ETV Bharat / bharat

হাতীৰ সৈতে ফটো উঠি ভৰিলে ২৫ হাজাৰ ! ক'ত কিয় ? - FINED FOR CLICKING PHOTO

বান্দিপুৰত বনৰীয়া হাতীৰ সৈতে ফটো উঠাৰ বাবে এজন লোকক ২৫,০০০ টকাৰ জৰিমনা বিহা হয় ।

fined for clicking photo
হাতীৰ সৈতে ফটো উঠি ভৰিলে ২৫ হাজাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 8:37 PM IST

চামৰাজনগৰ : হাতীৰ সৈতে ফটো উঠাৰ চখ । ফটোও উঠিলে । কিন্তু ভবা নাছিল যে এই ফটোৰ বাবে ভৰিব লাগিব মূল্য । তেনে এক ঘটনাই সংঘটিত হৈছে এজন ব্যক্তিৰ সৈতে । ঘটনাটো সংঘটিত হৈছে কৰ্ণাটকত ।

খাদ্যৰ সন্ধানত ৰাজপথলৈ ওলাই অহা বনৰীয়া হাতীক আমনি কৰাৰ বাবে বন বিভাগে এজন লোকক ২৫,০০০ টকাৰ জৰিমনা বিহিছে । ইয়াৰ উপৰি ভৱিষ্যতে যাতে বন্যপ্ৰাণীক কোনো ধৰণৰ হাৰাশাস্তি নকৰে তাৰ বাবে এখন প্ৰতিশ্ৰুতি-পত্ৰও লিখি দিবলগা হৈছে ।

গুণ্ডলুপেটৰ শ্বাহুল হামিদ নামৰ লোকজনে বন্যহস্তীক হাৰাশাস্তি কৰা অভিযোগত ২৫,০০০ টকাৰ জৰিমনা ভৰিবলগা হৈছে । খাদ্যৰ সন্ধানত ৰাজপথলৈ ওলাই অহা বনৰীয়া হাতীৰ সন্মুখত এজন ব্যক্তিয়ে ফটোৰ বাবে প'জ দি থকা এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।

বান্দিপুৰৰ এটা ৰাস্তাৰ সন্মুখত এটা বনৰীয়া হাতীয়ে চিঞৰি থকাৰ এটা ভিডিঅ' কেমেৰাত বন্দী কৰা হৈছিল । উক্ত স্থানেৰে গুণ্ডলুপেট-উটি ঘাইপথটো পাৰ হৈ গৈছে । তাতে এজন যুৱকে বনৰীয়া হাতীটো ৰাস্তাত প্ৰত্যক্ষ কৰি এখন ফটো তোলে আৰু হাতীটোক জোকায় । আনহাতে, বনৰীয়া হাতীৰ সন্মুখত নিজে বন্যোল্লাস কৰা যুৱকজনক গ্ৰেপ্তাৰ কৰিব লাগে বুলিও পৰিৱেশ কৰ্মী জোচেফ হুভাৰে দাবী কৰে ।

এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বান্দিপুৰ বন বিভাগ সতৰ্ক হৈ পৰে আৰু বন বিভাগে লোকজনক ২৫,০০০ টকাৰ জৰিমনা বিহে ।

"বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উটিলৈ উভতি অহাৰ সময়ত মই এটা হাতীৰ সন্মুখত ফটো আৰু ভিডিঅ' ক্লিক কৰিছিলোঁ । ইয়াৰ বাবে মই ২৫,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিছোঁ । এই ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিৱেশত প্লাষ্টিকৰ সামগ্ৰী দলিওৱা, বাহন পাৰ্কিং কৰা আৰু ভিডিঅ' আৰু ফটো তোলাটো ভুল । সেয়েহে কোনেও এনে ভুল কৰিব নালাগে ।" জৰিমনা ভৰি উঠি শ্বাহুল হামিদে ৰাইজৰ ওচৰত আবেদন জনায়ে ।

লগতে পঢ়ক :মনুস্মৃতি সম্পৰ্কে মন্তব্য কৰি ধৰ্ম সংসদৰ ৰোষত ৰাহুল গান্ধী; হিন্দু ধৰ্মৰ পৰা বহিষ্কাৰৰ হুংকাৰ ধৰ্মীয় নেতাৰ - RAHUL GANDHI MANUSMRITI REMARKS
লগতে পঢ়ক :মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ সম্ভাৱনীয়তা : কেইছাম মেঘাচন্দ্ৰ - MANIPUR POLITICAL CRISIS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.