তিনিচুকীয়া: সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ওপজা মাটিত জন্মগ্ৰহণ কৰা গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন । জনসমুদ্ৰলৈ পৰিণত হ’ল গণশিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধস্থলী । শিল্পীগৰাকীৰ জন্মস্থান টুপছিঙা গাঁৱৰ দিপজ্যোতি যুৱ সংঘ তথা বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত সফলভাৱে সম্পন্ন হয় এই আদ্যশ্ৰাদ্ধ । পুৱাৰ ভাগৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ উপস্থিতিত লোকাৰণ্য হৈ পৰিল কুণ্ডিল নদীৰ পাৰৰ শিল্পীগৰাকীৰ ঘৰখন ।
আৱাল বৃদ্ধ বনিতা সকলোৱে এপাক পদধূলা দিয়ে শিল্পীগৰাকীৰ আপোন ঘৰখনত । সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰে ২৬ খোলা গায়ন বায়নৰে মুখৰিত হ’ল শিল্পীগৰাকীৰ শদিয়াৰ বাসগৃহ । তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ পৰা মুঠ ২৬ খোলাকৈ গায়ন-বায়নৰ দলে শিল্পীগৰাকীৰ ঘৰত গায়ন-বায়নৰ পবিত্ৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে শদিয়া । পুৱাৰ ভাগতে শিল্পীগৰাকীৰ পত্নীৰ লগতে পৰিয়ালৰ সকলোৱে শিল্পীগৰাকীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ইয়াৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে শিল্পীগৰাকীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
উল্লেখযোগ্য যে, সমাধিস্থলীত উপস্থিত হৈ শিল্পী গৰাকীৰ পত্নী যথেষ্ট আবেগিক হৈ পৰে আৰু অসমৰ জনগণক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে কয়, "মোৰ স্বামী ৰাজীৱে মোক এটা অন্যতম উপহাৰ দি থৈ গৈছে এইয়া হৈছে আমাৰ পুত্ৰ ৰিবো । অসমৰ ৰাইজৰ অকুণ্ঠ মৰমৰ প্ৰতিদান স্বৰূপে ৰিবোক জাতিটোৰ বাবে এৰি দিম ।" শেষত ৰাজীৱ শদিয়াই কৈ ভাল পোৱা 'জয় আই অসম' শ্ল’গানেৰে কান্দি উঠিল গণশিল্পীগৰাকীৰ পত্নীগৰাকীয়ে ।
লক্ষাধিক লোকৰ সমাগম ঘটা এই আদ্যশ্ৰাদ্ধখনত অহা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আপ্যায়ন কৰিবলৈ শদিয়াৰ ২৪ খনকৈ গাঁৱৰ ৰাইজে ২৩ টাকৈ লংগৰত সম্পূৰ্ণ নিৰামিষ ব্যঞ্জনৰে লক্ষাধিক ৰাইজক আপ্যায়িত কৰে । অন্যহাতে টুপছিঙা গাঁৱৰ নিজ গৃহৰ পাছফালে থকা এখন বিশাল পথাৰত কেইবাটাও বিশাল মণ্ডপত আদ্যশ্ৰাদ্ধৰ সমান্তৰালকৈ বিভিন্ন কাৰ্যসূচীৰ লগতে স্মৃতিচাৰণ সভাৰো আয়োজন কৰা হয় ।
ইয়াৰোপৰি, শিল্পীগৰাকীৰ বিভিন্ন কৰ্মৰাজি ওপৰত আলোচনা চক্ৰৰ লগতে কেইবাখনো স্মৃতিগ্ৰন্থ মুকলি কৰা হয় । আনহাতে এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত ৰাইজৰ দলৰ সভাপতি তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, "সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতে গণশিল্পীগৰাকীৰ মৃত্যুত এনেদৰে লক্ষাধিক লোক উপস্থিত হৈ গণশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।"
সমান্তৰালভাৱে, উক্ত অনুষ্ঠানত শিল্পী মহেন্দ্ৰ হাজৰিকাকে প্ৰমুখ্যে অসমৰ বহু শিল্পী উপস্থিত হৈ শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মহেন্দ্ৰ হাজৰিকাই ৰাজীৱ শদিয়াৰ সমাধিক জীৱিত সমাধি আখ্যা দিয়ে । ইয়াৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাংসদ গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, অসম জাতী়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু শাসকীয় দলৰ তৰফৰ পৰা প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক সঞ্জয় কিষাণৰ লগতে অগণন নেতা-কৰ্মী উপস্থিত হয় ।
ইফালে, গণশিল্পীগৰাকীৰ পৰিয়াললৈ অজস্ৰ শুভাকাংক্ষী আৰ্থিক অনুদান প্ৰদান কৰাৰ লগতে বাৰেকুৰিবাসীয়ে পৰিয়ালটোক প্ৰদান কৰে ৪ লাখ টকা । সমান্তৰালভাৱে সাংসদ গৌৰৱ গগৈয়েও ৰাজীৱ শদিয়াৰ স্মৃতিৰ নামত ১০ লাখ টকা ঘোষণা কৰে ।