ETV Bharat / sports

ৰাজস্থান ৰ'য়েলছ বনাম কলকাতা নাইট ৰাইৰ্ডাছৰ খেলৰ টিকট মুকলি - IPL 2025

অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত অসম ক্ৰিকেট সন্থা আৰু ৰাজস্থান ৰ'য়েলছৰ যৌথ সংবাদমেল । মুকলি ৰাজস্থান ৰ'য়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ খেলৰ টিকট ।

Rajasthan Royals vs Kolkata Knight Riders match tickets released
ৰাজস্থান ৰ'য়েলছ বনাম কলকাতা নাইট ৰাইৰ্ডাছৰ খেলৰ টিকট মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2025, 10:50 PM IST

গুৱাহাটী: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰ'য়েলছে ১৮ সংখ্যক আই পি এলৰ সংস্কৰণৰ বাবে পুনৰ টঙালি বান্ধিছে । সঞ্জু ছেমছনৰ নেতৃত্বত ৰাজস্থান ৰ'য়েলছে ২৬ মাৰ্চত গুৱাহাটীৰ প্ৰথম মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে ৩০ মাৰ্চত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছৰ । যাৰ বাবে ইতিমধ্যে ঘৰুৱা দলটোৱে ইতিমধ্যে বাঁহৰ পাতিছে গুৱাহাটীত ।

বিগত মঙলবাৰৰ পৰাই ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত নিজৰ অনুশীলন আৰম্ভ কৰিছে । পুৱা দহ বজাৰ পৰা তিনি বজালৈ আৰু নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ দলটোৰ খেলুৱৈসকলে অনুশীলন কৰে । প্ৰথমদিনাৰ পৰা অনুশীলনত অংশ লয় অসম সন্তান ৰিয়ান পৰাগ, নীতিশ ৰাণা, ধ্ৰুৱ জুৰেল, বৈভৱ সূৰ্যবংশী, অশোক শৰ্মা, আকাশ মাধৱাল আৰু সন্দীপ শৰ্মাই ।

ৰাজস্থান ৰ'য়েলছ বনাম কলকাতা নাইট ৰাইৰ্ডাছৰ খেলৰ টিকট মুকলি (ETV Bharat Assam)

দলৰ অনুশীলনত উপস্থিত থাকে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু স্পীন বলিং প্ৰশিক্ষক ছৈৰাজ বহুতুলে । ২২ ফেব্ৰুৱাৰীলৈ এই বিশেষ শিবিৰ অনুষ্ঠিত হ’ব । গুৱাহাটীৰ দুয়োখন মেচেই নিশাৰভাগত অনুষ্ঠিত হ’ব । ২৬ মাৰ্চ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইৰ্ডাছৰ খেলখনৰ টিকট ইতিমধ্যে বৃহস্পতিবাৰে বিয়লি ৪ বজাৰ পৰা মুকলি কৰি দিয়া হৈছে ।

শিক্ষাৰ্থীসকলৰ বাবে টিকটৰ ক্ষেত্ৰত বিশেষ সুবিধা কৰিছে ৰাজস্থান ৰয়েলছে । শিক্ষাৰ্থীসকলৰ বাবে ৫০০ টকাত উপলব্ধ কৰা হৈছে টিকট । লগতে অহা সপ্তাহত চেন্নাই চুপাৰ কিংছৰ লগত অনুস্থিত হ'ব লগা মেছৰ টিকট মুকলি কৰিব Book my show ত । বৃহস্পতিবাৰে গুৱাহাটীস্থিত অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত অসম ক্ৰিকেট সন্থা আৰু ৰাজস্থান ৰ'য়েলছে যৌথভাৱে অনুষ্ঠিত কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে ৰাজস্থান ৰ'য়েলছ দলৰ চি ই অ’ জেক লুছে ।

ইফালে সংবাদ মেলত ৰাজস্থান ৰ'য়েলছৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে অসম ক্ৰিকেট সংস্থাক প্ৰসংশা কৰা দেখা যায় । তেওঁ কয়,“ইয়ালৈ আহি ভাল লাগিছে । গুৱাহাটীলৈ আহি ভাল লাগিছে । ইয়াৰ আগতো মই ইয়ালৈ আহিছোঁ । অসম ক্ৰিকেট সংস্থাক ধন্যবাদ, ইয়াৰে ব্যৱস্থা বহুত ভাল । মই ৭-৮ বছৰ ধৰি ভাৰতীয় দলৰ লগত আছোঁ । ৰাজস্থান লৈ ঘূৰি আহোঁতে ঘৰলৈ ঘূৰি অহা যেন লাগিছে । দলটোৰ সৈতে বহুত ভাল লাগিছে । ৰিয়ান যুৱ খেলুৱৈ । ৰিয়ানৰ বাবে সমৰ্থন থাকিব । যোৱা বৰ্ষত ৰিয়ান কেৱল অসম দলৰ খেলুৱৈ হিচাপে IPL খেলিছিল । এইবাৰ ভাৰতীয় দলৰ ক্ৰিকেটাৰ হিচাপে খেলিব ।”

ইফালে অসমৰ ক্ৰিকেটপ্ৰেমীক এইবাৰ ষ্টেডিয়ামত খেলুৱৈৰ অনুশীলন উপভোগ কৰাৰ সুযোগ দিব বুলি সংবাদমেলত জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে । তেওঁ কয় ২১ ফেব্ৰুৱাৰীত বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ হ’বলগা ৰাজস্থান ৰয়েলছৰ অনুশীলন গেলেৰীত বহি ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব । প্ৰথমবাৰৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমীয়ে এইদৰে এ চি এ ষ্টেডিয়ামত কোনো দলৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰাৰ সুযোগ পাইছে ।

ইয়াৰ বাবে কোনো টিকটৰো প্ৰয়োজন নাই । উল্লেখ্য যে সংবাদ মেলত ৰাজস্থান ৰ'য়েলছ দলৰ চি ই অ’ জেক লুছ, ৰাজস্থান ৰ'য়েলছৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ উপৰিও সম্পাদক ত্ৰিদিৱ কোঁ‌ৱৰ উপস্থিত থাকে ।

লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফীত আজি ভাৰত বনাম বাংলাদেশ, খেলৰ পূৰ্বে থোৰতে জানি লওক এইখিনি কথা - IND VS BAN MATCH PREVIEW

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়সূচী ঘোষণা - IPL 2025 SCHEDULE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.