ETV Bharat / bharat

পশু বা চৰাই-চিৰিকটি নহয়, পিঞ্জৰাবদ্ধ এজোপা বিশেষ গছ - SANDALWOOD TREES IN HAZARIBAG

হাজাৰিবাগৰ বন ভৱন কমপ্লেক্সৰ এজোপা বিশেষ গছ ৷ গছজোপাক বান্ধি ৰখা হৈছে ৷ কি কাৰণে ?

SANDALWOOD TREES IN HAZARIBAG
লোহাৰ পিঞ্জৰাত গছ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2025, 10:43 PM IST

হাজাৰিবাগ: আপুনি হয়তো পিঞ্জৰাত বন্দী কৰি ৰখা জীৱ-জন্তু বা চৰাই দেখিছে, কিন্তু যদি এজোপা গছ একেদৰে বন্দী কৰি ৰখা হয়, তেন্তে শুনি হয়তো আচৰিত হ’ব ৷ কিন্তু সেয়া বাস্তৱ । ঝাৰখণ্ডৰ হাজাৰিবাগৰ বন ভৱন কমপ্লেক্সত উপভোগ কৰিব পাৰিব এই দৃশ্য ৷

হাজাৰিবাগৰ এজোপা বিশেষ গছ

হাজাৰিবাগৰ বন ভৱন কমপ্লেক্সত শিকলিৰে বান্ধি ৰখা হৈছে এজোপা গছক ৷ বহুমূলীয়া গছজোপা চোৰৰ পৰা ৰক্ষা কৰিবৰ বাবেই এই কাম কৰা হৈছে ৷ চোৰৰ পৰা পৰিত্ৰাণ পাবলৈয়ে এই উপায় অৱলম্বন কৰিছে বন বিভাগৰ বিষয়াসকলে ৷

ৰঙা চন্দন গছৰ কটকটীয়া নিৰাপত্তা

দৰাচলতে হাজাৰিবাগৰ বন ভৱনৰ চৌহদত পূৰৈঠ হৈছে এজোপা বহুমূলীয়া ৰঙা চন্দন গছ । বন বিভাগে পূৰ্বতে ভৱনটোৰ চৌহদত কিছু গছ ৰোপণ কৰিছিল যদিও এই গছজোপাই হৈছে চৌহদটোত থকা ৰঙা চন্দনৰ একমাত্ৰ গছ । যিহেতু গছজোপা অতি মূল্যৱান, সেয়েহে ইয়াৰ সুৰক্ষাৰ বাবে লোহাৰ বেৰিকেড ব্যৱহাৰ কৰা হৈছে ।

পূৰ্বেও হৈছিল গছ চুৰিৰ চেষ্টা

২০২১ চনৰ ৩১ জানুৱাৰীত ৰঙা চন্দন গছ চুৰি কৰাৰ চেষ্টা কৰা হৈছিল । চোৰে চন্দন গছৰ এটা অংশও কাটি পেলাইছিল । সেই ঘটনাৰ পিছত চন্দন গছজোপা লোহাৰ পিঞ্জৰাত বন্দী কৰি ৰখা হৈছিল, যাতে চোৰে গছজোপা কাটিব নোৱাৰে । চন্দন গছজোপা প্ৰায় ৬ ফুট উচ্চতালৈকে লোৰে ঘেৰি ৰখা হৈছে । কেৱল এয়াই নহয়, বিভাগটোৰ বিষয়া-কৰ্মীসকলেও উক্ত গছজোপাৰ বিশেষ নিৰীক্ষণ কৰে ৷

কাৰণ বৰ্ণনা কৰিলে বন বিভাগৰ বিষয়াই

বন বিভাগৰ বিষয়া এ কে পাৰমাৰে কয় যে চন্দন গছ অতি মূল্যৱান । প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰাৰ সমান্তৰালকৈ ইয়াক ধৰ্মীয় উপাসনাতো ব্যৱহাৰ কৰা হয় । অত্যাধিক মূল্যৰ বাবে চন্দন গছজোপাৰ ওপৰত চোৰাং চিকাৰী আৰু চোৰে চকু ৰাখে । এইবোৰ কাৰণতে নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা বন বিভাগে গছজোপাক শিকলি সদৃশ লোহাৰ বেৰৰে ঘেৰি ধৰিছে ।

চুৰি হৈছে বহু চন্দন গছ

এই সন্দৰ্ভত খিৰগাঁৱৰ শ্মশান ক্ষেত্ৰৰ ভূতনাথ মণ্ডলীৰ সভাপতি মনোজ গুপ্তাই কয় যে ইয়াৰ পূৰ্বে শ্মশান ক্ষেত্ৰখনৰ চাৰিওফালে বহুতো চন্দন গছ আছিল । কিন্তু সকলো চন্দন গছ চুৰি হৈ গ’ল ।

কেৱল এয়াই নহয়, হাজাৰিবাগৰ প্ৰাক্তন বিধায়ক, ডি এফ অ’ৰ বাসগৃহৰ পৰাও চুৰি হৈছে চন্দন গছ । চন্দন গছ বৰ দামী । এই কাৰণেই চোৰাং ব্যৱসায়ীসকলে চন্দন গছৰ ওপৰত নজৰ ৰাখে ।

উল্লেখ্য যে হাজাৰিবাগত চন্দন গছ চুৰি কৰাটো কোনো নতুন কথা নহয় । এতিয়ালৈকে হাজাৰিবাগত ১ কোটিৰো অধিক মূল্যৰ চন্দন গছ চুৰি হৈছে । এনে পৰিস্থিতিত নিৰাপত্তাই হৈছে একমাত্ৰ বিকল্প ।

নিৰাপত্তাৰক্ষীৰ ওপৰতো নাই আস্থা

বন বিভাগে এইক্ষেত্ৰত নিজৰ নিৰাপত্তাৰক্ষীকো বিশ্বাস নকৰে । বন বিভাগৰ কাৰ্যালয়ত আছে মুঠ ৬ গৰাকী নিৰাপত্তাৰক্ষী । ইয়াৰ পিছতো গছৰ সুৰক্ষাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ কাৰণ হৈছে আগতে নিৰাপত্তাৰক্ষী থকাৰ পিছতো কাৰ্যালয় চৌহদটোৰ ভিতৰৰ পৰা চুৰি হৈছিল গছ ।

হাজাৰিবাগত সক্ৰিয় গছৰ সৰবৰাহকাৰী

হাজাৰিবাগত চন্দন গছৰ চোৰাং ব্যৱসায়ীসকল অতি সক্ৰিয় । বন বিভাগৰ কাৰ্যালয়ৰ পৰা তিনিবাৰকৈ চুৰি হৈছে চন্দন গছ । খিৰগাঁৱৰ মুক্তিধামৰ পৰা চুৰি হৈছে লাখ লাখ টকাৰ চন্দন গছ । এই সন্দৰ্ভত ভূতনাথ মণ্ডলীৰ তৎকালীন সভাপতি বিজয় কুমাৰ বাৰ্মায়ো সদৰ থানাত চুৰিৰ অভিযোগ দাখিল কৰিছিল ৷

জানিব পৰা মতে, ২০১৬ চনৰ ১৭ জুনৰ মাজনিশা অচিনাকি চোৰে চন্দন গছ কাটি লৈ গৈছিল । গোটটোৰ সদস্যসকলে জনোৱা মতে মুক্তিধাম কমপ্লেক্সত ৩৬ জোপা চন্দন গছ ৰোপণ কৰা হৈছে । ইয়াৰে বৰ্তমানলৈকে ৩০ জোপা গছেই চুৰি হৈছে ।

বিগত ১০ বছৰত চোৰাং ব্যৱসায়ীয়ে হাজাৰিবাগৰ পৰা প্ৰায় এক কোটিৰো অধিক মূল্যৰ গছ চুৰি কৰিছে । য’ত আছে বন বিভাগৰ কাৰ্যালয়ৰ ছয়জোপা গছ, ডি এফ অ’ৰ বাসগৃহৰ দুজোপা গছ আৰু বন কলনীৰ মুঠ ছয়জোপা চন্দন গছ ৷

লগতে পঢ়ক: বিশ্বৰ সৰ্বোচ্চ ৰে'লৱে দলংখনে সীমান্তৰ গাওঁসমূহলৈ সমৃদ্ধি নহয়, কঢ়িয়াই আনিছে দুখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.