হায়দৰাবাদ: জনপ্ৰিয় তথা আগশাৰীৰ অনলাইন ফুড ডেলিভাৰী কোম্পানী জ’মাটোৱে সলনি কৰিছে নিজৰ নাম । কোম্পানীটোৱে ‘জ’মাটো লিমিটেড’ৰ পৰা নতুন নাম ‘ইটাৰ্নেল লিমিটেড’লৈ সলনি কৰিছে । এই সিদ্ধান্তৰ প্ৰতি অনুমোদন জনাইছে জ’মাটো কৰ্তৃপক্ষই । 6 ফেব্ৰুৱাৰীৰ দিনা ৰেগুলেটৰী ফাইলিঙত এই নাম সলনিৰ অনুমোদন জনোৱা হৈছে । ইফালে যদিও ব’ৰ্ডে কোম্পানীটোৰ নাম সলনিৰ বাবে অনুমোদন জনাইছে, আনুষ্ঠানিক পৰিৱৰ্তনৰ বাবে শ্বেয়াৰহোল্ডাৰসকলৰ অনুমোদনৰ প্ৰয়োজন ।
জ’মাটোৱে শ্বেয়াৰহোল্ডাৰসকলক নাম সলনিৰ প্ৰতি সমৰ্থন জনাবলৈ অনুৰোধ জনাইছে । যদি অনুমোদিত হয়, তেন্তে Zomato ৰ কৰ্পৰেট ৱেবছাইট zomato.com ৰ নাম আনুষ্ঠানিকভাৱে eternal.com লৈ সলনি কৰা হ’ব । অৱশ্যে কেৱল Zomato ৰ ৱেবছাইটৰ নাম সলনি কৰা হ’ব । ফুড ডেলিভাৰী এপৰ নামৰ কোনো সালসলনি নহ’ব ।
জ’মাটোৰ শীৰ্ষ কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱালে শ্বেয়াৰহোল্ডাৰসকললৈ লিখা এখন পত্ৰত কয় যে নাম সলনিৰ লগে লগে জ’মাটোৰ অধীনৰ চাৰিটা মূল ব্যৱসায় - জ’মাটো, ব্লিংকিট, ডিষ্ট্ৰিক্ট আৰু হাইপাৰপিউৰ - ইটাৰ্নেল ৱেবছাইটৰ অধীনলৈ আহিব ।
নাম সলনিৰ আঁৰৰ কাৰণ
দ্ৰুত বাণিজ্যিক প্লেটফৰ্ম ব্লিংকিটক জ’মাটোই অধিগ্ৰহণ কৰাৰ পিছত কোম্পানীটোৱে আভ্যন্তৰীণভাৱে এই নামটো দিছিল । এতিয়া অনুমোদন পোৱাৰ লগে লগে নাম সলনি কৰা বিষয়টো ৰাজহুৱা হৈ পৰিছে । শ্বেয়াৰহোল্ডাৰসকললৈ লিখা এখন পত্ৰত শীৰ্ষ কাৰ্যবাহী বিষয়াগৰাকীয়ে উল্লেখ কৰিছে যে কোম্পানী, ব্ৰেণ্ড আৰু এপটোৰ মাজত পাৰ্থক্য ৰাখিবলৈ ইটাৰ্নেল নামটো বাছি লোৱা হৈছে । ইয়াৰ উপৰিও কোম্পানীটোৰ ভৱিষ্যতৰ বাবে ই ভাল হ’ব বুলিও উল্লেখ কৰিছে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক