোৱা অবাধ প্ৰব্ৰজন, গোপন অস্ত্ৰ ভাণ্ডাৰ আৰু উগ্ৰপন্থীৰ বাবে স্থানীয় মেইটেই লোকসকলে সমস্যাৰ সন্মুখীন হোৱা বুলিও তেওঁ দাবী কৰে ।

চৰকাৰী তথ্য মতে, এই হিংসাৰ ফলত ২১৯ জন লোকৰ মৃত্যু হৈছে আৰু ৬০,০০০ লোক গৃহহীন, ১০০০ৰো অধিক আহত আৰু ৩২ জন নিৰুদ্দেশ হোৱাৰ লগতে ৪,৭৮৬টা ঘৰ জ্বলাই দিয়া হয় । মন্দিৰ আৰু গীৰ্জাকে ধৰি ৩৮৬টা ধৰ্মীয় আন্তঃগাঁথনি ভাঙি পেলোৱা হয় । কিন্তু বেচৰকাৰী তথ্য মতে ইয়াৰ হাৰ অধিক ।

আনহাতে, সামাজিক মাধ্যমৰ চর্চা অনুসৰি আগন্তুক দুই-তিনিদিনৰ ভিতৰত নতুন দিল্লীয়ে মণিপুৰৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনীয়তা আছে । এই সময়ত চর্চা চলি থকা মতে, পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বাবে বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষ টি এইচ ৰাধেশ্যামৰ নাম চর্চাত আছে । আনহাতে, গভীন্দাচ আৰু খেমচান্দৰ নামো চৰ্চাত আছে; দুয়োগৰাকী পূৰ্বৰ অধ্যক্ষ ।

ইফালে বিজেপিয়ে অহা ১২ ফেব্ৰুৱাৰীত নতুন দিল্লীত মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব । এই বৈঠকত মুখ্যমন্ত্ৰী নিৰ্ণয় কৰিবৰ বাবে চূড়ান্ত আলোচনা হ'ব । ইয়াত মণিপুৰৰ ১০ গৰাকী কুকি বিধায়ক উপস্থিত থাকিব, যিসকলে মুখ্যমন্ত্ৰী বীৰেণ সিঙক বিৰোধিতা কৰিছিল ।

লগতে পঢ়ক :হঠাৎ বাতিল মণিপুৰ বিধানসভাৰ অধিৱেশন: ৰাজ্যপালৰ নতুন নিৰ্দেশনা - 12TH MANIPUR LEGISLATIVE ASSEMBLY
লগতে পঢ়ক :মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বীৰেন সিঙৰ - MANIPUR CM N BIREN SINGH

Last Updated : Feb 10, 2025, 9:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.