ETV Bharat / state

আজিৰে পৰা ৰাজ্যত আৰম্ভ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা - ASSAM HS FINAL EXAMINATION 2025

ৰাজ্যখনৰ ৮৫৬ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা । সৰ্বমুঠ ৩,০৬,৯২৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব ।

Assam Higher Secondary Final Examination 2025
আজিৰে পৰা ৰাজ্যত আৰম্ভ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা (Getty Images)
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2025, 10:51 AM IST

গুৱাহাটী : আজিৰে পৰা আৰম্ভ হৈছে ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হোৱা এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰিষদে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি পৰিষদৰ তৰফৰ পৰা সদৰী কৰিছে ।

সূচী অনুসৰি আজি দিনৰ ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব । ১৭ মাৰ্চত পৰীক্ষাৰ সামৰণি পৰিব । পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰাকৈ পৰিষদে জিলা আৰু আৰক্ষী প্ৰশাসনৰ জৰিয়তে কঠোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা মতে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে ভাৰতীয় নাগৰিক সংহিতাৰ ১৬৩ ধাৰা (পূৰ্বৰ ১৪৪ ধাৰা ) বলৱৎ কৰা হ'ব । কেন্দ্ৰসমূহত চি চি টি ভি কেমেৰা স্থাপন কৰা হৈছে আৰু পৰীক্ষা কেন্দ্ৰত ফ্লায়িং স্কোৱাডৰো ব্যৱস্থা কৰিছে ।

  • সাজু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ

উল্লেখ্য যে পূৰ্বৰ অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিলুপ্তি ঘটাই ৰাজ্য চৰকাৰে গঠন কৰিছিল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ । নতুন শিক্ষা পৰিষদৰ অধীনত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । ৰাজ্যখনৰ ৮৫৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব ।

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ ৩,০৬,৯২৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । ইয়াৰ ভিতৰত ১ ৪৪,৫০২ জন ছাত্র আৰু ১,৬২,৪২৩ গৰাকী ছাত্রী । কলা শাখাত ২,৩০,০৯১, বিজ্ঞান শাখাত ৫৭,৭২৪, বাণিজ্য শাখাত ১৭,৮৬৯ আৰু বৃত্তিমূলক শাখাত ১,২৪১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সৰ্বমুঠ ৪৫ টা মূল্যায়ন কেন্দ্ৰ স্থাপন কৰিছে ।

  • ১৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

আনহাতে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা পৰিষদৰ অধীনতে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্রস্তুতিৰ অন্তিম ৰূপ দিছে পৰিষদে । নতুন শিক্ষা পৰিষদৰ অধীনত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনৰ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ।

এই পৰীক্ষাত সৰ্বমুঠ ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । ইয়াৰ ভিতৰত ১,৯০,৬৫৩ জন ছাত্র আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্রী । মুঠ মূল্যায়ন কেন্দ্ৰ ৪২ টা । প্রথম দিনা পুৱা ৯ বজাৰ পৰা ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ।

  • বিভিন্ন সংগঠনৰ আহ্বান

ইফালে আছু আৰু নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে আজিৰে পৰা অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে । এক বিবৃতিৰ জৰিয়তে দুয়োটা সংগঠনৰ নেতৃত্বই পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি পৰীক্ষা মুক্ত, নিকা আৰু সুন্দৰভাৱে পৰিচালনা কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় পৰিষদক আহ্বান জনাইছে ।

লগতে পঢ়ক :ঝুমইৰ বিনন্দিনী-২০২৫: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু চৰকাৰ - ASSAM JHUMUR DANCE WORLD RECORD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.