ETV Bharat / state

উপায় নাই, মেট্ৰিক পৰীক্ষা ! গতিকে মৰণত শৰণ দি পৰীক্ষা দিবলৈ আহিল পৰীক্ষাৰ্থী - HSLC EXAMINATION 2025

আজিৰে পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪ লাখৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে । কিন্তু কোনো কোনো ঠাইত জীৱন বিপন্ন কৰিও দিবলগীয়া হৈছে পৰীক্ষা ৷

ASSAM STATE SCHOOL EDUCATION BOARD
মাণিকপুৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2025, 1:28 PM IST

Updated : Feb 15, 2025, 3:59 PM IST

মাণিকপুৰ: আজিৰে পৰা ৰাজ্যজুৰি অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্রথমবাৰৰ বাবে পৰিচালনা কৰা এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ৪ লাখৰো অধিক শিক্ষাৰ্থী । কিন্তু তাৰ মাজতেই কিছুমান দৃশ্যই দাঙি ধৰিলে বাস্তৱ জীৱনৰ সংগ্ৰামভৰা ছবিখন ৷ জীৱন গঢ় দিয়াৰ লক্ষ্যৰে সেই জীৱনকে বিপদৰ মাজলৈ ঠেলি দি পৰীক্ষা দিবলৈ ওলাল বহুজন ৷

টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা :

জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ টুলুঙা নাৱত আহিল বহুতো শিক্ষাৰ্থী । ৰাজ্যৰ আন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰো বহু কেইটা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা । জিলাখনৰ বৃহত্তৰ মাণিকপুৰ অঞ্চলত লক্ষ্যণীয়ভাৱে দেখা গ’ল এক চিন্তনীয় দৃশ্য ৷ এখন টুলুঙা নাৱেৰে বিপদসংকুলভাৱে পাৰ হৈ বঙাইগাঁও জিলাৰ গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰলৈ আহিবলগীয়া হ’ল বহু ছাত্ৰ-ছাত্ৰী । এফালে পৰীক্ষা ভীতি আৰু আনফালে পৰীক্ষা কেন্দ্ৰলৈ টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা । যিকোনো প্ৰত্য়াহ্বান নেওচি গোলাপাৰা মানাহ নদীৰ কদমতলি পাৰঘাটত উপস্থিত হয় ছাত্ৰ-ছাত্ৰী । ৮-১০ খন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ১০খনৰো অধিক গাঁৱৰ ৰাইজে এইদৰে টুলুঙা নাৱেৰে যাতায়ত কৰি আছে যদিও চৰকাৰ,প্ৰশাসন,বিধায়ক,সাংসদে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ।

মাণিকপুৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ (ETV Bharat Assam)

কটকটীয়া নিৰাপত্তাৰ মাজেৰে পৰীক্ষা

উল্লেখ্য যে জিলাখনৰ বিভিন্ন কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হয় পৰীক্ষা ৷ গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীক তন্ন তন্নকৈ পৰীক্ষা কৰি ভিতৰলৈ সোমাবলৈ দিয়া হয় । একেদৰে মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জ্ঞান চাকি উচ্চতৰ মাধ্যমিক বিদ্যালয়, কীৰ্ত্তনপাৰা আৰু চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ইংৰাজী পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে শিক্ষাৰ্থীসকলক তন্ন-তন্নকৈ পৰীক্ষা কৰাত কিছুসময়ৰ বাবে কেন্দ্ৰ সমূহৰ বাহিৰত ভিৰ হয় ।

পৰীক্ষা কেন্দ্ৰৰ দুয়োফালে ১০০ মিটাৰলৈকে নিষেধাজ্ঞা :

পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে । গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় মেট্ৰিক পৰীক্ষা কেন্দ্ৰত জিলাখনৰ কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ কেন্দ্ৰটোৰ দুয়োফালে ১০০ মিটাৰলৈকে খালি কৰি দিয়ে । পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰসমূহৰ চৌপাশে কটকটীয়া নিৰাপত্তা ব্য়ৱস্থা কৰা হৈছে ।

অভিভাৱকে সন্তানক এইদৰে আগুৱাই থৈ ভাল পায়:

এই পৰীক্ষা সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে সাংবাদিকৰ আগত কয়," হাইস্কুল শিক্ষান্ত পৰীক্ষা এই অঞ্চলটোৰ ৰাইজৰ বাবে আৱেগ। অভিভাৱকসকলে নিজৰ সন্তানক পৰীক্ষা কেন্দ্ৰলৈ আগুৱাই থবলৈ আহে । কেন্দ্ৰৰ গেটত সন্তানক থৈ গ'লেও পৰিৱেশত কোনো ব্য়াঘাত জন্মা নাই । পৰীক্ষাৰ প্ৰথম দিনা পিতৃ-মাতৃ তথা অভিভাৱকে সন্তানক এইদৰে আগুৱাই থৈ ভাল পায় । কীৰ্ত্তনপাৰা কেন্দ্ৰটোত নিৰাপত্তাৰক্ষীসকলে সুন্দৰভাৱে নিৰাপত্তা প্ৰদান কৰি আছে । ইয়াত সুন্দৰভাৱে ছাত্ৰ-ছাত্ৰীক প্ৰৱেশ কৰিবলৈ দিছে । কোনো ধৰণৰ সমস্য়াৰ সৃষ্টি হোৱা নাই । এই কীৰ্ত্তনপাৰা কেন্দ্ৰটোত যোৱাবাৰতকৈ এইবাৰ ফলাফল যথেষ্ট ভাল হ'ব বুলি আশা কৰা হৈছে ।"

লগতে পঢ়ক:শিক্ষা জীৱনৰ দিক নিৰ্ণয় কৰিবলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিল ৰাজ্যৰ ৪ লাখৰো অধিক শিক্ষাৰ্থী - HSLC EXAMINATION 2025

২১ জানুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা - HSLC EXAM 2025 SCHEDULE

Last Updated : Feb 15, 2025, 3:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.