ETV Bharat / state

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা - HSLC EXAM 2025

৪ লক্ষাধিক পৰীক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ অনুষ্ঠিত হৈছে এই পৰীক্ষা । পূৰ্বৰ তুলনাত পৰীক্ষা কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে ।

HSLC Exam 2025
যোৰহাটৰ পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2025, 1:32 PM IST

যোৰহাট : শনিবাৰে পুৱা ৯ বজাৰ পৰাই আৰম্ভ হৈছে ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা । এইবাৰ ৰাজ্যত মুঠ ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । তাৰ ভিতৰত ১,৯০,৬৫৩ জন ছাত্ৰ আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্ৰী । ইফালে প্ৰথমবাৰলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনা কৰিছে । বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰীক্ষাৰ্থী সংখ্যা বৃদ্ধি পাইছে । ২০২৫ বৰ্ষত ৮,৭২০ গৰাকী পৰীক্ষাৰ্থী বৃদ্ধি পাইছে । সমান্তৰালকৈ পৰীক্ষা কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি কৰা হৈছে । মুঠ ৯৪৪ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা ।

প্ৰথম দিনা ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈছে । পুৱা ৯ বজাৰ লগে লগে পৰীক্ষা কেন্দ্ৰসমূহ শিক্ষাৰ্থী আৰু অভিভাৱকৰ ভিৰ দেখা গৈছে । ব্যতিক্ৰম নহয় যোৰহাট জিলা । জিলাখনৰো প্ৰতিটো কেন্দ্ৰতে পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে । নিজ নিজ সন্তানক লৈ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ভিৰ কৰিছে অভিভাৱক তথা পৰিয়ালৰ সদস্যসকলে । সকলোৱে পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছে । এগৰাকী অভিভাৱকে কয়,"পৰীক্ষাত অৱতীৰ্ণ সকলো শিক্ষাৰ্থীকে মই শুভেচ্ছা জনাইছো আৰু সকলোৰে উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছো ।"

যোৰহাটৰ পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা (ETV Bharat)

পৰীক্ষা কেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা

ইফালে প্ৰতিটো কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । পৰীক্ষা কেন্দ্ৰৰ বাহিৰত আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে । পৰীক্ষাৰ্থীৰ বাহিৰে যাতে আন লোক কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে । এগৰাকী অভিভাৱকে কয়,"আগতে অভিভাৱকে ভিতৰলৈ যাব পাৰে, এইবাৰ ভিতৰত যাব নোৱাৰে । অভিভাৱক সকলো বাহিৰতে আছে ।" লক্ষণীয়ভাৱে বাকী জিলাৰ লগতে যোৰহাটৰো পৰীক্ষাকেন্দ্ৰসমূহত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে ।

লগতে পঢ়ক :শিক্ষা জীৱনৰ দিক নিৰ্ণয় কৰিবলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিল ৰাজ্যৰ ৪ লাখৰো অধিক শিক্ষাৰ্থী - HSLC EXAMINATION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.