ETV Bharat / entertainment

শংকুৰাজ-দীপলিনা, প্ৰবীণ-নাহিদৰ কণ্ঠত প্ৰেমৰ গান, উপভোগ কৰক প্ৰেমাস্পদৰ সৈতে - ASSAMESE LOVE SONGS 2025

প্ৰেমৰ সপ্তাহটো ৰঙীন কৰি তুলিছে আপোনালোকৰ প্ৰিয় কণ্ঠশিল্পীসকলে ৷ নৱপ্ৰজন্মৰ কেবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে বিয়পাইছে ভালপোৱাৰ সুবাস ৷

from-shankuraj-konwar-to-deeplina-deka-enjoy-these-singers-new-releases-on-this-valentines-day
প্ৰেমৰ গান (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Feb 13, 2025, 3:32 PM IST

গুৱাহাটী : ফেব্ৰুৱাৰী মানেই ফিৰফিৰীয়া এজাক বতাহত ভালপোৱাৰ স্পৰ্শ ! যেনিয়ে চকু যায় যেন সেইফালেই প্ৰেমে হাতবাউল দি মাতে ! প্ৰিয়জনৰ বাবে অৱশ্যে মৰম সদায়ে প্ৰকাশ কৰা যায়, কিন্তু তাৰ মাজতে ফেব্ৰুৱাৰী মাহত ভেলেণ্টাইন সপ্তাহ হিচাপে উদযাপন কৰা সাতটা বিশেষ দিনেৰে হয়তো আজীৱন প্ৰেম-ভালপোৱাৰে জীয়াই থাকিবলৈ মানুহক উৎসাহ যোগোৱা হয় ৷

৭ ফেব্ৰুৱাৰী পৰা ১৪ ফেব্ৰুৱাৰীলৈ উদযাপন কৰা হয় ‘‘প্ৰেমৰ সপ্তাহ ।’’ ৭ ফেব্ৰুৱাৰী পৰা ১৪ ফেব্ৰুৱাৰীলৈ উদযাপন কৰা প্ৰতিটো দিনৰে আছে সুকীয়া বৈশিষ্ট্য । প্ৰতিটো দিনেই প্ৰেমাস্পদে ভিন্ন ধৰণে উদযাপন কৰিবলৈ আছে চকলেট ডে’, কিছ ডে’, হাগ ডে’ ইত্যাদি ৷

প্ৰেম নিবেদনৰ মাধ্যম সকলোৰে বাবে ভিন্ন । কোনোবাই হয়তো চিঠি দি ভালপোৱা প্ৰকাশ কৰে, কোনোবাই আকৌ উপহাৰেৰে । পিছে তাৰকাসকলে অনুৰাগীসকললৈ প্ৰেম নিবেদনৰ মাধ্যম হিচাপে বাছি লয় নিজৰ মঞ্চখনকে ৷ কণ্ঠশিল্পীসকলে প্ৰেমৰ দিৱসত প্ৰায়ে একো একোটা নতুন গান মুক্তি দিয়া দেখা যায় ৷ এই বছৰ প্ৰেমৰ সপ্তাহত নৱপ্ৰজন্মৰ কেইগৰাকীমান জনপ্ৰিয় কণ্ঠশিল্পীয়ে আগবঢ়ালে কেবাটাও শ্ৰুতিমধুৰ গান ।

মুক্তি পালে শংকুৰাজ কোঁৱৰৰ ‘আনমনা’

বিৰহ নাথাকিলে প্ৰেম সাৰ্থক নহয় বুলি বহু সময়ত বহু লোকে মন্তব্য কৰে । ‘প্ৰাপ্তিৰো থাকে সমাপ্তি, সকলো সুকলমে চলি যায়, কিছুমান সৰু সৰু ভুলেই হৈ যায় বিচ্ছেদৰ কাৰণ, হৈ পৰে সকলো স্মৃতি…’- এনে কিছু কথাৰে প্ৰাপ্তি, বিচ্ছেদক লৈয়ে প্ৰেম সপ্তাহৰ আৰম্ভণি দিনটোতে মুক্তি লাভ কৰে শংকুৰাজ কোঁৱৰৰ কণ্ঠত নতুন গীত ‘আনমনা’ ।

টি আৰ পি প্ৰডাকশ্যন আৰু আৰ এম এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মিত এই নতুন গীতটিৰ কথা পংকজ শইকীয়াৰ । আনহাতে সংগীত ব্যৱস্থাপনা কৰিছে হোমেন বৰা, শ্যামল ভূঞা আৰু প্ৰদ্যুত বৰুৱাই । আৱহ কণ্ঠ স্তুতি শৰ্মাৰ আৰু গীতটোৰ শব্দ সংমিশ্ৰণ কৰিছে ঋত্বিক ৰাজ পাঠকে ।

বাদ্যযন্ত্ৰত আছে হোমেন বৰা, প্ৰীতম বৰপাত্ৰ গোঁহাই আৰু ভাস্কৰ কলিতা ৷ গীতটিৰ ভিডিঅ’ পৰিচালনা সোণমণি গোৱালাৰ । গীতটিত অভিনয় কৰিছে নীল তামূলী আৰু কাজল বৰাই । গীতটিৰ প্ৰযোজনা ইন্দুকল্প ভৰালীৰ, গ্ৰাফিক্স অনুভৱ দত্তৰ আৰু ভি এফ এক্স কৰিছে দীপাংকৰ চহৰীয়াই ৷ সম্পাদনা মানস কাশ্যপৰ ৷ বৈদুৰ্য্য সেনাপতি আৰু জিতুল বৰুৱাই কৰিছে গীতটিৰ দৃশ্যগ্ৰহণ ৷

নাহিদ আফ্ৰিন আৰু প্ৰবীণ বৰাৰ কণ্ঠত ‘ইতি, তোমাৰ মৰমৰ’

ভেলেণ্টাইন সপ্তাহৰ মাজতে মুক্তিলাভ কৰিলে নাহিদ আফ্ৰিন আৰু প্ৰবীণ বৰাৰ কণ্ঠৰে নতুন অসমীয়া গীত ‘ইতি, তোমাৰ মৰমৰ’ । গীতৰ কথা পাপলু চেতিয়াৰ । গীতটো শুনিবলৈ যথেষ্ট শ্ৰুতিমধুৰ ৷ ভালপোৱাবোৰ ব্যক্ত কৰিবলৈ যেন এই গীতটোৱেই যথেষ্ট । গীতটিৰ সুৰ কৰিছে অংশুৰাজ কাশ্যপে, সংগীত অনুপম কোঁৱৰৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে ইবচন লাল বৰুৱাই । Studio Kauzzy ত ৰেকৰ্ড কৰা এই গীতটিয়ে মুক্তিৰ পাছতে এতিয়া শ্ৰোতাৰ যথেষ্ট সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে ।

দীপলিনা ডেকা আৰু সমীৰ শেখৰৰ কণ্ঠত আহি আছে ‘তোমাক বহুত ভালপাঁও’

ভেলেণ্টাইন ডে’ স্পেচিয়েল হিচাপে দীপলিনা ডেকা আৰু সমীৰ শেখৰৰ কণ্ঠত আহি আছে ‘তোমাক বহুত ভালপাওঁ’ । Buddies Production ৰ বেনাৰত নিৰ্মাণ কৰা এই গীতটিয়ে আপোনাক লৈ যাব ৭০ দশকলৈ । ৭০ দশকৰ প্ৰেমনো কেনে আছিল তাৰ সোৱাদ দিব এই গীতটিয়ে । ১৩ ফেব্ৰুৱাৰীত মুক্তিলাভ কৰিবলগীয়া এই গীতটিত অভিনয় কৰিছে ৰব্বানী ছৈয়াম আৰু মধুস্মিতা দিহিঙীয়াই । দৃশ্যগ্ৰহণ আৰু সম্পাদনা অমল ৰয়ৰ ।

লগতে পঢ়ক : ড৹ সংগীতা কাকতিৰ কণ্ঠত দুটি আদিবাসী ঝুমুৰ গীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.