ডিব্ৰুগড় : "১৮ মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন ঘোষণা নকৰে তেন্তে আমি আদালতৰ দ্বাৰস্থ হম ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ । ৰাজ্য চৰকাৰে বিভিন্ন অজুহাত দেখুৱাই বাৰে বাৰে পঞ্চায়ত নিৰ্বাচন পিছুৱাই থকা কাৰ্যত ক্ষোভিত হৈ এই মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । কেৱল এয়াই নহয় অসমৰ মুখ্যমন্ত্ৰীকো তীব্ৰ সমালোচনা কৰে বৰাই । ডিব্ৰুগড়ৰ এক অনুষ্ঠানত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে একপ্ৰকাৰ সৰৱ হৈ পৰে ।
অসম চৰকাৰক প্ৰত্যাহ্বান :
ৰাজ্যত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । শাসকীয় দল বিজেপিয়ে মণ্ডল, জিলা আৰু ৰাজ্যিক পৰ্যায়লৈ নেতৃত্ব সালসলনি কৰি সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে । কিন্তু চৰকাৰে সঘনাই পঞ্চায়ত নিৰ্বাচনৰ দিন পিচুৱাব লগা হোৱাত সৰৱ হৈ পৰিছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহ । ভূপেন কুমাৰ বৰাই এই সন্দৰ্ভত কয়, "কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বদ্ধপৰিকৰ । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছলে-বলে, কৌশলে পঞ্চায়ত নিৰ্বাচন পিছুৱাই আছে । তেওঁ ভয় খাইছে গাঁৱত যি ধৰণেৰে কংগ্ৰেছ দলৰ জনপ্ৰিয়তা বৃদ্ধি পাছে, মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি ৰাইজে আস্থাহীনতাত ভুগিছে । পঞ্চায়ত নিৰ্বাচনত বিপৰ্যয় হ'ব বুলি জানিব পাৰি তেওঁ পঞ্চায়ত নিৰ্বাচন পিছুৱাই আহিছে । সেয়ে মুখ্যমন্ত্ৰীক সকীয়াই দিছো ১৮ মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা নকৰে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হম । ইতিমধ্যে অধিবক্তাৰ সৈতে এই বিষয়ত আলোচনা কৰা হৈছে ।"
বিৰোধী ঐক্যৰ কি হ'ব ?
দিল্লীত বিজেপিৰ ঐতিহাসিক বিজয়ৰ পাছতে অসমত বিৰোধী একত্ৰিত হোৱাক লৈ পুনৰ কুচকাৱাজ আৰম্ভ হৈছে । অসমত বিৰোধী একত্ৰিত হোৱাক লৈ কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰাই কয়, "অসমত বিৰোধীৰ মিত্ৰতা হ'ব এইটো সময়ৰ আহ্বান, ৰাইজৰ আহ্বান সকলো বিজেপি বিৰোধী দল-সংগঠন একত্ৰিত হ'ব লাগিব । এই আহ্বান কংগ্ৰেছ দলে আন্তৰিকতাৰে গ্ৰহণ কৰিছে ।"
গৌৰৱ গগৈৰ পত্নীৰ নাগৰিকত্ব বিতৰ্ক
যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ ভাৰত বিৰোধী শক্তিৰ সৈতে লিংক থকা বুলি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা সন্দৰ্ভত ভূপেন কুমাৰ বৰাই কয়, "মুখ্যমন্ত্ৰীয়ে কোনোধৰণৰ প্ৰমাণ নথকাকৈ এনেধৰণৰ কথা-বতৰা কোৱাটো অনুচিত, অশোভনীয় । এনে ধৰণৰ বিষয়ৰ পৰা মুখ্যমন্ত্ৰীক বিৰত থাকিবলৈ মই আহ্বান জনাইছো । মুখ্যমন্ত্ৰীৰ বহুত কাম আছে সেই বিলাকত গুৰুত্ব প্ৰদান কৰক ।"
উল্লেখ্য যে 'চোতালে চোতালে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে এটা সঁজাতি দল বৃহস্পতিবাৰে টিংখাং সমষ্টিত উপস্থিত হয় । এক বিশাল ৰেলীৰে টিংখাং সমষ্টিৰ তিনঠেঙীয়া প্ৰেক্ষাগৃহলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাক আদৰণি জনোৱা হয় । তাৰ পিছতে দলীয় কৰ্মীসকলৰ সৈতে তেওঁ মত-বিনিময় কৰে আৰু ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰে । ইফালে কংগ্ৰেছৰ তৰফৰ পৰা জ্যেষ্ঠ নাগৰিক তথা প্ৰবীণ কংগ্ৰেছ কৰ্মীসকলক সম্বৰ্ধনাও জনোৱা হয় ।
লগতে পঢ়ক :সাংসদ গৌৰৱ গগৈক লৈ কেবিনেটে ল'ব সিদ্ধান্ত : মুখ্যমন্ত্রী - CM HIMANTA BISWA SARMA