ETV Bharat / entertainment

মৰ্মিতা মিত্ৰই ধন দিয়াৰ ঘোষণা কৰাৰ পাছতে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনৰ সম্পাদকে ক’লে ভাবমূৰ্তি… - MARMITA MITRA RAJIB SADIYA

মৰ্মিতা মিত্ৰৰ ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ ধন দিয়াৰ ঘোষণা কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফাউণ্ডেশ্যনৰ সম্পাদকে ৷

Rajib Sadiya foundation reacts to the funds announcement by singer marmita mitra
প্ৰয়াত শিল্পী ৰাজীৱ শদিয়া-কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2025, 12:17 PM IST

তিনিচুকীয়া : বংগকন্যা মৰ্মিতা মিত্ৰই সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা সামাজিক মাধ্যমযোগে বিয়পি পৰাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনৰ সম্পাদক সুৰেন্দ্ৰ শদিয়াই ।

এই সন্দৰ্ভত ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনৰ সম্পাদক সুৰেন্দ্ৰ শদিয়াই কয়, “মৰ্মিতা মিত্ৰই ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনক যি ধন দিয়াৰ কথা ঘোষণা কৰিছে তাৰ বাবে এই পৰ্যন্ত ফাউণ্ডেশ্যনৰ সৈতে প্ৰত্যক্ষভাৱে কোনো যোগাযোগ কৰা নাই । তেওঁ যিখিনি ধন ঘোষণা কৰিছে সেই ধনখিনি ফাউণ্ডেশ্যনত জমা হ’লেহে গম পোৱা যাব ।”

সম্পাদক সুৰেন্দ্ৰ শদিয়াৰ ভাষ্য (ETV Bharat Assam)

সমান্তৰালকৈ ফাউণ্ডেশ্যনৰ সম্পাদক সুৰেন্দ্ৰ শদিয়াই ৰাজীৱ শদিয়াৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱা সকলো লোকলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ আৰ্থিক সাহায্য প্ৰদানৰ নামত যাতে কোনেও নিজৰ ভাৱমূৰ্তি বনাবলৈ যাতে চেষ্টা নকৰে তাৰ বাবে আহ্বান জনায় ৷

উল্লেখ্য যে, বংগকন্যা মৰ্মিতা মিত্ৰই সামাজিক মাধ্যমত চৰ্চা লাভ কৰি থকাৰ মাজতে মঙলবাৰে নিশা এক ফেচবুক পোষ্ট শ্বেয়াৰ কৰি প্ৰাক্তন আলফা জিতেন দত্তই কয়, “পশ্চিমবংগৰ জীয়ৰী মৰ্মিতা মিত্ৰ বৰ্তমান অসমৰ এটা চিনাকি নাম । জুবিন গাৰ্গৰ গীত গাই বৰ্তমান যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে । এই মৰ্মিতা আৰু তেখেতৰ স্বামী অমিতে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ 50,000 (পঞ্চাছ হাজাৰ) টকা আগবঢ়োৱাৰ কথা আমাক অলপ আগতে মৰ্মিতাৰ স্বামী অমিতে অৱগত কৰিছে আৰু লগতে ৰাজীৱৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কৈছে যে এদিন ৰাজীৱৰ ঘৰলৈ গৈ পৰিবাৰক লগ কৰিব । মৰ্মিতা আৰু তেখেতৰ স্বামীৰ এই মহানুভৱতাক আমি চেলুট দিছো । অহা 15 তাৰিখে মৰ্মিতা অসমলৈ আহিব আৰু 16 তাৰিখে গুৱাহাটীত আমাৰ হাতত ফাউণ্ডেশ্যন বাবে 50,000 টকাৰ চেক প্ৰদান কৰিব । মৰ্মিতাৰ দৰে আমাৰ অসমৰ শিল্পী সমাজেও যি পাৰে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ সাহাৰ্য আগবঢ়োৱাৰ চিন্তা কৰকচোন । ফাউণ্ডেশ্যনটোৰ জৰিয়তে ৰাজীৱৰ পৰিয়ালটোৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পৰা যাব । এইক্ষেত্ৰত এটা কথা কৈ থও যে ফাউণ্ডেশ্যনটোৰ কৰ্তৃত্ব ৰাজীৱৰ পৰিবাৰৰ হাতত থাকিব ।”

Rajib Sadiya foundation reacts to the funds announcement by singer marmita mitra
প্ৰাক্তন আলফা জিতেন দত্তৰ ফেচবুক পোষ্ট (Photo : Facebook)

সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ১২ জানুৱাৰীৰ নিশা তিনিচুকীয়া জিলাৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত মঞ্চৰ পৰা হঠাৎ অসুস্থ হৈ বাগৰি পৰিছিল ৷ মঞ্চত দুটা গীত পৰিৱেশন কৰাৰ পাছতে হঠাৎ মঞ্চৰ পৰা তললৈ বাগৰি পৰে তেওঁ ৷ পৰৱৰ্তী সময়ত ততাতৈয়াকৈ উদ্যোক্তা তথা সতীৰ্থসকলে ৰাজীৱ শদিয়াক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ গৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাল লৈ যায় ৷

কিন্তু দুৰ্ভাগ্য যে, ১৩ জানুৱাৰীত দিনৰ ভাগত জনতাৰ শিল্পীগৰাকী আঁতৰি গুচি যায় ৷ তেওঁৰ মৃত্যুৰ পাছতে শেষ যাত্ৰালৈ হাজাৰ হাজাৰ লোক ওলাই আহি ৰাজীৱ শদিয়া অমৰ হওক শ্ল’গানেৰে মুখৰিত কৰি তুলিছিল শদিয়াৰ আকাশ-বতাহ । পৰৱৰ্তী সময়ত ৯ ফেব্ৰুৱাৰীত লক্ষ লক্ষ জনতাৰ উপস্থিতিত ৰাজহুৱাভাৱে টুপচিঙা গাঁৱত ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হয় ।

লগতে পঢ়ক : মৰ্মিতাৰ সমমৰ্মিতা: ৰাজীৱ শদিয়াৰ পৰিয়াললৈ বংগকন্যাই মেলি দিলে সহায়ৰ দুহাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.