পাঠশালা : অসম সাহিত্য সভাৰ বজালী অধিৱেশনত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এখন বিশেষ তাঁতশাল । এই তাঁতশালখন চাবলৈ আৰু ইয়াৰ বিষয়ে জানিবলৈ সাহিত্য সভাৰ অধিৱেশনস্থলীত সমবেত হাজাৰ হাজাৰ লোকে তাঁতশালৰ প্ৰদৰ্শনীস্থলীত ভিৰ কৰা পৰিলক্ষিত হৈছে ।
শিৱসাগৰত নিৰ্মিত এই বিশেষ তাঁতশালখনৰ নাম হৈছে মাইনা অটোমেটিক তাঁতশাল । সাহিত্য সভাৰ অধিৱেশনৰ বজালী হাটৰ ষ্টলত উপলব্ধ এই বিশেষ তাঁতশালখনে সকলোৰে মন মুহিছে ।
কি বিশেষত্ব মাইনা অটোমেটিক তাঁতশালৰ
সাধাৰণতে আমি হস্ততাঁতৰ জৰিয়তে এদিনত এখন, দুখন বা তিনিখনলৈকে কাপোৰ বৈ উলিয়াব পাৰোঁ । কিন্তু এই মাইনা অটোমেটিক তাঁতশালত এদিনতে ১০ খনলৈকে কাপোৰ বৈ উলিয়াব পাৰিব । যাৰ কাৰণে এই তাঁতশালখনৰ নাম ৰখা হৈছে মাইনা অটোমেটিক তাঁতশাল । মঙলদৈৰ এগৰাকী লোকে বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰ বাবে পাঠশালালৈ এই তাঁতশালখন শিৱসাগৰৰ পৰা আনিছে ।
আনহাতে, এই তাঁতশালখনে যথেষ্ট সমাদৰৰ লগতে বজাৰো লাভ কৰা বুলি আমাৰ আগত ব্যক্ত কৰে বিক্ৰেতাসকলে । লগতে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ তৃতীয় দিনলৈকে চাৰিখন তাঁতশাল ইতিমধ্যে বিক্ৰী হোৱা বুলিও আমাক জানিবলৈ দিয়ে ।
উল্লেখ্য যে কোনো ধৰণৰ বিদ্যুৎ শক্তি অথবা অন্য ইন্ধন অবিহনে বিয়েৰিঙৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে এই তাঁতশালখন । সাধাৰণ হস্ততাতৰ দৰে ইয়াতে মাকোঁও আছে । তাঁতশালখনত এখন হাতেৰে ৰাচঁ টানি এখন ভৰিৰে গৰকাত হেঁচা দি মাকোঁৰ চেও দি বোৱা হয় কাপোৰ ।
দেখাত আমাৰ সকলোৰে ঘৰত থকা হস্ততাঁতৰ দৰে একেই । কিন্তু ইয়াত সংস্থাপন কৰা বিয়েৰিঙৰ সহায়ত মাকোঁৰ চেও স্বয়ংক্ৰিয় হৈ পৰাত এদিনতে অধিক পৰিমাণৰ কাপোৰ এগৰাকী শিপিনীয়ে বৈ উলিয়াব পাৰে । লগতে শিপিনীৰ কষ্টও লাঘৱ হয় । যাৰ বাবে অধিৱেশনলৈ অহা সকলোৱে এই তাঁতশালৰ বিপণিত ভিৰ কৰি এবাৰ ওচৰৰ পৰা চাই ক্ৰয় কৰাৰ মন মেলিছে ।
এই তাঁতশালখনৰ নিৰ্ধাৰিত মূল্য হৈছে এক লাখ ন হেজাৰ টকা । কিন্তু সাহিত্য সভাৰ অধিৱেশন উপলক্ষে কিছু ৰেহাইৰ ব্যৱস্থা কৰা হৈছে ।
তাঁতশালখনৰ উদ্ভাৱক পৰেশ ডেকাই কয়, "এই শালখন উলিয়াবলৈ আমাৰ দুবছৰমান হ'ল । পাঠশালাত ভালে সঁহাৰি দিছে ৰাইজে । শালখনৰ কথা কৈছে যে আমি এটা নতুন বস্তু দেখিলোঁ ইয়াত । আগতে এনেকুৱা দেখা নাছিলোঁ । ইমান সহজতে কাপোৰ বব পাৰি । আমাৰ তাঁতশালত ধৰক দিনত দুই-তিনিখন কাপোৰ ওলায় । কিন্তু ইয়াত মানে ন-দহখন, বাৰখনলৈকে কাপোৰ এদিনতে বৈ উলিয়াব পাৰি ।"
আনহাতে, তাঁতশালখনৰ মূল্য তথা ইয়াক ক্ৰয় কৰা প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ কয়, "তাঁতশালখনৰ নাম হৈছে মাইনা অটোমেটিক তাঁতশাল । ইয়াৰ দাম এনেই ১ লাখ ৯ হাজাৰ টকা । কিন্তু অফাৰ দিয়া হৈছে সাহিত্য সভাৰ কাৰণে ৯৫ হাজাৰত । যিমানে সময় দিব পাৰিব সিমানে বেছি কাপোৰ বৈ উলিয়াব পাৰিব । ইয়াত বিদ্যুতৰ প্ৰয়োজন নাই, অকল হাতৰ কাম । একেবাৰে সহজ কাম । আমাৰ ট্ৰেইনাৰে শিকাই দিব । বুকিং কৰাৰ পিছত মানুহ আহি শিকাই দিব । ইয়াত যদি এইকেইদিনত অৰ্ডাৰ কৰে ৫ হাজাৰত বুকিং হ'ব । ৪৫ দিন পিছত শালখন পাব ঘৰত ।"