বৰপেটা : ৩১ জানুৱাৰীৰ পৰা সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত ১২ দিনীয়া কাৰ্যসূচীৰে অব্যাহত আছে অখণ্ড একনাম কীৰ্তন । এই উপলক্ষে দেওবাৰে সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
মুখ্যমন্ত্ৰীয়ে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ কীৰ্তন ঘৰত সেৱা জনাই প্ৰেমানন্দ গুৰুৰ আশিস গ্ৰহণ কৰে । মন্ত্রী ৰণজিৎ কুমাৰ দাস আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক লগত লৈ সেৱাশ্ৰমত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে ভকতৰ সৈতে অন্নও গ্ৰহণ কৰে ।
আনহাতে, মুখ্যমন্ত্ৰীয়ে কীৰ্তন ঘৰত ভকতৰ লগত একেলগে একনাম কীৰ্তন পৰিবেশন কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীয়ে সাংবাদিকক সম্বোধন কৰি কয় যে আমাৰ ধৰ্মৰ উদ্দেশ্যই হৈছে মানৱৰ কল্যাণ । বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰাটো আমাৰ কৰ্তব্য । এই ক্ষেত্ৰত কৃষ্ণগুৰু সেৱাশ্ৰমে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া শলাগিবলগীয়া ।
মুখ্যমন্ত্রীয়ে বিনিয়োগ সন্মিলন সম্পৰ্কেও মন্তব্য কৰি কয় যে বিনিয়োগ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱ, মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, হৰদীপ সিং পুৰী আৰু পীযুষ গোৱেলকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকিব ।
সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, "কৃষ্ণগুৰু সেৱাশ্ৰমত বাৰ্ষিক অখণ্ড নাম-কীৰ্তন অনুষ্ঠিত হয় । এইবাৰ বাৰদিনীয়া কাৰ্যসূচীৰে এই অখণ্ড নাম-কীৰ্তন আয়োজন কৰা হৈছে । অখণ্ড নাম-কীৰ্তনত ভকতসকলৰ লগতে একেলগে গুৰু আসনত সেৱা কৰি নিজকে পবিত্ৰ অনুভৱ কৰিলো । কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালো । আৰু তাৰ লগতে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰো আশীৰ্বাদ গ্ৰহণ কৰিলো ।"
কৃষ্ণগুৰু সেৱাশ্ৰম সন্দৰ্ভত তেওঁ কয়, "শিক্ষাৰ ক্ষেত্ৰত যিখিনি কৃষ্ণগুৰু সেৱা আশ্ৰমে কাম কৰি আছে তাৰো অলপ বুজ ল'লো, বিশেষকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত অলপ কথা পাতিলো । এমুঠি প্ৰসাদ হিচাপে ভকতসকলৰ সৈতে একেলগে অন্ন গ্ৰহণৰো সৌভাগ্য হ'ল ।"
কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৰ্মৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয়, "ধৰ্মৰ উদ্দেশ্য হৈছে মানৱতাৰ কল্যাণ বিশেষকৈ শিক্ষা আৰু স্বাস্থ্য । এই দুটা ক্ষেত্ৰত কাম কৰাটো আমাৰ সকলোৰে কৰ্তব্য । কৃষ্ণগুৰু সেৱাশ্ৰমে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা হাতত লৈছে সেইটো যথেষ্ট শলাগিবলগীয়া আৰু প্ৰশংসনীয় ।"
ইফালে ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখক লৈয়ো মন্তব্য কৰে মুখ্যমন্ত্রীয়ে । তেওঁ কয়, "অসমৰ চাহ উদ্যোগে এইবেলি ২০০ বছৰ অতিক্ৰম কৰিছে । এই উপলক্ষে চাহ উদ্যোগৰ সৈতে জড়িত শ্ৰমিকসকলৰ ঝুমুৰক জগতসভালৈ লৈ যাব বিচৰা হৈছে । কাৰণ আমি চাহ খাওঁ যদিও চাহ শ্ৰমিকৰ বিষয়ে আমি জানিব নোখোজো । প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত আৰু বিনিয়োগ কাৰীসকলৰ উপস্থিতিত ঝুমুৰ নৃত্যৰ এই অনুষ্ঠান চাহ বাগিচাৰ সংস্কৃতিৰ প্ৰতি এক জাতীয় স্বীকৃতি হ'ব ।"