ETV Bharat / state

কাৰ্বি যুৱ মহোৎসৱত জিলিকিছে কাৰ্বিসকলৰ পৰম্পৰা-সংস্কৃতি - KARBI YOUTH FESTIVAL

মায়ানগৰী তাৰালাংছ'ত চতুৰ্থ দিনাও উখল-মাখল পৰিৱেশ । জনগোষ্ঠীয় নৃত্য-গীত, খেল-ধেমালি পৰাম্পৰাগত সাজ-পোছাকেৰে উদ্ভাসিত তাৰালাংছ'ৰ সাংস্কৃতিক প্ৰকল্প ।

Karbi peoples traditions and culture shine at Karbi Youth Festival
কাৰ্বি যুৱ মহোৎসৱত জিলিকিছে কাৰ্বিসকলৰ পৰম্পৰা-সংস্কৃতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2025, 11:03 PM IST

ডিফু: সংস্কৃতিৰ সমন্বয় ভূমি তাৰালাংছ'ৰ সৰুবৰ পাহাৰৰ নৈসৰ্গিক আৰু নান্দনিক পৰিৱেশৰ মাজত তাৰালাংছ'ৰ বৃহৎ সাংস্কৃতিক প্ৰকল্পত চতুৰ্থ দিনাও উখল-মাখল পৰিৱেশ । ৮২৭ বিঘা ভুমিৰ বৃহৎ প্ৰকল্পটোত যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীলৈ এক মেলামুখী উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰি আছে ।

কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰেও অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ সহস্ৰাধিক শিল্পীয়ে তাৰালাংছ'ৰ বাকৰিত পৰম্পৰাগত নৃত্য, গীত আৰু বিভিন্ন প্ৰতিযোগিতাৰে মুখৰিত কৰি ৰাখিছে । কাৰ্বি যুৱ মহোৎসৱৰ বাবে তাৰালাংছ'ৰ বৃহৎ প্ৰকল্পত থকা স্থায়ী আচেথাই অৰ্থাৎ মুকলি মঞ্চসমূহত জনজাতীয় যুৱ শিল্পীসকলে নিজৰ নিজৰ শিল্প শৈলী প্ৰদৰ্শন কৰি আহিছে ।

কাৰ্বি যুৱ মহোৎসৱত জিলিকিছে কাৰ্বিসকলৰ পৰম্পৰা-সংস্কৃতি (ETV Bharat Assam)

৮২৭ বিঘা মাটি কালিৰ সমগ্ৰ তাৰালাংছ'ত গঢ়ি উঠা বিভিন্ন জনগোষ্ঠীয় গৃহসমূহত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে কাৰ্বি, ডিমাচা, গাৰো, ৰাভা, গোৰ্খা, ৰেংমা, নগা, টাই আহোম, পাইতে আদি জনগোষ্ঠীয় লোকৰ জীৱন প্ৰণালীৰ লগত পৰিচিত হৈছে দৰ্শনাৰ্থী । যুৱ মহোৎসৱটিৰ আৰম্ভনী দিনৰে পৰাই তাৰালাংছ'ৰ চৌদিশে শৃংখলাবদ্ধভাৱে সজাই তোলা প্ৰদৰ্শনী, গ্ৰন্থ বিপণি, আত্মসহায়ক গোটৰ মেলাস্থলী, কুটীৰশিল্প, ভোজমেলা যুৱক-যুৱতীসকলৰ নৃত্য-গীতে দৰ্শকসকলক আত্ম বিভোৰ কৰি ৰাখে ।

Karbi peoples traditions and culture shine at Karbi Youth Festival
কাৰ্বি যুৱ মহোৎসৱত বিপণি (ETV Bharat Assam)

জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ ফুৰফুৰীয়া গোন্ধে তাৰালাংছ'ৰ চৌপাশ আমোল-মোলাই ৰাখিছে । বিশেষকৈ কাৰ্বি জনজাতীয় খাদ্য সম্ভাৰ, বি-অক (ছাগলী মাংস), ফাক'-অক (গাহৰি মাংস), ৱ'- অক ( কুকুৰা মাংস) , আন কিমুং (চুঙাত দিয়া ভাত), আন কিউপ (সিজোৱা ভাত), বাৰা আচিৰজা (ভাপত দিয়া ভাত), ৱক লাংপং কিমুং, ৱক কিমুং (পাতত দিয়া ভাত) আদিয়ে যুৱ মহোৎসৱলৈ অহা লোকসকলক তৃপ্তি প্ৰদান কৰে ।

কাৰ্বি যুৱ মহোৎসৱত পৰম্পৰাগত খেল (ETV Bharat Assam)

ইয়াৰোপৰি কাৰ্বি কালচাৰেল চ'ছাইটিৰ সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়, "তাৰালাংছ'ত অনুষ্ঠিত হৈ থকা ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা কাৰ্বিসকলক সমবেত কৰাৰ এক মহান প্ৰচেষ্টা ৷ ঐতিহ্যময় কাৰ্বি পৰাম্পৰাগত লোক কৃষ্টি-সংস্কৃতিৰ উন্নয়ন, বিকাশ আৰু সংবৰ্দ্ধনৰ বাবে ইয়াক প্ৰতিবছৰে আধুনিকৰ পৰা আধুনিকতম ৰূপ দিয়াৰ প্ৰয়াস কৰি থকা হৈছে ।"

কাৰ্বি যুৱ মহোৎসৱ (ETV Bharat Assam)

উল্লেখ্য যে মঙলবাৰে চতুৰ্থ দিনত ভৰি দিয়ে ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱে । মঙলবাৰে পুৱাৰে পৰাই কাৰ্বি সাংস্কৃতিক প্ৰকল্পত পৰাম্পৰাগত খেল হামবি কেপাথু (ঘিলাখেল), কাৰ্বি জাতীয় লোক নৃত্য হাছাকেকান (শস্য চপোৱা নৃত্য), সমবেত গীত, পৰাম্পৰাগত সাজ পোছাক আদি প্ৰদৰ্শন কৰা হয় । কাৰ্বি সমাজত লুপ্ত হ'বলৈ ধৰা পৰাম্পৰাগত লোক-কৃষ্টি সংস্কৃতি আদি সংৰক্ষণ আৰু সংবৰ্ধনৰ উদ্দেশ্যলৈ কাৰ্বি সাংস্কৃতিক সমাজে এনে প্ৰয়াস অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ৫ সহস্ৰাধিক শিল্পীৰে উথপথপ লোককৃষ্টিৰ বৰ্ণময় তাৰালাংচৰ বাকৰিৰ কাৰ্বি যুৱ মহোৎসৱ - KARBI YOUTH FESTIVAL

উত্তাল ডিফু: পুৱা যদি এটা দলৰ প্ৰতিবাদ, সন্ধিয়ালৈ আনটো দলে কৰে পুত্তলিকা দাহ - APHLC AND BJP PROTEST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.