ETV Bharat / politics

কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী ? পৰৱেশ বাৰ্মাৰ পৰা বাঁসুৰী স্বৰাজলৈকে বহুতৰে নাম চৰ্চাত - WHO WILL BE THE DELHI CM

২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত 'আপ'ৰ শোচনীয় পৰাজয় । এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন হৈছে যে কোনে গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ পদ ?

Delhi Election Results 2025
কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? (ANI)
author img

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 11:05 AM IST

নতুন দিল্লী : দিল্লী বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰি ২৭ বছৰৰ পাছত দিল্লীত চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে । একে সময়তে একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল ।

নিৰ্বাচনৰ পূৰ্বে 'আপ'-এ ইতিকিং কৰি ৰমেশ বিধুৰীক ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল । অৱশ্যে বিজেপিয়ে কাক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । ইফালে কালকাজী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰমেশ বিধুৰী 'আপ'ৰ নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীৰ হাতত পৰাস্ত হৈছে ।

দিল্লীৰ নিৰ্বাচনত বিজেপি জয়ী হ’লেও ৰমেশ বিধুৰী এই নিৰ্বাচনত পৰাস্ত হৈছে । এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন হৈছে যে দিল্লীৰ শাসনৰ বাঘজৰীডাল বিজেপিয়ে কাক গতাই দিব । জানিব পৰা মতে, গেৰুৱা দলটোৰ মুখ্যমন্ত্ৰী পদৰ তালিকাত আছে - পৰৱেশ বাৰ্মা, বিজেন্দ্ৰ গুপ্তা, বাঁসুৰী স্বৰাজৰ দৰে নেতাৰ নাম ৷

লগতে পঢ়ক : দিল্লীবাসীক বিগত সময়ত টুপী পিন্ধোৱাৰ ফল লাভ কৰিছে আপে : জিতু গোস্বামী
  • পৰৱেশ বাৰ্মা

দিল্লী বিধানসভা নিৰ্বাচনত প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াইছিল পৰৱেশ বাৰ্মাই । তেওঁ নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰে ৷ পৰৱেশ বাৰ্মা হৈছে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালৰ এজন সদস্য । তেওঁৰ পিতৃ চাহিব সিং বাৰ্মা দিল্লীৰ মুখ্যমন্ত্ৰী আছিল । তেওঁৰ খুৰাক আজাদ সিং উত্তৰ দিল্লী পৌৰ নিগমৰ মেয়ৰ আছিল আৰু ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত মুণ্ডকা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।

Parvesh Verma
পৰৱেশ বাৰ্মা (ETV Bharat)

২০১৩ চনত প্ৰথমবাৰৰ বাবে দিল্লী বিধানসভালৈ নিৰ্বাচিত হৈছিল পৰৱেশ বাৰ্মা । ইয়াৰ পিছতে মেহৰৌলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেতিয়াৰ দিল্লী বিধানসভাৰ অধ্যক্ষ হিচাপে থকা কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী যোগানন্দ শাস্ত্ৰীক পৰাস্ত কৰিছিল । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত পশ্চিম দিল্লী সমষ্টিৰ পৰা সাংসদ হৈছিল পৰৱেশ বাৰ্মা ।

Vijendar Gupta
বিজেন্দৰ গুপ্তা (ETV Bharat)
  • বিজেন্দৰ গুপ্তা

দিল্লী বিধানসভাৰ বিৰোধী দলপতি তথা বিজেপি বিধায়ক বিজেন্দৰ গুপ্তাই ৰোহিনী সমষ্টিত আম আদমী পাৰ্টীৰ প্ৰদীপ মিত্তালক পৰাস্ত কৰে । ২০১৫ আৰু ২০২০ ৰ বিধানসভা নিৰ্বাচনতো তেওঁ এই আসনখন দখল কৰিছিল । তেওঁ দিল্লী বিজেপিৰ মুৰব্বী পদত অধিষ্ঠিত হৈছে । তেওঁৰ অভিজ্ঞতা আৰু নমনীয়তাই তেওঁক দলীয় নেতৃত্বৰ বাবে এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব কৰি তুলিছে ।

লগতে পঢ়ক : দুই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কপাল: এজনৰ ফুলিল আনজনৰ ফুটিল
  • বীৰেন্দ্ৰ সচদেৱ

দিল্লীৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ । ২০২৩ চনৰ ২৩ মাৰ্চত তেওঁ এই পদ গ্ৰহণ কৰে । তেওঁৰ নেতৃত্বত ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি ৰাজধানীত আম আদমী পাৰ্টীৰ আধিপত্যৰ অন্ত পেলাইছে ।

Virendra Sashdev
বীৰেন্দ্ৰ সচদেৱ (ETV Bharat)

ৰাজনৈতিক ভূমিকাৰ উপৰিও সচদেৱ ভাৰতীয় আৰ্চাৰী এছ’চিয়েশ্যনৰ সচিব প্ৰধান আৰু দিল্লী অলিম্পিকৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে ।

Harish Khurana
হৰিশ খুৰানা (ETV Bharat)
  • হৰিশ খুৰানা

মতি নগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ হৰিশ খুৰানাৰ মুখামুখি হৈছিল আম আদমী পাৰ্টীৰ শিৱ চৰণ গোৱেল । দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মদন লাল খুৰানাৰ পুত্ৰ হৰিশ খুৰানা বিজেপিৰ দিল্লী ইউনিটত সম্পাদক, জনসংযোগ কোষৰ আহ্বায়ক আৰু দলৰ মুখপাত্ৰ হিচাপে গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত ।

Bansuri Swaraj
বাঁসুৰী স্বৰাজ (ETV Bharat)
  • বাঁসুৰী স্বৰাজ

সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী সুষমা স্বৰাজৰ কন্যা বাঁসুৰী স্বৰাজেও দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে । এসময়ত অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীৰ দখলত থকা নতুন দিল্লী সংসদীয় সমষ্টিত বিগত লোকসভা নিৰ্বাচনত সাংসদৰূপে জয়লাভ কৰে বাঁসুৰী স্বৰাজে ।

লগতে পঢ়ক : দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ আতিশীৰ

লগতে পঢ়ক : বিজেপিয়ে কৰা বেয়া কামৰ ফল ভোগ কৰিবলগীয়া হ'ল আম আদমী পাৰ্টীয়ে : আপ অসমৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.