নতুন দিল্লী : বহু প্ৰত্যাশিত আই চি চি চেম্পিয়নছ ট্ৰফীলৈ মাজত মাত্ৰ ৪ দিন বাকী । পাকিস্তানে আয়োজন কৰা এই মেগা প্ৰতিযোগিতাখন অহা ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব । অৱশ্যে ভাৰতীয় ক্ৰিকেট দলটোৱে হাইব্ৰিড পদ্ধতিত নিজৰ মেচসমূহ ডুবাইত খেলিব । তেনে ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলৰ বেট-বলৰ যাদু পাকিস্তানী অনুৰাগীসকলে তেওঁলোকৰ দেশত উপভোগ কৰিবলৈ নাপাব । কিন্তু তাৰ পূৰ্বে পাকিস্তানত এনে এক দৃশ্য পৰিলক্ষিত হৈছে, যিটোৱে প্ৰতিগৰাকী ভাৰতীয় অনুৰাগীক আচৰিত কৰি তুলিব ।
পাকিস্তানত 'কোহলী কোহলী' শ্লোগান
সম্প্ৰতি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ব্যাপক ৰূপত ভাইৰেল হৈ আছে । ভিডিঅ'টো পাকিস্তানৰ কৰাচী ষ্টেডিয়ামৰ বাহিৰৰ, য'ত শুকুৰবাৰে নিশা ত্ৰিদেশীয় শৃংখলাৰ অন্তিমখন মেচত পাকিস্তান ক্ৰিকেট দলটোৱে নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হয় । ভিডিঅ'টোত এগৰাকী অনুৰাগীক ষ্টেডিয়ামৰ বাহিৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি 'কোহলী কোহলী' শ্লোগান দিয়া দেখা গৈছে ।
সেই সময়তে তাত উপস্থিত থকা অনুৰাগীসকলে আৰচিবি আৰচিবি ধ্বনি দিয়াও দেখা গৈছে । তাৰ মাজতে বহু পাকিস্তানী অনুৰাগীয়ে বিৰাট কোহলীক তেওঁলোকৰ প্ৰিয় খেলুৱৈ বুলি প্ৰকাশ কৰাৰ বিপৰীতে দুই-এজনে বাবৰ আজমৰ নাম উল্লেখ কৰিছে । তেওঁলোকৰ মাজৰে কৰণ নামৰ এজন পাকিস্তানী অনুৰাগীয়ে কয় যে তেওঁ বিৰাট কোহলীৰ এজন ডাঙৰ অনুৰাগী ।
KOHLI KOHLI chants outside Karachi stadium after #PAKvNZ
— HARSH (@harsh_dean) February 14, 2025
game 🤯😍
A man even said Virat Kohli zindabad in Pakistan 😭😭
Truly face of world Cricket.#ViratKohli𓃵 pic.twitter.com/n7oCtMRqyc
পাকিস্তানত গুঞ্জৰিত হ'ল বিৰাট কোহলী জিন্দাবাদ ধ্বনি
কৰণ নামৰ এজন যুৱকে তাত চিঞৰি আছে 'বিৰাট কোহলী জিন্দাবাদ' । অনুৰাগীজনে কৈছে, "মোৰ নাম কৰণ আৰু মানুহে মোকো বিৰাট কোহলী বুলি কয় ।" ইয়াৰ লগতে তাত উপস্থিত থকা অনুৰাগীসকলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) বিৰাট কোহলীৰ দল আৰ চি বিলৈয়ো সমৰ্থন আগবঢ়োৱা দেখা যায় ।
Virat Kohli joins the party with his 73rd ODI FIFTY 💪💪
— BCCI (@BCCI) February 12, 2025
Live - https://t.co/S88KfhFzri… #INDvENG@IDFCFIRSTBank pic.twitter.com/R3OGjhDXnN
পাকিস্তানৰ কৰাচীৰ এই ভিডিঅ'টোত বিৰাট কোহলীৰ পাকিস্তানী অনুৰাগীসকলক অতি উৎসাহী দেখা গৈছে । অৱশ্যে এই অনুৰাগীসকলে পাকিস্তানত বিৰাট কোহলীৰ বেটৰ যাদু দেখিবলৈ নাপাব বুলি হতাশো হৈছে । কিয়নো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভণি কৰাৰ পৰা কোহলীয়ে কেতিয়াও পাকিস্তানত ক্ৰিকেট খেলা নাই । কিন্তু তাত তেওঁৰ যথেষ্ট সংখ্যক অনুৰাগী আছে ।
উল্লেখ্য যে ভাৰতে ২০ ফেব্ৰুৱাৰীত চেম্পিয়নছ ট্ৰফীত নিজৰ অভিযান আৰম্ভ কৰিব । গ্ৰুপৰ প্ৰথমখন মেচত টীম ইণ্ডিয়া বাংলাদেশৰ মুখামুখি হ'ব । ইয়াৰ পিছত ২৩ ফেব্ৰুৱাৰীত বহু প্ৰতীক্ষিত ভাৰত-পাকিস্তানৰ মেচ । আনহাতে, ২ মাৰ্চত ৰোহিত বাহিনীয়ে নিউজীলেণ্ডৰ বিৰুদ্ধে অন্তিম লীগ মেচত অংশগ্ৰহণ কৰিব ।