ETV Bharat / state

সত্ৰৰ ফুলনিৰ সুগন্ধিৰে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ বাৰ্তা বিলোৱাৰ প্ৰয়াস - COMMUNAL HARMONY IN NAGAON

সকলোৱে মিলিজুলি হাবি-জংঘলেৰে আৱৰি থকা বাগিচাখন এফালৰ পৰা চাফাই কৰি গৈছে । বাগিচাখনত নতুনকৈ ৰুবলৈ আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ সুগন্ধিযুক্ত ফুলৰ পুলি ।

Hindu-Muslim harmony
সাতামপুৰুষীয়া সম্প্ৰীতিৰ আন এক নিদৰ্শন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 2:22 PM IST

নগাঁও: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু আজান ফকীৰে বিলাই যোৱা আদৰ্শ সৰোগত কৰি এইখন অসমত আজিও অটুট আছে সম্প্ৰীতিৰ এনাজৰী । এইবাৰ গুৰুজনাৰ স্মৃতি বিজড়িত এখন সত্ৰৰ ফুলনিৰ সুগন্ধিৰেই যেন সম্প্ৰীতিৰ বাৰ্তা বিলোৱাৰ প্ৰয়াস কৰিছে এটা অঞ্চলৰ হিন্দু-মুছলমান লোকসকলে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত এইখন সত্ৰ হৈছে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী নৰোৱা বালিসত্ৰ । ১৫৭১ চনতে স্থাপিত এইখন নৰোৱা বালিসত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ নিলগৰ ডুমডুমীয়াৰ বালিসত্ৰত অৱস্থিত । সৰ্বদিশতে পিছপৰা এইখন সত্ৰত আছে এখনি ফুলৰ বাগিচা ।

সাতামপুৰুষীয়া সম্প্ৰীতিৰ আন এক নিদৰ্শন (ETV Bharat)

কেইবাবছৰ পূৰ্বেই এইখন সত্ৰত নিৰ্মাণ কৰা হৈছিল আটকধুনীয়া এনি ফুলনি বাগিচা । কিন্তু ফুলনি বাগিচাখনে শেহতীয়াকৈ জৰাজীৰ্ণ ৰূপ ল’বলৈ ধৰিছে । ফুলনি বাগিচা গৈ যেন পৰিণত হৈছে হাবি-জংঘলৰ ৰপত । ফুলনি বাগিচাখনত ক্ৰমাৎ নোহোৱা হ'বলৈ ধৰিছে ফুলনি গছ ।

লগতে পঢ়ক : বিশ্ব দৰবাৰত মাদলৰ চেওঁ গুঞ্জৰিত কৰাৰ অনন্য প্ৰয়াস

লগতে পঢ়ক : লৃগাঙলৈ বেছিপৰ নাই, তাঁতশালত ব্যস্ত মিচিং গাভৰু

কিন্তু অতি শেহতীয়াকৈ গুৰুজনাৰ স্মৃতি বিজড়িত সত্ৰৰ ফুলনি বাগিচাখনৰ এনে ৰূপ প্ৰত্যক্ষ কৰি ওলাই আহে অঞ্চলটোৰ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোক । কোনো চৰকাৰী আঁচনি অবিহনে এই ফুলনি বাগিচাখনক নতুন ৰূপত সজাই পৰাই তুলিবলৈ প্ৰচেষ্টা হাতত ল'লে বৃহত্তৰ অঞ্চলটোৰ হিন্দু-মুছলমান সকলোৱে । সোমবাৰৰ পৰাই স্থানীয় একাংশ হিন্দু আৰু মুছলমান যুৱকে মিলি হাতে হাতে দা-কোৰ লৈ এই বাগিচাখনক পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ কৰে ।

সকলোৱে মিলিজুলি হাবি-জংঘলেৰে আৱৰি থকা বাগিচাখন এফালৰ পৰা চাফাই কৰি গৈছে । অকল চাফাই অভিযানেই নহয়, বাগিচাখনত নতুনকৈ ৰুবলৈ আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ সুগন্ধিযুক্ত ফুলৰ পুলি । সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এইসকল যুৱকে কৰি গৈছে এই কাম । লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সত্ৰখন পৰিদৰ্শন কৰি এই সত্ৰখনৰ উন্নয়নৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ স্থানীয় যুৱকসকলে মুখ্যমন্ত্ৰীক আহ্বান জনায় ।

উল্লেখযোগ্য যে ডুমডুমীয়াৰ নৰোৱা সত্ৰক নতুন ৰূপত সজাই সুগন্ধিৰ লগতে সম্প্ৰীতিৰো এক বাৰ্তা বিলোৱাৰ চেষ্টাত উদ্যোগ লৈছে বিজেপিৰ স্থানীয় সংখ্যালঘু মৰ্চাত জড়িত একাংশ যুৱকে ।

লগতে পঢ়ক : ২৫ হাজাৰ টকাত নিলাম হ'ল এখন বিশেষ গামোচা

লগতে পঢ়ক : শিপা বিচাৰি মাজুলীত হলেণ্ডৰ যুৱতী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.