ETV Bharat / technology

ভাৰতীয় বজাৰত মুকলি হ’ল MG Aster ৰ নতুন সংস্কৰণ - 2025 MG ASTOR LAUNCHED IN INDIA

বৈশিষ্ট্য উন্নীতকৰণৰ সৈতে মুকলি কৰা হৈছে MG Aster ৰ আপডেট কৰা মডেল । মূল্য আৰম্ভ হৈছে 9.99 লাখ টকাৰ পৰা । বৈশিষ্ট্যসমূহৰ বিষয়ে জানো আহক...

2025-mg-astor-launched-in-india-with-feature-upgrades-price-specifications-in-assamese
ভাৰতীয় বজাৰত মুকলি হ’ল MG Aster ৰ নতুন সংস্কৰণ (MG india)
author img

By ETV Bharat Tech Team

Published : Feb 10, 2025, 10:49 AM IST

হায়দৰাবাদ: এম জি Aster এছ ইউ ভিক ফিচাৰ উন্নীতকৰণৰ সৈতে আপডেট কৰা হৈছে । কেৱল Aster ৰ কিছুমান ভেৰিয়েণ্টকহে নতুন বৈশিষ্ট্য দিয়া হৈছে । নতুন ফিচাৰ লিষ্টৰ লগতে বাহনখনৰ মূল্যও সলনি হৈছে । এই বৈশিষ্ট্য উন্নীতকৰণ এমজি Aster ৰ মিড লেভেল শ্বাইন আৰু চিলেক্ট ভেৰিয়েন্টত দিয়া হৈছে । যদিও ইয়াৰ বৈশিষ্ট্যৰ পৰিৱৰ্তন হ’ব, তথাপিও গাড়ীখনৰ ডিজাইন আৰু যান্ত্ৰিক বৈশিষ্ট্য পূৰ্বৰ মডেলৰ দৰেই থাকিব ৷

শ্বাইন ভেৰিয়েণ্টত আছে পেনোৰামিক ছানৰুফ আৰু ছয়টা স্পীকাৰৰ অডিঅ’ ছেটআপ। চেলেক্ট ভেৰিয়েণ্টত আছে ছটা এয়াৰবেগ, প্ৰিমিয়াম আইভৰি লেদাৰেট চিট, পেনোৰামিক ছানৰুফ আৰু ছয় স্পীকাৰ অডিঅ’ চেটআপ । Shine আৰু Select ভেৰিয়েন্টৰ নতুন বৈশিষ্ট্যসমূহ চাওঁ আহক ।

2025 চনৰ এম জি Aster: স্পেচিফিকেশন

নতুন এম জি এষ্টাৰৰ অন্যান্য বৈশিষ্ট্যসমূহৰ ভিতৰত আছে 10.1 ইঞ্চিৰ এইচডি ইনফ’টেইনমেণ্ট টাচস্ক্ৰীণ, ছয়টা স্পীকাৰ ছেটআপ, পেনোৰামিক ছানৰুফ, পুছ-বুটাম ইঞ্জিন ষ্টাৰ্ট/ষ্টপ, ষ্টিয়াৰিং-মাউণ্টেড অডিঅ’ কণ্ট্ৰ’ল, ক্ৰুজ কণ্ট্ৰ’ল আৰু ইউএছবি প’ৰ্ট ।

ইঞ্জিন বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে আপডেট কৰা এম জি এষ্টাৰ দুটা ইঞ্জিন বিকল্পত উপলব্ধ হ’ব - এটা প্ৰাকৃতিকভাৱে এস্পিৰেটেড 1.5 লিটাৰ পেট্ৰ’ল আৰু এটা 1.3 লিটাৰ টাৰ্বোচাৰ্জড পেট্ৰ’ল । 1.5 লিটাৰ পেট্ৰ’ল ইঞ্জিনটোৱে 6000 আৰ পি এমত 108.4 বি এইচ পি আৰু 4400 আৰ পি এমত 144 এন এম টৰ্ক উৎপাদন কৰে । আনহাতে 1.3 লিটাৰৰ টাৰ্বোচাৰ্জড পেট্ৰ’ল ইঞ্জিনে 4400 আৰ পি এমত 138 বি এইচ পি আৰু 3600 আৰ পি এমত 220 এন এম টৰ্ক উৎপাদন কৰিব পাৰে ।

প্ৰাকৃতিকভাৱে এস্পিৰেটেড 1.5 লিটাৰ পেট্ৰ’ল ইঞ্জিনত 5 স্পীড মেনুৱেল আৰু চিভিটি গিয়াৰবক্স বিকল্প আছে, আনহাতে টাৰ্বোচাৰ্জড ইঞ্জিন কেৱল 6 স্পীড অটোমেটিক ট্ৰেন্সমিছনৰ সৈতেহে উপলব্ধ । ডিস্ক ব্ৰেকযুক্ত 17 ইঞ্চিৰ এলয় হুইল আছে এই বাহনখনত ।

মূল্য

এই কমপেক্ট এছ ইউ ভিৰ আপডেটেড মডেলৰ মূল্য 9.99 লাখ টকা (এক্স-শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয় । টপ স্পেক ভেৰিয়েন্টৰ মূল্য 17.55 লাখ টকা । শ্বাইন ভেৰিয়েন্টৰ মূল্য 12.47 লাখ টকা আৰু চেলেক্ট ভেৰিয়েন্টৰ মূল্য 13.81 লাখ টকা । 2025 চনৰ এম জি Aster ৰ মডেলটো মুঠ ছটা ৰঙৰ বিকল্পত উপলব্ধ হ’ব: হোৱাইট এণ্ড ব্লেক, হাভানা গ্ৰে, অৰোৰা ছিলভাৰ, গ্লেজ ৰেড, কেণ্ডি হোৱাইট আৰু ষ্টাৰী ব্লেক ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.